ETV Bharat / state

কেমেৰাৰ মুখামুখি হ’বলৈ সময় পোৱা নাই আঙুলতা ডেকাই - Angurlata hopes to return to acting world

সময়-সুবিধা হ'লে পুনৰ অভিনয় জগতলৈ ঘূৰি যোৱাৰ আশা মনত পুহি ৰাখিছে আঙুৰলতা ডেকাই (Ex MLA Angurlata Deka) । মুখ্যমন্ত্ৰী, বিজেপিৰ ৰাজ্যিক সভাপতিয়ে স্পষ্টীকৰণ দিয়াৰ বাবে মূল্যবৃদ্ধিৰ সম্পৰ্কত মন্তব্য দিয়াৰ পৰা বিৰত থাকিল বিজেপি নেত্ৰীগৰাকী ৷

Angoorlata Deka at Kaliabor
কেমেৰাৰ মুখামুখি হ’বলৈ সময় পোৱা নাই আঙুলতা ডেকাই
author img

By

Published : Mar 23, 2022, 9:49 PM IST

কলিয়াবৰ, 23 মাৰ্চ: ইন্ধনজাত সামগ্ৰীৰ লগতে ৰন্ধন গেছৰ মূল্যবৃদ্ধি সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বিজেপি নেত্ৰী আঙুৰলতা ডেকাই । কলিয়াবৰৰ মিছা মিলন সংঘৰ প্ৰেক্ষাগৃহত বুধবাৰে অনুষ্ঠিত বিজেপি মহিলা কোষৰ জিলা পৰ্যায়ৰ এখন কাৰ্যনিৰ্বাহ সভাৰ অন্তত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত নেত্ৰীগৰাকীয়ে বিশেষ মন্তব্য কৰে । শেহতীয়াকৈ বিদ্যুৎ মাচুল, ইন্ধনজাত সামগ্ৰীৰ লগতে ৰন্ধন গেছৰ মূল্যবৃদ্ধি পোৱাত সৰ্বসাধাৰণ জনতাই ত্ৰাহি মধুসূদন সোঁৱৰিব লগা হোৱাৰ সময়ত হিতাধিকাৰী সৃষ্টিৰ প্ৰসংগহে উল্লেখ কৰিলে আঙুৰলতা ডেকাই (Angoorlata Deka at Kaliabor)।

তেওঁ কয় যে, ‘‘মূল্যবৃদ্ধি সম্পৰ্কে মোৰ বিশেষ ক’বলগীয়া নাই কাৰণ মুখ্যমন্ত্ৰী মহোদয় আৰু বিজেপিৰ ৰাজ্যিক সভাপতিয়ে স্পষ্টীকৰণ দি আহিছে । মহিলা হিচাপে ক’ব বিচাৰো যে, ৰন্ধন গেছৰ মূল্যবৃদ্ধি হ’লে গৃহিণীৰূপে মোৰ অলপ দুখ লাগিব, কিন্তু ৰন্ধন গেছৰ বাবে চৰকাৰক বেয়া বুলিব নোৱাৰি । কিয়নো কমিবই দাম । সমস্যাবোৰ আহে, আকৌ কমে । এফালে মূল্যবৃদ্ধি হ'লেও চৰকাৰৰ বিভিন্ন আঁচনিৰ জৰিয়তে দেশ তথা ৰাজ্যৰ জনসাধাৰণ উপকৃতও হৈছে । অসমত অৰুণোদয়ৰ জৰিয়তে মহিলাসকল উপকৃত হৈছে ।”

কেমেৰাৰ মুখামুখি হ’বলৈ সময় পোৱা নাই আঙুলতা ডেকাই

আনহাতে, ভাৰতীয় জনতা পাৰ্টিয়ে বৰ্তমান সময়ত নাৰী সৱলীকৰণৰ ওপৰত অত্যাধিক গুৰুত্ব অৰোপ কৰিছে বুলিও মন্তব্য কৰে মহিলা নেত্ৰীগৰাকীয়ে । ভাৰতীয় গণতন্ত্ৰত দিনক দিনে বৃদ্ধি পাইছে মহিলাৰ অংশগ্ৰহণ, মহিলাৰ সক্ৰিয় অংশগ্ৰহণৰ লগে লগে নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ জয়ৰ ধাৰা বাঢ়িছে । তেওঁ কয় যে, অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অনাগত বিধানসভা নিৰ্বাচনত ২৫ ৰ পৰা ৩০ গৰাকী মহিলা প্ৰতিনিধি যাতে বিজয়ী হৈ আহিব পাৰে, সেইলৈ এক দৃঢ় পদক্ষেপ লোৱাৰ ইংগিত দিছে ।

মহিলা সৱলীকৰণৰ ওপৰত বিজেপিৰ মহিলা মৰ্চাই গুৰুত্ব আৰোপ কৰিছে বুলিও মন্তব্য কৰে আঙুৰলতা ডেকাই । মহিলা সৱলীকৰণৰ ক্ষেত্ৰত নিজস্ব দৃষ্টিভংগীতকৈ ভাৰতীয় জনতা পাৰ্টিৰ সংগঠন বৃদ্ধিৰ দলীয় দৃষ্টিভঙ্গীৰেহে আগবাঢ়ি যোৱাৰ পক্ষপাতি আঙুৰলতা ডেকা । মহিলা নেতৃত্ব সৃষ্টি কৰাৰ লগতে যোগ্যতা-দক্ষতা বৃদ্ধিৰে ৰাজনীতিলৈ আগবাঢ়ি অহাৰ আহ্বান, সংৰক্ষণৰ জৰিয়তে নহয় । লগতে বিজেপিৰ কৰ্মকৰ্তাক লৈ কলিয়াবৰ দখলৰ এক গুৰুত্বপূৰ্ণ মন্তব্য আঙুৰলতাৰ ।

পূৰ্বৰ অভিনয় জগতখনলৈ উভতি যোৱাৰ পৰিকল্পনা বৰ্তমান নাই বুলিও মন্তব্য কৰে আঙুৰলতাই । বৰ্তমান সময়ত দলে দিয়া গুৰুত্বপূৰ্ণ দায়িত্ব পালনৰ বাবে কেমেৰাৰ সমুখত অভিনয়ৰ বাবে ঠিয় দিয়াৰ সময় একেবাৰে নোহোৱা হৈ পৰিছে । ভৱিষ্যতে সময়-সুবিধা হ'লে পুনৰ অভিনয় জগতলৈ ঘূৰি যোৱাৰ আশা মনত পুহি ৰাখিছে ৰাজনৈতিক নেত্ৰী তথা চলচিত্ৰ অভিনেত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক: DU Question Paper Controversy: চতুৰ্থ ষান্মাসিকৰ প্ৰশ্নকাকত আগতীয়াকৈ দিলে তৃতীয় ষান্মাসিকৰ পৰীক্ষাৰ্থীক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.