ETV Bharat / state

প্ৰথমবাৰৰ বাবে ৰাইজৰ পৰামৰ্শৰে বাজেট দাখিলৰ প্ৰস্তুতি মন্ত্ৰী অজন্তা নেওগৰ - ডঃ হিমন্ত বিশ্ব শৰ্মা

অসমত প্ৰথমবাৰৰ বাবে ৰাইজৰ পৰামৰ্শৰে বাজেট দাখিল কৰিব অজন্তা নেওগে । সমাজৰ বিভিন্ন স্তৰৰ লোকক সাক্ষাৎ কৰি পৰামৰ্শ গ্ৰহণ কৰিব নোৱাৰাৰ বাবে ই মেইল আৰু whatsapp ৰ জৰিয়তে বাজেট সন্দৰ্ভত পৰামৰ্শ গ্ৰহণ কৰিব বিত্তমন্ত্ৰী অজন্তা নেওগে । ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ প্ৰথমখন বাজেট সকলো প্ৰকাৰৰ লোকক উপকৃত কৰিব পৰাকৈ প্ৰস্তুত কৰাৰ বাবেই এই প্ৰচেষ্টা বিত্তমন্ত্ৰী অজন্তা নেওগৰ ৷

finance-minister-of-assam-will-take-public-guidance-before-her-first-financial-budget
প্ৰথমবাৰৰ বাবে ৰাইজৰ পৰামৰ্শৰে বাজেট দাখিলৰ প্ৰস্তুতি মন্ত্ৰী অজন্তা নেওগৰ
author img

By

Published : Jun 27, 2021, 10:44 PM IST

নগাঁও, 27 জুন : ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাতে(DR.Himanta Bishwa Sarma lead government)ই পোন প্ৰথমবাৰৰ বাবে বিত্ত বিভাগৰ দায়িত্ব লাভ কৰিছে এগৰাকী মহিলাই । পূৰ্বতে কংগ্ৰেছ চৰকাৰৰ দিনতো এগৰাকী দক্ষ মন্ত্ৰী হিচাপে পৰিচিত বৰ্তমানৰ বিত্ত মন্ত্ৰী অজন্তা নেওগে(finance minister of assam Ajanta Neog) কিছু ব্যতিক্ৰমী পৰিকল্পনাৰে প্ৰথমখন বাজেট দাখিলৰ বাবে প্ৰস্তুতি চলাইছে । অসমত প্ৰথমবাৰৰ বাবে এইবেলি ৰাইজৰ পৰামৰ্শৰে বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নেওগে ।

প্ৰথমবাৰৰ বাবে ৰাইজৰ পৰামৰ্শৰে বাজেট দাখিলৰ প্ৰস্তুতি মন্ত্ৰী অজন্তা নেওগৰ

ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ প্ৰথমখন বাজেট সকলো প্ৰকাৰৰ লোকক উপকৃত কৰিব পৰাকৈ প্ৰস্তুত কৰাৰ চেষ্টা কৰাৰ বাবেই এইবাৰ ৰাইজৰ পৰামৰ্শ গ্ৰহণ কৰি বাজেট দাখিলৰ প্ৰস্তুতি চলাইছে বুলি জানিব দিছে ৰাজ্যৰ বিত্ত মন্ত্ৰীগৰাকীয়ে । বিশেষকৈ যুৱ প্ৰজন্মক আত্মনির্ভৰশীল কৰাৰ ক্ষেত্ৰত উদগনি প্ৰদানৰ দিশটোৱে বিশেষ গুৰুত্ব লাভ কৰিব ২০২১-২২ বৰ্ষৰ বাবে প্ৰস্তুত কৰিবলগীয়া বাজেটখনত । ক’ভিড সৃষ্ট পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি সমাজৰ বিভিন্ন স্তৰৰ লোকক সাক্ষাৎ কৰি পৰামৰ্শ গ্ৰহণ কৰিব নোৱাৰাৰ বাবে ই-মেইল আৰু whatsapp ৰ জৰিয়তে বাজেট সন্দৰ্ভত পৰামৰ্শ গ্ৰহণ কৰিব বিত্ত মন্ত্ৰী অজন্তা নেওগে ৷

৩ জুলাই পৰ্যন্ত ই-মেইল assambudgetsuggestions@gmail.com আৰু ৭৬৩৬৮-৭৯০১৯ নম্বৰত whatsapp ৰ জৰিয়তে বাজেট সন্দৰ্ভত পৰামৰ্শ দিবলৈ আহ্বান জনাইছে মন্ত্ৰীগৰাকীয়ে । অসমত প্ৰথমবাৰৰ বাবে ৰাইজৰ পৰামৰ্শৰে বাজেট দাখিলৰ এনে ব্যৱস্থা কৰাত মন্ত্ৰী অজন্তা নেওগৰ শলাগ লৈছে বিভিন্নজনে । বিত্ত মন্ত্ৰী গৰাকীয়ে এইবেলি কেনে ধৰণৰ বাজেট প্ৰস্তুত কৰে সেয়া লক্ষণীয় হ’ব ৷

লগতে পঢ়ক : বেদখলমুক্ত হ'ল বন বিভাগৰ ৩,৪০০ হেক্টৰ ভূমি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.