ETV Bharat / state

জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে ৰাজপথৰ আন্দোলনতকৈও অধিক প্ৰয়োজন গ্ৰন্থ আন্দোলনৰঃ শৰ্মিষ্ঠা প্ৰীতম - শৰ্মিষ্ঠা প্ৰীতম

বুধবাৰে সামৰণি পৰিল নগাওঁ গ্ৰন্থমেলাৰ ৷ নেহেৰুবালি সৌজন্যময়ী ক্ষেত্ৰত ১৭ ডিচেম্বৰৰ পৰা অনুষ্ঠিত গ্ৰন্থমেলাৰ অন্তিম দিনা অনুষ্ঠিত হয় লেখক সমাৰোহ । "প্ৰেৰণা আৰু সৃষ্টি" শীৰ্ষক লেখক সমাৰোহত অংশগ্ৰহণ কৰে ন-পুৰণি লেখক-লেখিকাসকলে

বুধবাৰে সামৰণি পৰিল নগাওঁ গ্ৰন্থমেলাৰ
জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে ৰাজপথৰ আন্দোলনতকৈও অধিক প্ৰয়োজন গ্ৰন্থ আন্দোলনৰঃশৰ্মিষ্ঠা প্ৰীতম
author img

By

Published : Dec 25, 2019, 11:25 PM IST

নগাঁও, 25 ডিচেম্বৰঃ ন-পুৰণি লেখক-লেখিকা আৰু গ্ৰন্থপ্ৰেমী লোকৰ সমাগমেৰে বুধবাৰে সামৰণি পৰিল নগাওঁ গ্ৰন্থমেলাৰ । নেহেৰুবালিৰ সৌজন্যময়ী ক্ষেত্ৰত ১৭ ডিচেম্বৰৰ পৰা অনুষ্ঠিত গ্ৰন্থমেলাৰ অন্তিম দিনা অনুষ্ঠিত হয় লেখক সমাৰোহ । "প্ৰেৰণা আৰু সৃষ্টি" শীৰ্ষক লেখক সমাৰোহত অংশগ্ৰহণ কৰে ন-পুৰণি লেখক-লেখিকাসকলে । অনুষ্ঠানত অংশগ্ৰহণ কৰে নৱপ্ৰজন্মৰ জনপ্ৰিয় লেখিকা শৰ্মিষ্ঠা প্ৰীতমে । জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে ৰাজপথৰ আন্দোলনতকৈও অধিক প্ৰয়োজন গ্ৰন্থ আন্দোলনৰ । সৃষ্টিৰ বাবে প্ৰেৰণাতকৈ তাড়না অধিক বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰি শৰ্মিষ্ঠাই উল্লেখ কৰে নিজৰ জীৱনৰ সফলতাৰ আঁৰৰ কথা ।

উক্ত লেখক সমাৰোহত অসম সাহিত্য সভাৰ সভাপতিক ক্ষুৰধাৰ সমালোচনা কৰে আলিবাট প্ৰকাশনৰ স্বত্বাধিকাৰী প্ৰাঞ্জল কুমাৰ মহন্তই । যি সময়ত অসমীয়া ভাষা আৰু জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে ৰাজপথত আন্দোলন চলিছে তেনে সময়ত অসম সাহিত্য সভাৰ সভাপতিৰ সন্তান অসমীয়া মাধ্যমত নপঢ়াটো জাতিটোৰ বাবেই দুৰ্ভাগ্য বুলি মন্তব্য কৰে মহন্তই ।

জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে ৰাজপথৰ আন্দোলনতকৈও অধিক প্ৰয়োজন গ্ৰন্থ আন্দোলনৰঃশৰ্মিষ্ঠা প্ৰীতম

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ আন্দোলন অব্যাহত থকাৰ মাজতে নগাওঁ গ্ৰন্থমেলাই লাভ কৰিছে গ্ৰন্থপ্ৰেমীৰ যথেষ্ঠ সঁহাৰি । ইপিনে কেবালক্ষাধিক টকাৰ গ্ৰন্থ বিক্ৰী হৈছে বুলি গ্ৰন্থবিক্ৰেতাসকলে প্ৰকাশ কৰে । অৱশ্যে বহিঃৰাজ্যৰ বহু বিপণীয়ে অংশগ্ৰহণ কৰিব নোৱাৰাতো জনায় গ্ৰন্থমেলা উদযাপন সমিতিৰ যুটীয়া সম্পাদক নৌচাদ আখতাৰ হাজৰিকাই ।

