ETV Bharat / state

ই টি ভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ কৰ্ণাটকত আৱদ্ধ ছাত্ৰ ছাত্ৰীয়ে অসম আহিবলৈ অনুমতি লাভ

author img

By

Published : May 16, 2020, 8:53 PM IST

ই টি ভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ কৰ্ণাটকত আৱদ্ধ মেডিকেলৰ ছাত্ৰী ছাত্ৰীয়ে লাভ কৰিলে ঘৰলৈ উভতাৰ অনুমতি শনিবাৰে আৰম্ভ কৰিলে উভতনি যাত্ৰা ৷

as_ngn_806_16may_etv_bharat_impact_vis+bite_7203829
ই টি ভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ কৰ্ণাটকত আৱদ্ধ ছাত্ৰ ছাত্ৰীয়ে অসমলৈ আহিবলৈ অনুমতি লাভ

নগাওঁ,16মেঃ লক ডাউনৰ ফলত কৰ্ণাটকত আৱদ্ধ হৈ থকা ৪৭ গৰাকীকৈ ছাত্ৰ ছাত্ৰীয়ে অৱশেষত লাভ কৰিলে ঘৰলৈ উভতাৰ অনুমতি । ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ অধীনৰ বিভিন্ন আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ত অধ্যায়নৰত ৪৭ গৰাকীকৈ অসমৰ ছাত্ৰ ছাত্ৰী আৱদ্ধ হৈ পৰিছিল কৰ্ণাটকত। মহাবিদ্যালয়ৰ হোষ্টেলতে লক ডাউনৰ সময়ছোৱা অতিবাহিত কৰাৰ কৰাৰ পিছত শেহতীয়াকৈ তীব্ৰ খাদ্য সংকটৰ লগতে নানা সমস্যাৰ সন্মুখীন হৈছিল। উপায়ন্তৰ ছাত্ৰ ছাত্ৰীয়ে নিজাববীয়াকৈ বাছৰ ব্যৱস্থা কৰিছিল যদিও অসম চৰকাৰৰ অনুমতি লাভ নকৰাৰ ফলত আন এক সমস্যাৰ সৃষ্টি হৈছিল।

তেনে সময়ত ছাত্ৰ ছাত্ৰীয়ে এটা ভিডিঅৰ জৰিয়তে অসম চৰকাৰৰ সহায় বিচাৰি আহ্বান জনাইছিল । কৰ্ণাটকৰ পৰা ছাত্ৰ ছাত্ৰীয়ে জনোৱা এই আহ্বানৰ বাতৰি ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সংবাদ প্ৰতিষ্ঠান ই টি ভি ভাৰতত প্ৰকাশ পোৱাৰ পিছতেই তৎপৰ হৈ পৰে ৰাজ্য চৰকাৰ। ৰাজ্য চৰকাৰৰ তৎপৰতাত আৱদ্ধ মেডিকেলৰ ছাত্ৰ ছাত্ৰীয়ে লাভ কৰে অসমলৈ উভতাৰ অনুমতি লাভ কৰে ৷ শনিবাৰে দীৰ্ঘদিন আৱদ্ধ হৈ থকা ছাত্ৰ ছাত্ৰীয়ে অসম অভিমুখে আৰম্ভ কৰে উভতনি যাত্ৰা কৰে আৰু ছাত্ৰ ছাত্ৰীসকলে অসম চৰকাৰৰ লগতে সংবাদ মাধ্যমকো ধন্যবাদ জ্ঞাপন কৰে।

লগতে পঢ়কঃ বটদ্ৰৱাত আটক চাৰি ড্ৰাগচ মাফিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.