ETV Bharat / state

নাৰী দিৱস বিশেষ : পদপথত কঠোৰ জীৱন সংগ্ৰামত ব্ৰতী শিক্ষিত যুৱতী, মহিলাৰ কথাৰে... - women empowerment by running roadside stall

জীৱন মানেই যে কঠোৰ সংগ্ৰাম সেয়া মৰ্মে মৰ্মে উপলব্ধি কৰি আগবাটিছে নগাঁৱৰ কেইগৰাকীমান উচ্চ শিক্ষিত যুৱতীৰ লগতে একাংশ মহিলাই । কোনোয়ে যদি চাহৰ দোকান, আন কোনোৱে আকৌ অন্যান্য ব্যৱসায় কৰি চলাই গৈছে জীৱনৰ সংগ্ৰামখন (women empowerment by running roadside stall) ৷ চাৰিবেৰৰ মাজতে আৱদ্ধ নাথাকি কঠোৰ জীৱন সংগ্ৰামত ব্ৰতী কেইগৰাকী উদ্যমী যুৱতী মহিলাৰ কথাৰে ই টি ভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন ।

womens-in-hard-life-struggle-on-the-footpath
পদপথত কঠোৰ জীৱন সংগ্ৰামতত ব্ৰতী শিক্ষিত যুৱতী, মহিলা
author img

By

Published : Mar 8, 2022, 6:27 AM IST

Updated : Mar 8, 2022, 3:13 PM IST

নগাঁও, 7 মাৰ্চ : শিক্ষিত মানেই যে চাকৰিৰ আশাত সময় অপচয় কৰিব নালাগে, মহিলা মানেই যে ঘৰৰ ঘৈণী হৈ চাৰিবেৰৰ মাজত আৱদ্ধ হৈ থাকিব নালাগে, তাকে প্ৰমাণ কৰি দেখুৱালে নগাঁৱৰ কেইগৰাকীমান শিক্ষিতা যুৱতীৰ লগতে বহু মহিলাই । যুৱতী অথৱা মহিলা হৈও যে আত্মনির্ভৰশীল হ'ব পাