ETV Bharat / state

বৰষুণৰ অভাৱত হাহাকাৰ ৰাজ্যৰ কৃষকৰ

author img

By

Published : Aug 30, 2022, 4:54 PM IST

সম্প্ৰতি খৰাং বতৰৰ বাবে ৰাজ্যৰ কৃষকসকল চিন্তাত পৰিছে । কষ্টৰে কৰা ধানৰ খেতিত এতিয়া ছিৰাল ফাট মেলিছে (Draught condition in Assam)। জলসিঞ্চন বিভাগৰ বহু আঁচনি বিকল হৈ আছে । নগাঁৱত সেয়ে বৰুণ দেৱতাৰ কৃপা বিচাৰি ৰাইজে কৰিলে নাম-প্ৰসংগ ।

Nagaon
বৰষুণৰ অভাৱত হাহাকাৰ ৰাজ্যৰ কৃষকৰ

নগাঁও,৩০ আগষ্ট : বছৰত দুটাকৈ ভয়ংকৰ বানে জুৰুলা কৰা কৃষকসকল এইবাৰ আন এক সংকটত পৰিছে (Assam farmers crisis)। পানীৰ বাবে খেতি কৰাত পলম হোৱাৰ পাছত এইবাৰ কৃষকৰ পথাৰত নাই পানী । যাৰ বাবে শালিধানৰ পথাৰত ঠায়ে ঠায়ে মেলিছে ছিৰাল ফাট‌ (Draught condition in Assam)। সেয়ে বৰুণ দেৱতাৰ কৃপা বিচাৰি পথাৰত কৃষক ৰাইজে আৰম্ভ কৰিছে নাম-কীৰ্তন ।

বৰষুণৰ অভাৱত হাহাকাৰ ৰাজ্যৰ কৃষকৰ

বিভাগীয় আঁচনি থকাৰ পাছতো বছৰ বছৰ ধৰি কৃষকৰ পথাৰত পানী যোগানত চূড়ান্ত ব্যৰ্থ জলসিঞ্চন বিভাগ । কৃষকৰ বাবে চৰকাৰে নানা আঁচনি ঘোষণাৰে চমক সৃষ্টি কৰাৰ সময়তে পানীৰ অভাৱত এতিয়া হাহাকাৰ কৰিবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজ্যৰ কৃষকসকল (Water crisis in paddy field)।

উল্লেখ্য যে বৰ্তমান সময়তো বৰষুণৰ ওপৰতে একমাত্ৰ ভৰসা কৰিবলগীয়া হৈছে ৰাজ্যৰ কৃষকসকলে । এফালে বৰষুণৰ অভাৱ আনফালে প্ৰচণ্ড ৰ'দত ছিৰাল ফাট মেলিছে শালিধানৰ পথাৰত । যাৰ বাবে মূৰে-কপালে হাত দিছে শ্ৰমজীৱি কৃষকসকলে । এনে এক পৰিৱেশৰ সৃষ্টি হৈছে নগাঁও জিলাৰ ধিং অঞ্চলত ।

খৰাঙৰ কৱলত নগাওঁ জিলাৰ বহু অঞ্চল । বৰষুণৰ অভাৱত এতিয়া শালিধানৰ পথাৰত হা-হুমুনিয়াহ কাঢ়ি এটুপি পানীৰ বাবে পথাৰৰ মাজত নেদেখাজনৰ ওচৰত নাম কীৰ্তন কৰি প্ৰাৰ্থনা কৰিছে ধিঙৰ একাংশ কৃষকে । চৰকাৰৰ বিয়াগোম জলসিঞ্চন বিভাগৰ ওপৰত অলপো ভৰসা নাই কৃষকসকলৰ ।

ধিং আঠগাঁৱত ৯ বছৰ পূৰ্বেই কৃষক ৰাইজৰ সহায় হোৱাকৈ স্থাপন কৰা হৈছিল গভীৰ নলী নাদৰ এক আঁচনি । আঁচনিখনত নিয়োগ কৰা হৈছিল কেইবাজনো বিষয়া-কৰ্মচাৰীক । কিন্তু আঁচনিখন আৰম্ভ হোৱাৰ দুবছৰ মানৰ পাছতেই যি বিকল হ'ল আজিকোপতি বিভাগীয়ভাৱে পুনৰ কাৰ্যক্ষম কৰি তুলিবলৈ সক্ষম নহ'ল নগাওঁ জিলা সংমণ্ডল । তাৰ বিপৰীতে চৰকাৰৰ নিৰ্ধাৰিত দৰমহা লৈ ঠিকেই বিলাসী জীৱন কটাইছে সংমণ্ডলটোৰ প্ৰতিজন শীৰ্ষ বিষয়া-কৰ্মচাৰীয়ে (Assam irrigation department failure)।

কিন্তু দুৰ্ভোগ ভুগিছে মাত্ৰ দুৰ্ভগীয়া কৃষকসকলে । চৰকাৰৰ ৰাজকোষৰ পৰা কোটি কোটি ব্যয় কৰি স্থাপন কৰা জলসিঞ্চন আঁচনিৰ সুফলৰ পৰা বঞ্চিত এতিয়া শ্ৰমজীৱী কৃষক । এইক্ষেত্ৰত কৃষকসকলৰ চৰকাৰলৈ আহ্বান, শীঘ্ৰেই কাৰ্যক্ষম কৰি তুলিব লাগে কৃষকৰ সুবিধাৰ্থে স্থাপন কৰা জলসিঞ্চন আঁচনি ।

লগতে পঢ়ক :ৰঙিয়াৰ খেতিপথাৰত বৰষুণৰ অভাৱত কৃষকৰ হাহাকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.