ETV Bharat / state

পাঁচ বজাৰ 10 টা শীৰ্ষ বাতৰি

পাঁচ বজাৰ 10 টা শীৰ্ষ বাতৰি

পাঁচ বজাৰ 10 টা শীৰ্ষ বাতৰি
Top ten news
author img

By

Published : Jan 24, 2022, 5:02 PM IST

গুলীবিদ্ধ ছাত্ৰনেতা কীৰ্তিকমলৰ আছিল আৰক্ষীৰ বিষয়া হোৱাৰ সপোন

আৰক্ষীৰ গুলীয়ে ঘুণীয়া কৰিলে লুইতপৰীয়া ডেকাজনক ৷ আৰক্ষীৰ গুলীয়ে ভাঙিলে এটা সপোন ৷ পৰিয়ালৰ মতে তেওঁ আবেদন কৰিছিল আৰক্ষীৰ চাকৰি বিচাৰি কিন্ত, এতিয়া পাইছে আৰক্ষীৰ বন্দুকৰ গুলী (Student Leader Shot by Police in Nagaon) ৷

Assam Arunachal border conflict : সোমবাৰে নিশা তেজপুৰত হ’ব অসম-অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ বৈঠক

প্ৰথমবাৰৰ বাবে অসম আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে দুয়োখন ৰাজ্যৰ মাজত চলি থকা সীমা সমস্যাৰ বাবে এখন দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব (Assam Arunachal CM to discuss border dispute) । এক উচ্চস্তৰীয় সূত্ৰত জানিব পৰা মতে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Assam CM Himanta Bishwa Sarma) আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ (Arunachal CM Pema Khandu)সৈতে সোমবাৰে নিশা তেজপুৰত দুয়োখন ৰাজ্যৰ সীমা সমস্যাৰ ওপৰত আলোচনাৰ বাবে মিলিত হ’ব ।

গঁড় হত্যা ৰোধ কৰিবলৈ কাজিৰঙাত ব্যৱহাৰ হ’ব কমাণ্ডো বাহিনী

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাৰ ৰোধ কৰিবলৈ ব্যৱহাৰ হ’ব কমাণ্ডো বাহিনী ( Commando force to protect rhinos of Kaziranga) । ১৯ জানুৱাৰীৰ নিশা ৰাষ্ট্ৰীয় উদ্যানখনত চোৰাং চিকাৰীয়ে গুলীবিদ্ধ কৰি খড়্গ লৈ গৈছিল এজনী মাইকী গঁড়ৰ ।

Encounter in Assam: অসমত এনকাউণ্টাৰৰাজ বন্ধ কৰাৰ দাবী ৰাইজৰ দলৰ

অসমত ভুৱা এনকাউণ্টাৰ চলি থকাৰ অভিযোগ তুলিলে ৰাইজৰ দলে (Encounter in Assam) ৷ এনকাউণ্টাৰৰাজ বন্ধ কৰাৰ দাবী উত্থাপন কৰিছে ৰাজনৈতিক দলটোৰ সভাপতি ভাস্কো দি শইকীয়াই ৷ আৰক্ষীৰ গুলীত আহত হোৱা নগাঁৱৰ কীৰ্তিকমল বৰাৰ বাসগৃহত উপস্থিত হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে দলটোৰ নেতৃত্বই ৷

চাৰি বিষয়ালৈ নিৰ্বাচন আয়োগৰ শ্রেষ্ঠ জিলা নির্বাচনী বিষয়াৰ বঁটা

মঙলবাৰে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে মাছখোৱাৰ আই আই টি সভাগৃহত আয়োজিত বিশেষ অনুষ্ঠানত ৰাজ্যপাল জগদীশ মুখীয়ে চাৰি বিষয়ালৈ নিৰ্বাচন আয়োগৰ শ্রেষ্ঠ জিলা নির্বাচনী বিষয়াৰ বঁটা প্ৰদান কৰিব (Best electoral award) ৷

চাকৰি দিম বুলি মামাই নিবনুৱাক দিছে বন্দুকৰ গুলী : ভূপেন বৰা

মামাৰ পৰা অসমৰ অসমীয়া নিবনুৱাই চাকৰি আশা কৰিছিল, কিন্তু চাকৰিৰ নামত এতিয়া পাইছে বন্দুকৰ গুলী ৷ এই মন্তব্য কৰিলে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ নগাঁৱৰ গুলীবিদ্ধ ছাত্ৰ নেতাৰ ঘৰত উপস্থিত হৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই চোকা সমালোচনা কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক (Bhupen Borah condemns Nagaon police encounter incident) ৷

Encounter in Nagaon: নগাঁৱৰ ঘটনাৰ বাবে পুনৰ মুখ্যমন্ত্ৰীক চোকা সমালোচনা অখিলৰ

ছাত্ৰ নেতাক গুলিয়াই আহত কৰা ঘটনাক লৈ সৰৱ অখিল গগৈ (Akhil Gogoi condemns Nagaon shooting ) ৷ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত গণতন্ত্ৰ পুলিচতন্ত্ৰলৈ পৰ্যবসিত হোৱাৰ দাবী অখিল গগৈৰ ৷

১ ফেব্ৰুৱাৰীৰ পৰা অসমত শিথিল হব ক'ভিড বিধি

দেওবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই ইংগিত দিলে ১ ফেব্ৰুৱাৰীৰ পৰা সামান্য পৰিমাণে শিথিল হব বৰ্তমানে ৰাজ্যত বাহাল থকা ক'ভিড বিধি নিয়ম (Relaxation of COVID rules in Assam) । সান্ধ্য আইন চলিব নিশা ১১ বজাৰ পৰাহে ।

ৰাজ্যৰ স্নাতক শিক্ষক আৰু স্নাতকোত্তৰ শিক্ষকৰ নতুন নামকৰণ

দেওবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Assam CM Himanta Biswa Sarma) ই সকলো জিলাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু বিদ্যালয় পৰিদৰ্শকসকলৰ সৈতে শিক্ষা বিভাগৰ বিভিন্ন বিষয়ৰ সন্দৰ্ভত পৰ্যালোচনা কৰে (CM review meeting on Education Department) ।

ডিব্ৰুগড়ত মাটিৰ দালালৰ লগত জড়িত লাট মণ্ডল আটক

ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰিলে ডিব্ৰুগড় চক্ৰ বিষয়া কাৰ্যালয়ৰ দুৰ্নীতিগ্ৰস্ত লাট মণ্ডল বিভূতি ভূষণ কৰ্মকাৰক (Lat Mandal linked to land broker arrested in Dibrugarh) ৷ ঘটনা সন্দৰ্ভত সম্প্ৰতি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.