ETV Bharat / state

বিদ্যুৎ বিভাগৰ বিৰুদ্ধে এদল মহিলাৰ ৰুদ্ৰমূৰ্তি ৰূপ ধাৰণ

author img

By

Published : Nov 12, 2020, 8:46 PM IST

কলিয়াবৰৰ 2 নং হাতীয়ে খোৱা গাঁৱত 22 দিন ধৰি বিকল হৈ থকা ট্ৰেঞ্চফাৰ্মাৰ পুনঃসংস্থাপনক লৈ বৈদ‍্যুতিক উপ-সংমণ্ডলৰ কাৰ্যালয়ত প্ৰতিবাদ এদল মহিলাৰ ৷ কাৰ্যালয়টোৰ কৰ্মচাৰীসকলে গাঁওবাসীক দুৰ্ব‍্যৱহাৰ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন মহিলাৰ দলটোৰ ৷

fierce women in kaliabor
বিদ্যুৎ বিভাগৰ বিৰুদ্ধে এদল মহিলাৰ ৰুদ্ৰমূৰ্তি ৰূপ ধাৰণ

কলিয়াবৰ,12 নৱেম্বৰ : বৃহস্পতিবাৰে অসম শক্তি বিতৰণ নিগমৰ কলিয়াবৰৰ বৈদ‍্যুতিক উপ-সংমণ্ডলৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি ৷ দীৰ্ঘদিন ধৰি কলিয়াবৰৰ এটা অঞ্চল আন্ধাৰত ডুব গৈ থাকিবলগীয়া হোৱা বাবে কাৰ্যালয় ঘেৰাও কৰে এটা মহিলাৰ দলে ৷

জানিব পৰা মতে, কলিয়াবৰৰ 2 নং হাতীয়ে খোৱা গাঁৱত 22 দিন ধৰি বিকল হৈ আছে ট্ৰেঞ্চফাৰ্মা । বিকল হোৱা ট্ৰেঞ্চফাৰ্মাটোৰ পৰিৱৰ্তে নতুন ট্ৰেঞ্চফাৰ্মাৰ সংস্থাপন কৰি গাঁওখনত বিদ্যুৎ যোগানৰ ব্যৱস্থা কৰি দিবৰ বাবে অনুৰোধ জনোৱাৰ পাচতো গা লৰা নাই বিদ‍্যুৎ বিভাগৰ ৷

ইয়াৰ বিৰুদ্ধে কুঁৱৰীটোলস্থিত কলিয়াবৰ বৈদ্যুতিক উপ-সংমণ্ডলৰ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰে মহিলাৰ দলটোৱে । আনহাতে,সময়ে সময়ে কাৰ্যালয়টোৰ কৰ্মচাৰীসকলে গাঁওবাসীক দুৰ্ব‍্যৱহাৰ কৰাৰো গুৰুতৰ অভিযোগ তুলিছে প্ৰতিবাদী মহিলাৰ দলটোৱে ৷

লগতে পঢ়ক : বিটিচিত উৰিব বিজেপিৰ বিজয়ধ্বজা: ৰঞ্জিত দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.