ETV Bharat / state

বঢ়মপুৰৰ বিভিন্ন এলেকাত বন্যহস্তীৰ ত্ৰাস - বন বিভাগৰ নিম্ন ভূমিকা

নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত এতিয়া আতংকৰ অন্য নাম বন্যহস্তী ৷ বন্যহস্তীৰ জাকে প্ৰতিদিনে পথাৰৰ সোণালী ধান খাই নষ্ট কৰাৰ লগতে ৰাইজৰ ঘৰ দুৱাৰ ভাঙি চূড়মাৰ কৰি যায় ৷

Nagaon
বন্যহস্তীৰ ত্ৰাস
author img

By

Published : Dec 26, 2019, 7:53 PM IST

বঢ়মপুৰ, 26 ডিচেম্বৰঃ নগাঁও জিলাৰ কামপুৰৰ বিভিন্ন এলেকাত বিগত এটা মাহ ধৰি বন্যহস্তীয়ে ত্ৰাস চলাই থকা তথ্য পোহৰলৈ আহিছে ৷ বিগত এটা মাহ ধৰি বন্যহস্তীৰ তাণ্ডৱত ত্ৰস্তমান হৈ থকা ৰাইজে অভিযোগ কৰে ৷ এই ক্ষেত্ৰত বন বিভাগৰ নিম্ন ভূমিকাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ৷

বঢ়মপুৰৰ ভিন্ন এলেকাত বন্যহস্তীৰ ত্ৰাস
জানিব পৰা মতে কামপুৰৰ ভিন্ন অঞ্চলত প্ৰতিদিনে বন্যহস্তীৰ জাক পাহাৰৰ পৰা বনাঞ্চললৈ নামি আহে ৷ ৰাইজৰ খেতি পথাৰ আৰু ঘৰ দুৱাৰ ভাঙি নষ্ট কৰে ৷ কামপুৰৰ পটিয়াপাম, কাৱৈমাৰী, তেতেলীসৰা, নৈপাম, বৰকোলা আদি বিভিন্ন প্ৰান্তত নিশাৰ লগতে দিনৰ পোহৰতো বন্যহস্তীয়ে পথাৰত ত্ৰাসৰ সৃষ্টি কৰিছে ৷ ৰাইজৰ অভিযোগ অনুসৰি ৰাজ্যৰ বিয়াগোম বন বিভাগে দিনে নিশাই ত্ৰাসৰ সৃষ্টি কৰি অহা বন্যহস্তী খেদাত ব্যৰ্থ হৈছে ৷

লগতে পঢ়ক - বকোত আৰক্ষীৰ জালত নাৰী ব্যৱসায়ী চক্ৰ

Intro:বঢ়মপুৰৰ কামপুৰ বিভিন্ন এলেকাত বিগত এটা মাহ ধৰি বন্যহস্তীয়ে চলাইছে সন্ত্ৰাস । বনবিভাগৰ বিৰুদ্ধে ক্ষোভিত স্থানীয় ৰাইজ ।

Anchor=মুখ্যমন্ত্ৰীৰ বৰাক- ব্ৰহ্মপুত্ৰ ; পাহাৰ - ভৈয়ামৰ শ্লগান বাস্তৱত পৰিণত কৰিছে এজাক বন্যহস্তীয়ে ।পাহাৰৰ বন্যহস্তী বসবাস কৰে ভৈয়ামত ।এই অভিযোগ আমাৰ নহয় । এই অভিযোগ বিগত এটা মাহ বন্যহস্তীৰ তাণ্ডৱত তস্তমান হৈ থকা ৰাইজৰ ।নগাওঁজিলাৰ কামপুৰৰ বিভিন্ন এলেকাত বিগত এটা মাহ ধৰি বন্যহস্তীয়ে সন্ত্ৰাস চলোৱাৰ পিছত বনবিভাগৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ।

Body: V/o= কামপুৰৰ বিভিন্ন অঞ্চলত প্ৰতিদিনে পাহাৰৰ পৰা হস্তীৰ জাক নামি আহে ভৈয়ামলৈ ৷ আৰু ভৈয়ামত থকা ৰাইজৰ ঘৰ দুৱাৰ ভাঙি নষ্ট কৰি যায় খেতি পথাৰ ৷ হয়, নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত এতিয়া আতংকৰ অন্য নাম বন্যহস্তী ৷ বন্যহস্তীৰ জাকে প্ৰতিদিনে পথাৰৰ সোনালী ধান খাই খাই নষ্ট কৰাৰ লগতে ঘৰ দুৱাৰ ভাঙি চুৰমাৰ কৰি যায় ৷ কামপুৰৰ পটিয়াপাম, কাৱৈমাৰী,তেতেলীসৰা,নৈপাম, বৰকোলা আদি বিভিন্ন প্ৰান্তত নিশাৰ লগতে দিনৰ পোহৰতো বন্যহস্তীয়ে পথাৰত সন্ত্ৰাসৰ সৃষ্টি কৰিছে ৷দিনে নিশাই সন্ত্ৰাসৰ সৃষ্টি কৰি অহা বন্য হস্তীক খেদাত ব্যৰ্থ হৈছে ৰাজ্যৰ বিয়াগোম বন বিভাগ ৷

Byte=স্থানীয় ৰাইজConclusion:বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.