ETV Bharat / state

ই টিভি ভাৰতৰ প্ৰভাৱঃ দিব্যাংগ শিল্পী গোপাল কাকতিলৈ সহায়ৰ হাত সমাজ সেৱক এহাল দম্পত্তিৰ

author img

By

Published : May 27, 2020, 10:18 AM IST

সুদীৰ্ঘ ২১ বছৰ ধৰি বটদ্ৰৱা থানৰ আকাশীগংগালৈ যোৱাৰ পথৰ দাঁতিত ভক্তিমূলক গীত গাই তীৰ্থযাত্ৰী সকলৰ পৰা লাভ কৰা দান বৰঙণিৰ পৰা জীৱিকা-নিৰ্বাহ কৰি আহিছিল গোলাঘাট জামুগুৰিৰ গাঁৱত জন্ম গ্ৰহণ কৰা দিব্যাংগ শিল্পী গোপাল কাকতিয়ে ৷ কিন্তু বৰ্তমান সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি হৈ থকা লকডাউনৰ ফলত দুৰ্যোগ নামি আহিছে শিল্পীগৰাকীৰ জীৱনলৈ ৷ কাৰণ দুমাহ ধৰি বটদ্ৰৱা থানত নাই তীৰ্থযাত্ৰী, নাই পৰ্যটক । যাৰ বাবে তেওঁ দুবেলা দুমুঠি অন্নৰ বাবে কৰিবলগীয়া হৈছে হাহাকাৰ ।

ETV Bharat's News impact
দিব্যাংগ শিল্পী গোপাল কাকতিলৈ সহায়ৰ হাত সমাজ সেৱক এহাল দম্পত্তিৰ

বটদ্ৰৱা, 27মে': পুনৰ ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ ৷ ইটিভি ভাৰতত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে বটদ্ৰৱাৰ দিব্যাংগ শিল্পী গোপাল কাকতিৰ কাষত থিয় দিলে এহাল দম্পত্তিয়ে ৷ সুদীৰ্ঘ ২১ বছৰ ধৰি বটদ্ৰৱা থানৰ আকাশীগংগালৈ যোৱাৰ পথৰ দাঁতিত ভক্তিমূলক গীত গাই তীৰ্থযাত্ৰী সকলৰ পৰা লাভ কৰা দান বৰঙণিৰ পৰা জীৱিকা-নিৰ্বাহ কৰি আহিছিল গোলাঘাট জামুগুৰিৰ গাঁৱত জন্ম গ্ৰহণ কৰা দিব্যাংগ শিল্পী গোপাল কাকতিয়ে ৷

কিন্তু বৰ্তমান সমগ্ৰ দেশৰ লগতে ৰাজ্যজুৰি হৈ থকা লকডাউনৰ ফলত দুৰ্যোগ নামি আহিছে শিল্পীগৰাকীৰ জীৱনলৈ ৷ কাৰণ দুমাহ ধৰি বটদ্ৰৱা থানত নাই তীৰ্থযাত্ৰী, নাই পৰ্যটক । যাৰ বাবে তেওঁ দুবেলা দুমুঠি অন্নৰ বাবে কৰিবলগীয়া হৈছে হাহাকাৰ আৰু এই বাতৰি সম্প্ৰচাৰ হৈছিল একমাত্ৰ ইটিভি ভাৰতত । বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই শিল্পীগৰাকীৰ কাষত থিয় হ'ল নগাঁৱৰ সমাজ সেৱক এহাল দম্পত্তি তথা ''বৰ্ণিল আকাশ সাহিত্য সংস্কৃতিৰ মুকলি মঞ্চ'' ৰ মুখ্য প্ৰশাসিকা মায়ামণি দেৱী আৰু তেওঁৰ স্বামী ভৰত কেওঁট ।

এই দুৰ্যোগৰ সময়ত কিছু আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ লগতে শিল্পীগৰাকীক দিলে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ টোপোলা । উল্লেখযোগ্য যে, বটদ্ৰৱা থানত গীত গাই জীৱন নিৰ্বাহ কৰা লোকশিল্পী গোপাল কাকতিৰ কন্ঠক অসমৰ কেইবাগৰাকী জনপ্ৰিয় শিল্পীয়ে প্ৰশংসা কৰাৰ উপৰিও শিল্পী জুবিন গাৰ্গৰ এটি গীতৰ এলবামত কন্ঠদান কৰাৰ সৌভাগ্য হৈছিল দিব্যাংগ শিল্পী গৰাকীৰ । কিন্তু দুখৰ বিষয় যে, আজিপৰ্যন্ত শিল্পীগৰাকীয়ে লাভ কৰা নাই চৰকাৰৰ কোনোধৰণৰ আৰ্থিক সাহাৰ্যৰ লগতে শিল্পী পেঞ্চনো ৷

লগতে পঢ়কঃকি হ'ব নাট্য জগতৰ ভৱিষ্যত? অনিশ্চয়তাত কলা-কুশলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.