কলিয়াবৰ, 27 এপ্ৰিল: জাতি-বৰ্ণ-ভাষাই ভাগ-ভাগ কৰে মানৱ সমাজক ৷ বহু সময়ত জীৱশ্ৰেষ্ঠই ছিঙি পেলায় সম্প্ৰীতিৰ জৰী, বৰ্ণ বিভেদত হেৰাই যায় ‘মানুহে মানুহৰ বাবে’ বাণী ৷ অন্য জীৱ-জন্তুৰ মাজত নাই সেই খাম-খেয়ালি ৷ জন্তুৰ মাজত বিপদৰ বন্ধু হৈ ধৰা দিয়ে অন্য প্ৰজাতিও ৷ কলিয়াবৰৰ এটা বান্দৰ আৰু এজনী ছাগলীয়ে জীৱশ্ৰেষ্ঠক দিছে শিকনি (Mother child relationship between goat and monkey)৷
দৃশ্যটো দেখিলে স্বাভাৱিকতেই চকু থৰ হৈ ৰ’ব ৷ অন্য জীৱৰো যে এখন নিৰ্ভেজাল হৃদয় থাকিব পাৰে সেই কথা প্ৰমাণ কৰিলে এই বান্দৰ আৰু ছাগলী দুটাই (Rare video of animal) ৷ সাধাৰণতে যিকোনো জীৱৰে সন্তান আৰু মাতৃৰ মাজত দেখা যায় এনে আত্মীয়তা ৷ দুই বেলেগ প্ৰজাতিৰ জীৱৰ মাজত দুৰ্লভ এই দৃশ্য এতিয়া আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৷ এটা বান্দৰক যিকোনো সময়তে পিঠিত লৈ ঘূৰি ফুৰিছে এজনী ছাগলীয়ে ৷ দুয়োৰে মাজত গঢ় লৈ উঠিছে মাতৃ-সন্তানৰ সম্পৰ্ক ৷
ছাগলীজনীৰ গৰাকীৰ পৰা জানিবপৰা অনুসৰি, কলিয়াবৰৰ বৰুৱাচুক গাঁৱৰ মাজেৰে পাৰ হৈ যোৱা ৩৭ নং ৰাষ্ট্ৰীয় পথত প্ৰায় এমাহমান আগেয়ে এটা বান্দৰ পোৱালীৰ মাতৃ দুৰ্ঘটনাত নিহত হৈছিল । মাতৃহাৰা বান্দৰ পোৱালীটো তেতিয়াৰে পৰা পথৰ সমীপৰে এঘৰত আশ্ৰয় লয় । সেই ঘৰখনৰে এজনী ছাগলীয়ে মাতৃহাৰা বান্দৰ পোৱালীৰ যেন দ্বায়িত্ব গ্ৰহণ কৰিলে ৷ মাতৃস্নেহেৰে আৱৰি ৰাখিবলৈ ল’লে বান্দৰৰ পোৱালীটোক । পুৱা গৃহস্থই দিয়া কিবা এটা খাই ছাগলীজনীৰ পিঠিতেই উঠি দিনটো ঘূৰি ফুৰে বান্দৰৰ পোৱালীটো (Interesting monkey video) । নিশাও কটায় ছাগলীৰ গড়ালতে ।
আচৰিত ধৰণে নিজৰ সন্তানৰ দৰেই ছাগলীজনীয়ে দুগ্ধপান কৰায় জন্মদাত্ৰীৰ মৰমৰ পৰা বঞ্চিত বান্দৰৰ পোৱালীটোক । ছাগলীজনীয়ে যেন জানে, বুজে মাতৃক হেৰুৱাৰ বেদনা ৷ যাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিছে বান্দৰৰ পোৱালীটোক মাতৃস্নেহেৰে আৱৰি ৰাখিবলৈ ৷
লগতে পঢ়ক: এটা কুকুৰা আৰু এটি কণমানিৰ মাজত আচৰিত যেন লগা বন্ধুত্ব