ETV Bharat / state

বেদখলকাৰীক সমৰ্থন কৰে অখিল গগৈয়ে : বিমল বৰা

অখিল গগৈয়ে সমৰ্থন কৰে বেদখলকাৰীক । বিজেপিয়ে বেদখল উচ্ছেদ কৰিবই নগাঁৱত এই মন্তব্য শক্তিমন্ত্ৰী বিমল বৰাৰ।

author img

By

Published : Sep 29, 2021, 7:34 PM IST

বেদখলকাৰীক সমৰ্থন কৰে অখিল গগৈয়ে: বিমল বৰা

নগাঁও, 29 ছেপ্তেম্বৰ : শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰে আৰম্ভ কৰা উচ্ছেদ অভিযান চলিয়েই থাকিব । উচ্ছেদক লৈ কোনো আপোচ নকৰে বিজেপিয়ে । গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাও বেদখলকাৰীৰ কবলত পৰি নিচিহ্ন হোৱাৰ উপক্ৰম হৈছিল যদিও বিজেপি চৰকাৰৰ দৃঢ় পদক্ষেপৰ বাবে আজি পুনৰ নিৰ্মাণ হৈছে । বুধবাৰে নগাঁৱত উপস্থিত হৈ এইদৰে মন্তব্য কৰে ৰাজ্যৰ শক্তিমন্ত্ৰী বিমল বৰাই ।

ধেমাজিত অনুষ্ঠিত হ’বলগীয়া কেবিনেট বৈঠকত অংশগ্ৰহণ কৰিবলৈ যোৱা পথত নগাঁৱত উপস্থিত হৈ স্থানীয় বিধায়ক ৰূপক শৰ্মাক লগত লৈ বিদ্যালয়ত স্থাপন কৰা জলজীৱন মিছন আঁচনি পৰিদৰ্শন কৰে মন্ত্ৰী বিমল বৰাই । এখন বিদ্যালয়ৰ আঁচনি পৰিদৰ্শন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী বিমল বৰাই ।

বেদখল উচ্ছেদ কৰিবলৈ বিজেপি চৰকাৰ সংকল্পবদ্ধ বুলি উল্লেখ কৰি অখিল গগৈয়ে বেদখলকাৰীক সমৰ্থন কৰা বুলি মন্তব্য কৰে মন্ত্ৰী বিমল বৰাই । লগতে চৰকাৰী চাকৰিত নিযুক্তি প্ৰক্ৰিয়াত কেলেংকাৰীত জড়িত কোনো ব্যক্তয়েই ৰেহাই নাপায় বুলি মন্তব্য কৰে মন্ত্ৰী বিমল বৰাই । একেদৰে বুধবাৰে হঠাৎ নগাঁৱত উপস্থিত হোৱা মন্ত্ৰী বিমল বৰাই নগাঁৱৰ কেইবাখনো ভেকচিন প্ৰদান কৰি থকা কেন্দ্ৰ পৰিদৰ্শন কৰে ।

লগতে পঢ়কঃ ৰাইজৰ দল এতিয়া এটা প্ৰাইভেট লিমিটেড কোম্পানী: ভৱেশ কলিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.