লগতে চাওকঃ26 ডিচেম্বৰত বন্ধ থাকিব কামাখ্যা মন্দিৰৰ দুৱাৰ

Intro:সামৰণি পৰিল নগাওঁ গ্ৰন্থমেলাৰ। অন্তিমটো দিনতো গ্ৰন্থপ্ৰেমীৰ ভিৰ গ্ৰন্থমেলাৰ বাকৰিত। গ্ৰন্থমেলাত সমাবেশ বহু ন পুৰণি লেখক, লেখিকাৰ। হুইল চিয়াৰ লৈ উপস্থিত নৱপ্ৰজন্মৰ সুখ্যাত লেখিকা শৰ্মিষ্ঠা প্ৰীতম। সাহিত্য সভাৰ সভাপতিক ক্ষুৰধাৰ সমালোচনা লেখক সমাৰোহত। গ্ৰন্থমালাৰ শতাধিক বিপনীত বিক্ৰী হৈছে কেবালক্ষাধিক টকাৰ গ্ৰন্থ।

Body:ন পুৰণি লেখক, লেখিকা আৰু বহু গ্ৰন্থপ্ৰেমী লোকৰ সমাগমেৰে সামৰণি পৰিল নগাওঁ গ্ৰন্থমেলা। পুৱাৰ পৰা সন্ধিয়ালৈকে গ্ৰন্থমেলাত ভিৰ গ্ৰন্থপ্ৰেমী লোকৰ। কলঙৰ বাকৰি নেহেৰুৱালীৰ সৌজন্যময়ী ক্ষেত্ৰত ১৭ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হোৱা গ্ৰন্থমেলাৰ অন্তিম দিনা অনুষ্ঠিত হয় লেখক সমাবেশ। প্ৰেৰণা আৰু সৃষ্টি শীৰ্ষক লেখক সমাৰোহত অংশগ্ৰহণ কৰে বহু ন পুৰণি লেখক লেখিকাই। অনুষ্ঠানত অংশগ্ৰহণ কৰে নৱপ্ৰজন্মৰ সুখ্যাত লেখিকা শৰ্মিষ্ঠা প্ৰীতমো। হুইল চিয়াৰ লৈয়েই গ্ৰন্থমেলাৰ লেখক সমাৰোহত অংশগ্ৰহণ কৰি শৰ্মিষ্ঠা প্ৰীতমৰ মন্তব্য। জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে ৰাজপথৰ আন্দোলনতকৈও অধিক প্ৰয়োজন গ্ৰন্থ আন্দোলনৰ। সৃষ্টিৰ বাবে প্ৰেৰণাতকৈ তাড়না অধিক গুৰুত্বপূৰ্ণ বুলিও মন্তব্য কৰি শৰ্মিষ্ঠাই উল্লেখ কৰিলে নিজৰ জীৱনৰ সফলতাৰ আঁৰৰ কথা।
bite- শৰ্মিষ্ঠাৰ ভাষণ।
বহু লেখক, সাহিত্যিক পাঠকে অংশগ্ৰহণ কৰা গ্ৰন্থমেলাৰ লেখক সমাৰোহত অসম সাহিত্য সভাৰ সভাপতিকো ক্ষুৰধাৰ সমালোচনা কৰে আলিবাট প্ৰকাশনৰ স্বত্বাধিকাৰী প্ৰাঞ্জল কুমাৰ মহন্তই। যি সময়ত অসমীয়া ভাষা আৰু জাতিৰ অস্থিত্ব ৰক্ষাৰ বাবে চলিছে ৰাজপথত আন্দোলন। কিন্তু এনে সময়ত অসম সাহিত্য সভাৰ সভাপতিৰ সন্তান অসমীয়া মাধ্যমত নপঢ়াটো জাতিটোৰ বাবেই দুৰ্ভাগ্য বুলি মন্তব্য কৰে প্ৰাঞ্জল মহন্তই।
bite- প্ৰাঞ্জল মহন্তৰ ভাষণ।

Conclusion:নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ আন্দোলন অব্যাহত থকাৰ মাজতে নগাওঁ গ্ৰন্থমেলাই লাভ কৰিছে গ্ৰন্থপ্ৰেমীৰ যথেষ্ট সঁহাৰি। গ্ৰন্থপ্ৰেমীৰ সঁহাৰিৰ বাবে মঙলবাৰে সামৰণি পৰিবলগীয় নগাওঁ গ্ৰন্থমেলাৰ সামৰণি পৰে বুধবাৰে। গ্ৰন্থমেলাৰ শতাধিক বিপনীত বিক্ৰী হৈছে কেবালক্ষাধিক টকাৰ গ্ৰন্থ। অৱশ্যে বহিঃৰাজ্যৰ বহু বিপনী অংশগ্ৰহণ কৰিব পৰা নাই বুলিও জনায় গ্ৰন্থমেলা উদযাপন সমিতিৰ যুটীয়া সম্পাদক নৌচাদ আখতাৰ হাজৰিকাই।
bite-
----------------------------------------------------------------------
নগাঁৱৰ পৰা ৰকিবুল ওৱাহিদ, ই টি ভি ভাৰত অসম
২৫-১২-১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.