নগাঁও, 28 এপ্ৰিলঃ বঢ়মপুৰ সমষ্টিত বিতৰণ কৰা সাহাৰ্য উভতাই দিয়াৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই সংবাদ মেল সম্বোধন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই । সাহাৰ্য বিতৰণক লৈ কংগ্ৰেছে অপ-প্ৰচাৰ চলোৱা বুলি গুৰুতৰ অভিযোগ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ।
বঢ়মপুৰ সমষ্টিৰ স্থানীয় বিধায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই দুখীয়া ৰাইজক বিতৰণ কৰা সাহাৰ্যৰ বিৰুদ্ধে একাংশ লোকে কমকৈ খাদ্য বস্তু যোগান ধৰা বুলি অভিযোগ তোলে ৷ ইতিমধ্যে এই ঘটনাৰ বিৰুদ্ধে বিভিন্ন সংবাদ মাধ্যমতো বাতৰি প্ৰকাশ হয় ৷ নিজ সমষ্টিত বিতৰণ কৰা সাহাৰ্য দুখীয়া লোকসকলে ওভতাই দিয়া বুলি বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই নিজ বাসভৱনত পত্নীক লগত লৈ সংবাদ মেল সম্বোধন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই ।
সাহাৰ্যক লৈ কংগ্ৰেছেহে অপ্ৰচাৰ চলোৱাৰ অভিযোগ মহন্তৰ । নিজ সমষ্টিত এটা আলু, একাপ দালি বিতৰণ কৰা বুলি বিৰোধী কংগ্ৰেছে ভিত্তিহীন অপপ্ৰচাৰত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰে প্ৰফুল্ল কুমাৰ মহন্তই । সম্প্ৰতি সৃষ্টি হোৱা দুৰ্যোগৰ সময়ত চৰকাৰৰ লগতে অগপ দলৰ বাহিৰে কোনো ৰাজনৈতিক দলেই আৰ্তজনক সহায় কৰিবলৈ আগবাঢ়ি অহা নাই বুলি মন্তব্য কৰে ৷ ইতিমধ্যে সমষ্টিটোৰ ৫০ হাজাৰ লোকৰ মাজত সাহাৰ্য বিতৰণ কৰাৰ লগতে আগন্তক দুদিনলৈ সাহাৰ্য বিতৰণ কৰিব বুলি উল্লেখ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ সমষ্টিটোৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজতো ঈদৰ প্ৰাকমূহুৰ্তত সাহাৰ্য বিতৰণ কৰিব বুলি উল্লেখ কৰে প্ৰফুল্ল কুমাৰ মহন্তই ।
লগতে পঢ়ক- এটা আলু,একাপ দাইল,৫টকীয়া নিমখঃ প্ৰফুল্ল মহন্তৰ সাহাৰ্য