নগাঁও, 19 জানুৱাৰী : আগন্তক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নৱ গঠিত ৰাইজৰ দলে আৰম্ভ কৰিছে ব্যাপক তৎপৰতা । মঙলবাৰে নগাঁও সাহিত্য সভা ভৱনত ৰাইজৰ দলৰ নগাঁও জিলা সমিতিৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । প্ৰথমখন কাৰ্যনিৰ্বাহক সভাত দলটোৱে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ।
কাৰাবন্দী কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত আন্দোলন আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে জিলা কাৰ্যনিৰ্বাহক সভাত । লগতে, 'কা' ৰ বিৰুদ্ধে আন্দোলন অব্যাহত ৰখাৰো সিদ্ধান্ত গ্ৰহণ কৰে । নাগৰিকত্ব সংশোধনী আইনক মূল অস্ত্ৰ হিচাপে লৈ বিজেপিক উৎখাতৰ সংকল্পও গ্ৰহণ কৰে কাৰ্যনিৰ্বাহক সভাই ।
আগন্তক বিধানসভা নিৰ্বাচনত নগাঁৱত বিজেপি শূণ্য হ'ব বুলিও মন্তব্য কৰে ৰাইজৰ দলৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক নীলমণি শইকীয়াই । ৰাইজৰ দলৰ নগাঁও জিলা সভাপতি প্ৰবীণ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক সভাত ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক গিৰিশংকৰ গোস্বামীসহ কেইবাজনো নেতা উপস্থিত থাকে ।
লগতে পঢ়ক : বিজেপিৰ আইটি চেলৰ ৰণকৌশল প্রস্তুতৰ বাবে গুৱাহাটীত অমিত মালব্য