নগাঁও, 12 এপ্ৰিল : নগাঁও আৰক্ষীৰ জালত চাৰি নকল সোণৰ ব্যৱসায়ী ৷ হয়বৰগাঁও আৰক্ষী চকীৰ আৰক্ষীৰ এটা দলে সোমবাৰে এক গোপন সূত্ৰৰ পম খেদি চহৰখনৰ সমীপৱৰ্তী কাতিমাৰীৰ এটা ভাড়াঘৰত চলাই এক অভিযান ৷ এই অভিযানত আৰক্ষী দলটোৱে চাৰিজন নকল সোণৰ ব্যৱসায়ীক কৰায়ত্ত কৰিবলৈ সক্ষম হয় (Fake gold smuggler arrested in Nagaon) ।
আৰক্ষীয়ে ধৃত ব্যৱসায়ী কেইজনৰ জিম্মাৰ পৰা নকল সোণেৰে নিৰ্মিত দুখন ক্ষুদ্ৰাকৃতিৰ নাও, নগদ ৯,৭০০ টকা আৰু তিনিটাকৈ ম’বাইল ফোন জব্দ কৰে । আটকাধীন নকল সোণৰ ব্যৱসায়ী কেইটা হৈছে ক্ৰমে লখিমপুৰ নাওবৈচাৰ নুৰুল আমিন (৩৭), লখিমপুৰ বঙালমৰাৰ নুৰুল হক চৌধুৰী, লখিমপুৰ ধলপুৰৰ হিতেশ্বৰ বৰা(৩০) আৰু নগাঁৱৰ ধিং পাণবাৰীৰ মাজাহাৰুল ইছলাম (৩২) ।
আৰক্ষীয়ে সদৰি কৰা অনুসৰি, ধৃত ব্যৱসায়ী কেইটাই দীৰ্ঘদিন ধৰি নকল সোণৰ ব্যৱসায়ৰে মানুহক প্ৰৱঞ্চনা কৰি আহিছিল ৷ আৰক্ষীয়ে এই সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷ সম্প্ৰতি আৰক্ষীৰ জিম্মাতে আছে ধৃত নকল সোণৰ ব্যৱসায়ীকেইটা ৷
লগতে পঢ়ক : লখিমপুৰত ৰাইজে কৰায়ত্ত কৰিলে নকল সোণৰ ব্যৱসায়ীক