ETV Bharat / state

চামগুৰিৰ হাঁহচৰা বৰালী গাঁৱত নিশা বন্যহস্তীৰ উপদ্ৰৱ - বনকৰ্মীয়ে কৰা টুলুঙা মন্তব্য

ধাননি পথাৰত বিগত কেইবাদিনৰ পৰা বন্যহস্তীৰ এটা জাকে বিচৰণ কৰি তহিলং কৰিছে বিঘাই-বিঘাই ধাননি পথাৰ। আতংকৰ মাজতে এতিয়া গাঁওবাসীয়ে দিন অতিবাহিত কৰিবলগীয়া পৰিবেশ সৃষ্টি হৈছে ।

elephants-terror-at-samuguri
চামগুৰিৰ হাঁহচৰা বৰালী গাঁৱত নিশা বন্যহস্তীৰ উপদ্ৰৱ
author img

By

Published : Nov 17, 2020, 10:51 AM IST

চামগুৰি,17নৱেম্বৰঃ নগাঁও জিলাৰ চামগুৰিৰ হাঁহচৰা বৰালী গাঁৱত বন্যহস্তীৰ উপদ্ৰৱ। বন্যহস্তীৰ জাকটোৱে সোমবাৰে নিশা বিনষ্ট কৰিলে ধাননি পথাৰ । উল্লেখযোগ্য যে, ধাননি পথাৰত বিগত কেইবাদিনৰ পৰা বন্যহস্তীৰ এটা জাকে বিচৰণ কৰি তহিলং কৰিছে বিঘাই-বিঘাই ধাননি পথাৰ ।

চামগুৰিৰ হাঁহচৰা বৰালী গাঁৱত নিশা বন্যহস্তীৰ উপদ্ৰৱ

বন বিভাগৰ অবিহনে ফটকা ফুটাই দোভাগ ৰাতিলৈকে হাতী খেদিছে স্থানীয় কৃষকে। ইপিনে হাতী খেদাৰ বিপৰীতে বনকৰ্মীয়ে কৰা টুলুঙা মন্তব্যত চৰম অসন্তুষ্টি প্ৰকাশ কৰিছে হাঁহচৰা বৰালী গাঁৱৰ ভুক্তভোগী কৃষকে। আনহাতে নিশা হলেই এতিয়া গাঁওখনৰ পুৰুষ, মহিলাই বন্যহস্তীৰ ভয়ত উজাগৰী নিশা কটাবলগীয়া হৈছে । সম্প্ৰতি আতংকৰ মাজতে এতিয়া গাঁওবাসীয়ে দিন অতিবাহিত কৰিব লগীয়া পৰিবেশ সৃষ্টি হৈছে ।

লগতে পঢ়কঃ ৱাজেদ আলী চৌধুৰীৰ বিৰ্তকিত মন্তব্য প্ৰসংগঃ বিধায়ক বিমল বৰা, প্ৰাক্তন মন্ত্ৰী এটুৱা মুণ্ডাৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.