ETV Bharat / state

নগাঁৱত দুৰ্নীতি নিৰ্মূলৰ বাবে শপত গ্ৰহণ প্ৰশাসনিক বিষয়াৰ

author img

By

Published : Oct 27, 2021, 6:18 PM IST

এতিয়াৰে পৰা কোনো ধৰণৰ দুৰ্নীতিক প্ৰশ্চয় নিদিয়ে নগাঁৱৰ জিলা উপায়ুক্তৰ কাৰ্যালয় বিষয়া-কৰ্মচাৰীসকলে । বুধবাৰে দুৰ্নীতি নিৰ্মূল কৰাৰ বাবে বিষয়া-কৰ্মচাৰীসকলে শপত লয় । ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে পালন কৰা সজাগতা সপ্তাহৰ অংশ হিচাপে এইদৰে শপত বাক্য পাঠ কৰোৱা হয় ।

Employee took oath to stop corruption at Nagaon DC office
নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ত দুৰ্নীতি নিৰ্মূলৰ বাবে শপত গ্ৰহণ প্ৰশাসনিক বিষয়াৰ

নগাঁও, ২৭ অক্টোবৰ : এখন দেশৰ উন্নতিৰ পথত দুৰ্নীতিয়ে যে বাধাৰ প্ৰাচীৰ হৈ থিয় দিয়ে সেয়া সৰ্বজনবিদিত । প্ৰায়েই দুৰ্নীতিৰ সৈতে বহু চৰকাৰী বিষয়াৰো নাম সাঙোৰ খাই পৰে । সেয়ে, নগাঁৱৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰা হৈছে । দৰাচলতে, ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ।

"স্বাধীন ভাৰত @৭৫: ন্যায়নিষ্ঠাৰ সৈতে আত্মনিৰ্ভৰশীলতা" শীৰ্ষক বিষয়ক লৈ ২০২১ বৰ্ষৰ সতৰ্কতা সজাগতা সপ্তাহ পালন কৰা হৈছে । ২৬ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈ আয়োজিত এই কাৰ্যসূচীৰ অংশ হিচাপে নগাঁও জিলা প্ৰশাসনে বুধবাৰে শপত গ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰে । এই অনুষ্ঠানতে দুৰ্নীতি নিৰ্মূলৰ বাবে শপত গ্ৰহণ কৰে বিষয়া-কৰ্মচাৰীসকলে ।

নগাঁও জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই সভাত উপায়ুক্ত কবিতা পদ্মনাভনে উপস্থিত বিষয়া-কৰ্মচাৰীসকলক এক "ন্যায়নিষ্ঠ শপত" বাক্য পাঠ কৰোৱায় । দুৰ্নীতি নিৰ্মূল আৰু সকলো দিশতে অখণ্ডতা, স্বচ্ছতা আৰু সু-শাসনৰ সৰ্বোচ্চ মান ৰক্ষা কৰাৰ বাবে জিলা প্ৰশাসনৰ বিষয়া আৰু কৰ্মচাৰীসকলে শপত লয় ।

লগতে পঢ়ক:মাৰণাস্ত্ৰ দেখুৱাই নগানদী বনগাঁৱৰ পৰা নগাই কাঢ়ি নিলে কৃষকৰ পশুধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.