নগাঁও, 18 মে’: নগাঁও জিলাৰ পুৰণিগুদাম-চলচলিৰ ৰঙীয়া গাঁৱৰ বসন্ত শইকীয়া নামৰ এজন মীন পালকে বিগত 20 বছৰ ধৰি প্ৰায় 7 বিঘা মাটিত থকা এটা বৃহৎ ফিছাৰীত মীন পালন কৰি আহিছে ৷ কিন্তু লক ডাউনৰ ফলত মীন পালক বসন্ত শইকীয়াই লোকচানৰ সন্মুখীন হৈছে বুলি জানিবলৈ দিয়ে ।
বহাগ বিহুৰ উৰুকাৰ দিনাও তেওঁৰ ফিচাৰীটোত মাছ মাৰিব নোৱাৰাৰ বাবে মাছৰ পৰিমাণ বৃদ্ধি হোৱাত এতিয়া পানীতে ওপঙি মৰিবলৈ ধৰিছে মাছবোৰ । তদুপৰি পূৰ্বে নোহোৱা কোনো ৰোগৰ সংক্ৰামণ হোৱাৰ সন্দেহত কেইবাবিধো ঔষধ প্ৰয়োগ কৰিও একো সুফল পোৱা নাই বুলি জনাইছে মীন পালকজনে। উপায়হীন হৈ তেওঁ ফিচাৰীৰ ডাঙৰ-ডাঙৰ মৰা মাছসমূহ নিজে তুলি আনি পুখুৰীটোৰ পাৰত কাউৰী-চিলনীয়ে ভক্ষণ কৰিব পৰাকৈ পেলাই দিছে ।
ইফালে মীন পালন কৰিয়েই নিজৰ পৰিয়ালটি পোহপাল দিয়া বসন্ত শইকীয়াই বিত্তীয় প্ৰতিষ্ঠানৰ পৰা প্ৰায় 2 লাখ টকা ঋণ লৈছিল যদিও তেওঁৰ ব্যৱসায়ত কোনো লাভ নোহোৱাত কিদৰে ঋণ পৰিশোধ কৰিব তাক লৈ তেওঁ ঘোৰ চিন্তাত পৰিছে বুলি শংকা প্ৰকাশ কৰে মীন পালকজনে । গতিকে সংশ্লিষ্ট বিভাগে তেওঁৰ দুৰ্দশাত দৃষ্টিগোচৰ কৰি শীঘ্ৰে নিশ্চিত বিপদৰ পৰা ৰক্ষা কৰিবলৈও আহ্বান জনায় মীন পালক বসন্ত শইকীয়াই ।
লগতে পঢ়ক: হাজোত জব্দ বৃহৎ পৰিমাণৰ গুটখা