ETV Bharat / state

Nagaon Tense: নগাঁৱত মুকলিকৈ চলিছে ভুৱা দলিলৰ ৰমৰমীয়া বেহা; প্ৰৱঞ্চনাৰ চিকাৰ অধিবক্তা

নগাঁও আদালতৰ সমীপতে বিক্ৰী ভুৱা দলিল । ভুৱা দলিল বিক্ৰীক লৈ উত্তপ্ত পৰিস্থিতি নগাঁৱত । নগাঁও উকীল সন্থাৰ সদস্যই ধৰা পেলালে ভুৱা দলিলৰ বেহা।

Nagaon Tense
নগাঁৱত উকীল সন্থাৰ সদস্যই ধৰা পেলালে ভুৱা দলিলৰ বেহা
author img

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 9:58 AM IST

নগাঁৱত উকীল সন্থাৰ সদস্যই ধৰা পেলালে ভুৱা দলিলৰ বেহা

নগাঁও, 5 অক্টোবৰ : ভুৱা দলিল বিক্ৰীক লৈ নগাঁৱত উত্তপ্ত পৰিস্থিত ৷ বুধবাৰে নিশা নগাঁও উকীল সন্থাৰ সদস্যই ধৰা পেলালে ভুৱা দলিলৰ বেহা ৷ উল্লেখ্য যে নগাঁৱৰ উকীল সন্থাৰ কাৰ্যালয় চৌহদতে ভুৱা দলিল বিক্ৰিৰে সৰ্বসাধাৰণক প্ৰৱঞ্চনা কৰি ধন ঘটি আহিছে একাংশ দুষ্ট চক্ৰই ৷ অধিবক্তাৰ সন্মুখতেই ভুৱা দলিল বিক্ৰিৰে প্ৰৱঞ্চনা কৰি এইবাৰ বিপদত পৰিল প্ৰৱঞ্চক ৷

নিশা নগাঁও উকীল সন্থাৰ সদস্যই ধৰা পেলালে ভুৱা দলিল বিক্ৰী কৰাৰ তথ্য ৷ এগৰাকী মহিলা অধিবক্তাই পোহৰলৈ আনে ভুৱা দলিলৰ বেহা ৷ ঘটনা অনুসৰি অধিবক্তা বেগম তাছলিমা আহমেদ নাম অধিবক্তাগৰাকীয়ে বাহাৰুল ইছলাম নামৰ ব্যক্তিজনৰ পৰা ক্ৰয় কৰিছিল এখন দলিল ৷ তাৰ পাচতে দলিলখন ভুৱা বুলি গম পাই অধিবক্তা বেগম তছলিমা আহমেদে ৷ লগে লগে উত্তপ্ত পৰিস্থিত সৃষ্টি হয় ৷ উত্তপ্ত পৰিস্থিত দেখি প্ৰৱঞ্চকৰূপী বাহাৰুলে পলায়ন কৰে ঘটনাস্থলীৰ পৰা ৷

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি নগাঁও আদালত চৌহদত ভুৱা দলিল বিক্ৰীৰে প্ৰৱঞ্চনাৰ অভিযোগ উঠিছে বাহাৰুল ইছলামৰ বিৰুদ্ধে ৷ কেৱল ভুৱা দলিলেই নহয় নগাঁও জিলা আয়ুক্ত কাৰ্যালয়, আদালত, উপ-পঞ্জীয়কৰ কাৰ্যালয় থকা একেটা চৌহদতেই একাংশই দীৰ্ঘদিনৰ পৰাই অধিক মূল্যত দলিল বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ কিন্তু এই ক্ষেত্ৰত আজি পৰ্যন্ত প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ।

‘‘মই 1000 টকাৰ এখন দলিল ক্ৰয় কৰিছিলো ৷ কিন্তু এজন ব্য়ক্তিয়ে মোক কলে বাইদেউ দলিলখন ভুৱা ৷ পঞ্জীয়ন নম্বৰো নিমিলে ৷ একোৱে নিমিলে ৷ লগে লগে বাহাৰুলক ফোন কৰিলো আৰু সকলো ঠিক কৰি দিম বুলি কোৱাত মই গলো ৷ তেনেতে মোক আক্ৰমণৰ চেষ্টা কৰে ৷’’ এই মন্তব্য অধিবক্তা বেগম তছলিমা আহমেদৰ ৷

লগতে পঢ়ক:Child Marriage: কলিয়াবৰত আটক তিনি বেআইনী স্বামী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.