ETV Bharat / state

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ, তৎপৰ আঙুৰলতা - MLA ANGURLATA DEKA

শ্বহীদ গুণাভিৰাম বৰদলৈৰ এটা প্ৰতিমূৰ্তি স্থাপনৰ কথা সদৰী কৰে আঙুৰলতা ডেকাই । লগতে অপহূত যুৱক হেমন্ত শইকীয়াৰ পৰিয়ালক ন্যায় দিয়াৰ প্ৰতিশ্ৰুতি দিলে বিধায়িকাগৰাকীয়ে ।

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ
author img

By

Published : Aug 10, 2019, 12:04 AM IST

নগাঁও,9আগষ্টঃ ই টি ভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ। শ্বহীদ পৰিয়ালৰ আৰ্থিক দুৰৱস্থা আৰু অপহূত যুৱকৰ পৰিয়ালৰ দুৰ্দশাৰ বাতৰি ই টি ভি ভাৰতত সম্প্ৰচাৰ হোৱাৰ পিছতেই তৎপৰ বিধায়িকা আঙুৰলতা ডেকা । চাওক এক প্ৰতিবেদনঃ

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ

নগাঁও,9আগষ্টঃ ই টি ভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ। শ্বহীদ পৰিয়ালৰ আৰ্থিক দুৰৱস্থা আৰু অপহূত যুৱকৰ পৰিয়ালৰ দুৰ্দশাৰ বাতৰি ই টি ভি ভাৰতত সম্প্ৰচাৰ হোৱাৰ পিছতেই তৎপৰ বিধায়িকা আঙুৰলতা ডেকা । চাওক এক প্ৰতিবেদনঃ

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ
Intro:ই টি ভি ভাৰতৰ বাতৰিৰ পিছতেই দুখীয়া পৰিয়ালটিৰ কাষত বিধায়িকা আঙুৰলতা ডেকাৰ লগতে যুৱ সমাজকৰ্মী ।আগবঢ়ালে আৰ্থিক সাহায্য ।Body:ই টি ভি ভাৰতৰ বাতৰিৰ পিছতেই গা লৰিল বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা ৷ পুত্ৰৰ ফটো লৈ সাত বছৰে অপেক্ষা কৰি থকা বটদ্ৰৱা ৰাইডঙীয়াৰ দৰিদ্ৰ পৰিয়াটোৰ কাষত উপস্হিত হল বিধায়িকা আঙুৰলতা । সংবাদ মাধ্যমত প্ৰচাৰ হলেহে এতিয়া গা লৰে বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাৰ । সংবাদ মাধ্যম বিধায়িকা আঙুৰলতাৰ বাবে এতিয়া যে হৈ পৰিছে সমষ্টিৰ দৰিদ্ৰ পৰিয়ালৰ কাষচপা এক আহিলা । শুক্ৰবাৰে দৰিদ্ৰ পৰিয়ালৰ কাষত উপস্থিত হৈ বিধায়িকাই বুজ ললে দুৰ্ভগীয়া পৰিয়ালটিৰ দুখ দুৰ্দশাৰ বিষয়ে । এমুঠি অন্নৰ বাবে অনা অসমীয়া ঠিকাদাৰৰ লগত কাম কৰিবলৈ গৈ অপহৃত হোৱা এজন অসমীয়া যুৱকৰ কৰুণ কাহিনী আমি ই টি ভি ভাৰত অসমে ৭ আগষ্টত কৰিছিলো বাতৰি সম্প্রচাৰ । চকুত চকুলো আৰু হাতত পুত্ৰৰ ফটো লৈ সাত বছৰে অপেক্ষা কৰি থকা বটদ্ৰৱা ৰাইডঙীয়াৰ এই পৰিয়ালটোৰ পিতৃ মাতৃৰ বাবে এমুঠি অন্নৰ জোগাৰ কৰিবলৈ ৰাইডঙীয়া আইভেটিৰ এই ঘৰখনৰ পৰাই উলাই গৈছিল হেমন্ত শইকীয়া (জান ) । মহেশ্বৰ শইকীয়া আৰু মানি শইকীয়াৰ জেষ্ঠ্য পুত্ৰ হেমন্ত শইকীয়া(জান) । ২০১০ চনত হেমন্ত শইকীয়াই অসমৰ এজন প্ৰতিষ্ঠিত প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ ৰমেশ আগৰৱালা লগত কামত নিয়োজিত হৈ নিষ্ঠা আৰু সততাৰে নিজৰ কৰ্তব্য পালন কৰি গৈছিল। ঠিকাদাৰ জনৰ অধীনত কেইটামান টকাৰ বাবেই ঘৰৰপৰা আঁতৰত থাকি কামত নিয়োজিত হৈ থকাৰ সময়তে সংঘটিত হৈছিল ঘটনাটো । ২০১২ চনত
কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী বালিজুৰি নামৰ এখন গাৱঁত ২০১২ চনৰ ১৪ মাৰ্চত কাৰ্বি উগ্ৰপন্থীয়ে নীৰিহ যুৱক হেমন্ত শইকীয়াক উগ্রপন্থীয়ে কৰিছিল অপহৰণ । কিন্তু ৰহস্যজনক ভাবে নিমাত হৈ থাকিল জাতীয় দল সংগঠন আৰু জনপ্ৰতিনিধি। ঠিকাদাৰৰ গোষ্ঠীৰ লগত থকা সু সম্পৰ্ক থকাৰ বাবেই জাতীয় সংগঠনৰ নেতা আৰু জনপ্ৰতিনিধিয়ে নললে কোনো ধৰণৰ ব্যৱস্থা । কিন্তু বৰ্তমানেও সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই গমেই নাপালে এই দূৰ্ভগীয়া পৰিয়ালৰ কথা । অবশেষত ই টি ভি ভাৰত অসমত এই বাতৰি সম্প্রচাৰ হোৱাৰ পিছতেই দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত বটদ্ৰৱা ৰাইডঙীয়া আইভেটিৰ দুৰ্ভগীয়া পৰিয়ালৰ কাষত উপস্থিত হল আঙুৰলতা ডেকা । আৰ্থিক, মানসিক ভাবে ভাগি পৰা পিতৃ মাতৃয়ে বিগত সাত বছৰে কান্দি কান্দি চকুতেই শুকাই গৈছে চকু পানী ।অবশেষত বিধায়িক গৰাকী উপস্থিত হৈ দেখুৱালে মহানুভবতা আৰু ন্যায় দিয়াৰ দিলে প্ৰতিশ্ৰুতি । ইফালে ৰুপহীৰ সমাজ সেৱক ইলিয়াছ ৰহমত উল্লাহ, লুতফুৰ ৰহমান, ছাদ্দাম হুছেইন আৰু তাফাজ্জুল হুছেইন । এই দৰিদ্ৰ পৰিয়ালৰ কাষত উপস্থিত হৈ আগবঢ়ালে আৰ্থিক সাহায্য __________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.