ETV Bharat / state

কৃষি বিভাগে যোগান ধৰা কঠীয়া ৰুই বিপদত পৰিছে কৃষক

author img

By

Published : Sep 8, 2021, 7:03 PM IST

ৰাজ্যৰ বিয়াগোম কৃষি বিভাগৰ বাহাদুৰৰ বাহাদুৰী । কৃষি বিভাগে যোগান ধৰা কঠীয়া ৰুই বিপদত ধিঙৰ কৃষক । কঠীয়া ৰোপনৰ মাত্ৰ ১২ দিনতে ওলাল ধানৰ থোক । পথাৰৰ অৱস্থা দেখি হতভম্ব কৃষক ।

কৃষি বিভাগে যোগান ধৰা কঠীয়া ৰুই বিপদত পৰিছে কৃষক
কৃষি বিভাগে যোগান ধৰা কঠীয়া ৰুই বিপদত পৰিছে কৃষক

চামগুৰি, 8 ছেপ্তেম্বৰ : অসম চৰকাৰৰ অন্যতম এটা বিয়াগোম বিভাগ হৈছে কৃষি বিভাগ । বিভিন্ন সময়ত এই কৃষি বিভাগে কৃষক ৰাইজৰ সুবিধাৰ বাবে ৰূপায়ন কৰি আহিছে বহু অভিলাষী আচঁনি । কেতিয়াবা যদি এই সমূহ আচঁনিয়ে কৃষকৰ মুখত হাঁহি বিৰিঙাইছে, আন কেতিয়াবা আকৌ অন্ধকাৰ নমাই আনিছে মুৰৰ ঘাম মাটিত পেলাই খেতি কৰা কৃষকৰ জীৱনলৈ ।

এইবাৰ কৃষি বিভাগৰ সহায় লৈ বিপদত পৰিছে ধিঙৰ একাংশ খেতিয়ক । ঘটনা অনুসৰি অসম চৰকাৰৰ কৃষি বিভাগে যোগান ধৰা বাহাদুৰ ধানৰ কঠীয়া ৰোপন কৰি এতিয়া মূৰে কপালে হাত দিব লগীয়া হৈছে কৃষকে ৷ কিয়নো বাহাদুৰ ধানৰ ভূঁই ৰোৱাৰ মাত্ৰ ১২ দিনতে ওলাল ধানৰ থোক ।

লগতে পঢ়কঃ পাটবাউসী সত্ৰত গুৰুজনাৰ 453 সংখ্যক তিৰোভাৱ তিথি পালন

উল্লেখযোগ্য যে, সাধাৰণতে এজোপা ধানগছত গেৰ ধৰে ডেৰ মাহৰ পৰা দুমাহৰ পিছত কিন্তু তাৰ ব্যতিক্ৰম চৰকাৰে যোগান ধৰা কঠীয়া । যাকলৈ এতিয়া বিপাঙত পৰিছে দুৰ্ভগীয়া কৃষকসকল ।‌ আনহাতে, প্ৰতিটো ধানৰ থোকত লাগিছে মাত্ৰ চাৰি-পাঁচটাকৈ ধান ৷ এইদৰে বিপদত পেলোৱা ৰাজ্যৰ বিয়াগোম কৃষি বিভাগে এতিয়া কি উত্তৰ দিব দুৰ্ভগীয়া কৃষক সকলক ৷ কোনে ক্ষতিপূৰণ দিব এইসকল কৃষকক ৷

এবাৰলৈও কৃষকৰ খবৰ নোলোৱা শীত তাপ নিয়ন্ত্ৰিত কোঠাত বহি দায়িত্ব পালন কৰা কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীৰ খবৰ লোৱাৰ বাবে আহৰি ওলাবনে তাক লৈও এতিয়া প্ৰশ্ন উত্থাপন কৰিছে দুৰ্ভগীয়া কৃষক সকলে ৷

লগতে পঢ়কঃ ভূপেনদাক চৰকাৰৰ অসন্মান; গোহালিঘৰত পৰিণত ভূপেন হাজৰিকা স্মৃতি মঞ্চ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.