ETV Bharat / state

Bihu Workshop in Koliabor: কলিয়াবৰত অনুষ্ঠিত বিহু কৰ্মশালাৰ সফল সামৰণি - End of Bihu Workshop in Koliabor

ব'হাগলৈ মাথো দিনচেৰেক । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হৈছে বিহু কৰ্মশালাৰ । দহদিনীয়াকৈ কলিয়াবৰত অনুষ্ঠিত হৈ যোৱা বিহু কৰ্মশালাৰ সফল সামৰণি (Bihu workshop at Kaliabor) ।

bihu dance workshop at kaliabor ended
কলিয়াবৰত বিহু কৰ্মশালাৰ সফল সামৰণি
author img

By

Published : Mar 30, 2022, 6:59 PM IST

Updated : Mar 30, 2022, 9:09 PM IST

কলিয়াবৰ, ৩০ মাৰ্চ: কলিয়াবৰত অসম সাংস্কৃতিক সঞ্চালকালয়ৰ সৌজন্যত আয়োজিত দহদিনীয়া বিহু কৰ্মশালাৰ সফল সামৰণি(End of Bihu Workshop in Koliabor) । অসম সাংস্কৃতিক সঞ্চালকালয়ৰ সৌজন্যত ’টিপকাই’ৰ উদ্যোগত আৰু কলিয়াবৰৰ সাহিত্য সংস্কৃতি ক্ৰীড়াক্ষেত্ৰৰ অগ্ৰণী অনুষ্ঠান ফ্ৰেণ্ডশ্বীপ ক্লাবৰ সহযোগত মঙ্গলবাৰে কলিয়াবৰৰ নাগশংকৰস্থিত ডা° টি. আও গ্ৰাম্য ক্ৰীড়াঙ্গনত অনুষ্ঠিত দহদিনীয়া বিহু কৰ্মশালাখনিৰ সামৰণি পৰে ।

কলিয়াবৰত বিহু কৰ্মশালাৰ সফল সামৰণি

দুই শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা কৰ্মশালাখনিত মুখ্য প্ৰশিক্ষক হিচাপে প্ৰশিক্ষণ প্ৰদান কৰে বিহুৱা জয়ন্ত সোণোৱালৰ লগতে বিহু সম্ৰাজ্ঞী নীলাক্ষি বৰগোহাঞি, চয়নিকা কাশ্যপ, প্ৰত্যাশী মহন্ত, টিনামনি বৰা, ৰাখী দত্ত, হিমাদ্ৰী বৰাৰ লগতে অৰুণ শইকীয়া, দিপু দত্তকে ধৰি বহুকেইগৰাকী প্ৰশিক্ষকে ৷ সামৰণিৰ দিনটোত অসমৰ এগৰাকী বিশিষ্ট বিহুৱা কৃষ্ণমণি নাথেও প্ৰশিক্ষক ৰূপে অংশগ্ৰহণ কৰে ।

কলিয়াবৰৰ লগতে শোণিতপুৰ, গোলাঘাটকে ধৰি বহুকেইখন জিলাৰ ন-শিকাৰুৰে উখল-মাখল হৈ পৰিছিল সমগ্ৰ পৰিবেশ ৷ প্ৰশিক্ষণ শিৱিৰৰ অন্তত মঙ্গলবাৰে সামৰণী অনুষ্ঠানত প্ৰশিক্ষণপ্ৰাপ্ত প্ৰশিক্ষাৰ্থীসকলেও বিহুনৃত্য পৰিৱেশন কৰে ৷ কৃষ্ণমণি নাথৰ বিহুৰ লহৰত উপস্থিত পুৰুষ-মহিলা, যুৱক-যুৱতীৰ বিহু নাচে এক মুকলি বিহুৰ পৰিৱেশৰ সৃষ্টি কৰে ।

লগতে পঢ়ক: Bihu preparation in Assam : প্ৰিয়জনক বিহুৱান দিবলৈ তাঁতশালত ব্যস্ত শিপিনী

Last Updated : Mar 30, 2022, 9:09 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.