বঢ়মপুৰ, 11 ফেব্ৰুৱাৰী: নগাঁৱত নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ কঠিয়াতলী শাখাত কৰ্মৰত এগৰাকী যুৱক সন্ধানহীন হোৱাৰ পাছত দুদিন ধৰি কোনো শুংসূত্ৰ নোলোৱাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ বিগত দুদিন ধৰি বেংকটোত কৰ্মৰত হাজোৰ কৃষ্ণ বৈশ্য নামৰ এজন যুৱক সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে ৷
প্ৰাপ্ত তথ্য অনুসৰি কঠিয়াতলী শাখাৰ নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকত কৰ্মৰত যুৱকজনে অন্য দিনাৰ দৰে বুধবাৰেও কন্দলী আৰু কচুবস্তিৰ পৰা ঋনৰ ধন সংগ্ৰহ কৰিবলৈ গৈছিল ৷ যুৱক জনে ঋনৰ 54 হাজাৰ টকা সংগ্ৰহ কৰি বিয়লি পৰ্যন্ত বেংকলৈ ঘূৰি নহাত চিন্তিত হৈ পৰে বেংক কৰ্তৃপক্ষ ৷ যুৱক জন নিৰুদ্দেশ হোৱাৰ সন্দৰ্ভত বেংক কৰ্তৃপক্ষই কঠিয়াতলী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে বুলিও জানিব পৰা গৈছে ৷ বেংক কৰ্তৃপক্ষৰ লগতে যুৱকজনৰ পৰিয়ালৰ লোকে নিৰুদিষ্ট যুৱকজনৰ সন্ধানত বিচাৰ খোচাৰ আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে যুৱক জনৰ সন্ধান লাভ কৰাত ব্যৰ্থ হৈছে ৷
জানিব পৰা মতে আৰক্ষীয়েও যুৱকজনৰ মবাইল ল'কেশ্বন চাই বামুনীৰ বিভিন্ন স্থানত অভিযান চলাইছে যদিও এই পৰ্যন্ত যুৱকজনৰ কোনো সন্ধান লাভ কৰা নাই ৷ যুৱকজনৰ হাতত যিহেতু ঋনৰ 54 হাজাৰ টকা মজুত আছিল, সেই বাবে কোনো দুষ্ট চক্ৰই অপহৰণ কৰি ধন সমূহ লুটি নিয়াৰো সন্দেহ কৰিছে বেংক কৰ্তৃপক্ষই ৷
লগতে পঢ়ক:নগাঁৱত হাতত ড্ৰাগছৰ চিৰিঞ্জসহ উদ্ধাৰ আৰক্ষীৰ পুত্ৰৰ মৃতদেহ