নগাঁও,২৪ ফেব্ৰুৱাৰীঃ নগাঁৱত দ্বিতীয় দিনাও অব্যাহত আৱকাৰী বিভাগৰ অভিযান। দেওবাৰে নগাঁৱৰ আৱকাৰী আৰক্ষী অধীক্ষক মানৱী দাসৰ নেতৃত্বত যোৱা এটি দলে নগাঁও চহৰৰ পুৰণিগুদাম, খুটিকটীয়া, হৰিজন কলনী আদি বিভিন্ন চুলাই মদৰ ঘাটিত অভিযান চলায়।
এই অভিযানত বহু পৰিমাণৰ চুলাই মদ বনোৱা সামগ্ৰী ধ্বংস কৰাৰ উপৰিও কেইবা লিটাৰ চুলাই মদ জব্দ কৰে নগাঁও আৱকাৰী বিভাগে । আৱকাৰী বিভাগৰ অভিযানত চুলাই মদ বিক্ৰী কৰা ৪ গৰাকী লোকৰ লগতে মদৰ ঘাটিৰ পৰা মদ খাই থকা অৱস্থাত দহ জনকৈ লোকক আটক কৰে। উল্লেখ্য যে আটক কৰা লোক কেইজনৰ ভিতৰত দুগৰাকী মহিলাও আছিল।