ETV Bharat / state

চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিত্তীয় কেলেংকাৰী

author img

By

Published : Sep 3, 2022, 1:58 PM IST

চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ব্যাপক বিত্তীয় কেলেংকাৰী (Financial misappropriation in Samaguri)। কেলেংকাৰীত জড়িত বিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ । আৰক্ষী আৰু শিক্ষা বিভাগে দুৰ্নীতিগ্ৰস্ত প্ৰধান শিক্ষকৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ।

Nagaon
চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিত্তীয় কেলেংকাৰী

চামগুৰি,৩ ছেপ্টেম্বৰ : ৰাজ্যত পুনৰ শিক্ষক সমাজক লজ্জানক কৰিলে এগৰাকী প্ৰধান শিক্ষকে । এইবাৰ বিত্তীয় কেলেংকাৰীত লিপ্ত হ'ল নগাঁও জিলাৰ এগৰাকী প্ৰাক্তন প্ৰধান শিক্ষক (Ex headmaster involved in financial scandal)। চামগুৰিত এই ঘটনাক লৈ চৰ্চা অব্যাহত আছে । চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষৰ বিৰুদ্ধে উঠিছে বৃহৎ বিত্তীয় খেলিমেলিৰ অভিযোগ ।

বিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ গোলাপ চন্দ্ৰ বৰাই নিজৰ কাৰ্যকালত প্ৰায় ৪ লাখ ৬৪ হাজাৰ ৪২৮ টকা অপপ্ৰয়োগ কৰাৰ অভিযোগ উত্থাপন কৰিছে বিদ্যালয় পৰিচালনা কমিতিৰ লগতে বৰ্তমানৰ ভাৰপ্ৰাপ্ত অধ্যক্ষগৰাকীয়ে । প্ৰাক্তন অধ্যক্ষ গোলাপ চন্দ্ৰ বৰাৰ কাৰ্যকালত বিভিন্ন শিতানত লেনদেন হোৱা পুঁজি সন্দৰ্ভত চৰকাৰী হিচাপ পৰীক্ষকে দাখিল কৰা প্ৰতিবেদনৰ পিছতেই পোহৰলৈ আহে বৰাৰ এই সমগ্ৰ দুৰ্নীতিৰ কথা (Financial misappropriation in School)। কিন্তু এই কথা গম পোৱাৰ পাছতো নিমাত নগাঁও জিলা শিক্ষা বিভাগ । শিক্ষা বিভাগৰ নিৰ্লিপ্ততাৰ বিৰুদ্ধে এতিয়া জিলাখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

আনকি অভিযুক্ত প্ৰাক্তন অধ্যক্ষগৰাকীক বহুবাৰ বিষয়টো অৱগত কৰাৰ পাছতো আজি পৰ্যন্ত অনাদায় হৈয়ে ৰ'ল বিদ্যালয়খনক ঘূৰাই দিবলগীয়া বৃহৎ পৰিমাণৰ ধনৰাশি । বিদ্যালয়খনে পাবলগীয়া ৪ লক্ষাধিক টকা গোলাপ চন্দ্ৰ বৰাই ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো আজিলৈ ঘূৰাই নিদিয়াত উপায়ন্তৰ হৈ বৰ্তমানৰ অধ্যক্ষ প্ৰণৱজ্যোতি গোস্বামীয়ে চামগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে (Financial scam at Samaguri HS School)।

তেওঁ এজাহাৰৰ ভিত্তিত ৪০৯ ধাৰাৰ অধীনত ১৭৮/২১ নম্বৰত এটা গোচৰো ৰুজু কৰিছে আৰক্ষীয়ে । লক্ষণীয়ভাৱে যোৱা বছৰৰ মে' মাহতে ৰুজু হৈছিল গোচৰটো । কিন্তু গোচৰৰ তদন্ত প্ৰক্ৰিয়াও সম্প্ৰতি স্থবিৰ হৈ পৰাত আচৰিত হৈছে বৰ্তমানৰ অধ্যক্ষগৰাকীৰ লগতে বিদ্যালয় পৰিচালনা কমিতি ।

ইফালে এই সকলোবোৰ জানিও বিগত সময়চোৱাত নগাঁও জিলাৰ তিনিজনকৈ উচ্চপদস্থ শিক্ষা বিষয়াই ব্যৱস্থা ল'ব পৰা নাই অভিযুক্ত গোলাপ চন্দ্ৰ বৰাৰ বিৰুদ্ধে । যাৰ বাবে ক্ষোভিত হৈ পৰিছে বিদ্যালয় পৰিচালনা কমিতি । কমিতিয়ে শিক্ষা বিভাগ আৰু শিক্ষা মন্ত্ৰীক আহ্বান জনাইছে যাতে দুৰ্নীতিগ্ৰস্ত প্ৰাক্তন অধ্যক্ষগৰাকীৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰে, লগতে ধনৰাশি বিদ্যালয়লৈ ঘূৰাই অনাত যাতে সহযোগ কৰে । ইফালে সমগ্ৰ বিত্তীয় কেলেংকাৰীৰ বিৰুদ্ধে তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰিবলৈ চামগুৰি আৰক্ষীক দাবী জনায় বিদ্যালয় কৰ্তৃপক্ষই ।

লগতে পঢ়ক:Jonai mob lynching case: জোনাই গণহত্যা কাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত তিনিজনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.