ETV Bharat / state

পাৰিবাৰিক বিবাদৰ পৰিণতি:হত্যাৰ চেষ্টা যুৱকক

author img

By

Published : Jun 17, 2020, 3:28 PM IST

ধিঙত পাৰিবাৰিক সংঘাতৰ কৰুণ পৰিণতি ৷ দাৰে ঘপিয়াই হত্যাৰ চেষ্টা এজন যুৱকক । সংকটজনক অৱস্থাত যুৱকজনক চিকিৎসালয়লৈ প্ৰেৰণ পৰিয়ালৰ লোকৰ ৷

family clash attempt to murder a young man at dhing nagaon assam etv bharat news
হত্যাৰ চেষ্টা যুৱকক

বটদ্ৰৱা,17 জুন: পাৰিবাৰিক কন্দলে চূড়ান্ত ৰূপ ধাৰণ কৰিছে নগাঁও জিলাৰ ধিঙত ৷ ধিঙৰ নামডুমডুমীয়াত চোকা অস্ত্রৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় নোমল নাথ নামৰ এজন যুৱক ৷ ঘটনাৰ বিৱৰণী অনুসৰি,পাৰিবাৰিক সংঘাতৰ পৰিণতিত নয়নমণি নাথ নামৰ লোকজনে দাৰে ঘপিয়াই হত্যাৰ চেষ্টা চলাই যুৱকজনক । গুৰুত্বৰভাৱে আঘাতপ্রাপ্ত নোমলক ইতিমধ্যে ধিঙৰ গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে পিছত নগাঁৱলৈ প্রেৰণ কৰে ৷

হত্যাৰ চেষ্টা যুৱকক

ইতিমধ্যে ঘটনাস্থলীত ধিং আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে প্ৰাথমিক তদন্ত । উল্লেখ্য যে,দীৰ্ঘদিনীয়া সংঘাতৰ ফলত মঙলবাৰে নিশা ব্যক্তি দুগৰাকীৰ মাজত সৃষ্টি হোৱা বাক-বিতণ্ডাই পৰৱৰ্তী পৰ্যায়ত ভয়ংকৰ ৰূপ ধাৰণ কৰে ৷ ঘটনা সন্দৰ্ভত ধিং আৰক্ষী থানাত নয়নমণি নাথকে ধৰি তিনিজন ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে নোমল নাথৰ পৰিয়ালে ।

লগতে চাওকঃ ঐতিহ্যমণ্ডিত নুমলী কুঁৱৰী গঁড়ত ONGC ৰ বুলডজাৰঃ দল-সংগঠনৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.