ETV Bharat / state

লুইতৰ খহনীয়াই ভাবুকি কঢ়িয়াইছে বুঢ়াচাপৰি অভয়াৰণ্যলৈ - শোণিতপুৰ জিলাৰ অন্তৰ্গত তথা বুঢ়াচাপৰি বন্য প্ৰাণী অভয়াৰণ্য

লুইতৰ খহনীয়াই তীব্ৰ ভাবুকি কঢ়িয়াইছে বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যলৈ ৷ উছন হৈছে বহু ঘৰ-বাৰী, বিদ্যালয় স্থানান্তৰিত কৰাৰ চেষ্টা স্থানীয় ৰাইজৰ ।

erosion of burahsapori wildlife santucary
লুইতৰ খহনীয়াই ভাবুকি কঢ়িয়াইছে বুঢ়াচাপৰি অভয়াৰণ্যলৈ
author img

By

Published : May 30, 2020, 1:26 PM IST

নগাঁও, 30মে' : কৰ‘ণা ভাইৰাছৰ আতংকৰ মাজতেই বান গৰাখহনীয়াৰ সমস্যাই বিপদত পেলাইছে একাংশ নৈপৰীয়া ৰাইজক ৷ খহনীয়াৰ কৱলত পৰি ঘৰ-ভেটি উছন হৈছে শোণিতপুৰ জিলাৰ অন্তৰ্গত তথা বুঢ়াচাপৰি বন্য প্ৰাণী অভয়াৰণ্যৰ একমাত্ৰ ৰক্ষাকবচ স্বৰূপ ধনীয়াগাঁৱৰ ৰাইজৰ । ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ লগে লগে ধনীয়াগাঁৱত ৰুদ্ৰমূৰ্ত্তি ধাৰণ কৰিছে গৰাখহনীয়াই । যাৰ বাবে এতিয়া ভাবুকি আহিছে বুঢ়াচাপৰি বন্য প্ৰাণী অভয়াৰণ্যখনলৈ । ইয়াৰোপৰি খহনীয়াৰ প্ৰকোপ বৃদ্ধি পোৱাৰ লগে লগে এতিয়া ব্ৰহ্মপুত্ৰৰ পাৰতে থকা শোণিতপুৰ জিলাৰ অধীনৰ বহু পুৰণি ধনীয়াগাওঁ প্ৰাথমিক বিদ্যালয়খন নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিছে ৰাইজে ।

লুইতৰ খহনীয়াই ভাবুকি কঢ়িয়াইছে বুঢ়াচাপৰি অভয়াৰণ্যলৈ

ইতিমধ্যে ভাঙি পেলোৱা হৈছে বিদ্যালয় গৃহ ৷ এপদ এপদকৈ নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰাৰ চেষ্টা কৰা হৈছে বিদ্যালয়খনৰ সা-সামগ্ৰী সমূহ ৷ আনহাতে দীৰ্ঘদিন ধৰি বান-গৰাখহনীয়া সমস্যাৰে ভাৰাক্ৰান্ত বুঢ়াচাপৰিৰ ধনীয়াগাঁৱখন শোণিতপুৰ জিলাৰ সদৰৰ পৰা ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে অৱস্থিত হোৱা বাবেই জন প্ৰতিনিধি, প্ৰশাসন, মন্ত্ৰী বিধায়ক সকলোৱে এলাগী আৰু গুৰুত্ৱ নিদিয়াৰ অভিযোগ । বিগত সময়ত শোণিতপুৰ জিলাৰ বুঢ়াচাপৰিৰ কেইবাখনো গাওঁ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ লগতে ধনীয়াগাৱঁৰো আধা অংশ গৰাখহনীয়াৰ কবলত পৰিছে । কিন্তু আজি পৰ্যন্ত জিলা প্ৰশাসন, স্থানীয় বিধায়ক আৰু বিভাগীয় মন্ত্ৰী কোনোৱে বুঢ়াচাপৰি ধনীয়াগাৱঁত গৰাখহনীয়া ৰোধ কৰিবৰ বাবে গ্ৰহণ কৰা নাই কোনো ধৰণৰ ব্যৱস্থা । স্থানীয় ৰাইজে অতিশীঘ্ৰেই ব্ৰহ্মপুত্ৰৰ দাঁতিত গাইড বান্ধ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰি বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ একমাত্ৰ ৰক্ষাকৱচ স্বৰূপ ধনীয়াগাঁৱখন ৰক্ষা কৰিবলৈ চৰকাৰ-তথা প্ৰশাসনক দাবী জনাইছে ।

লগতে পঢ়কঃ জুলাইলৈকে বৃদ্ধি হ'ব পাৰে লকডাউন !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.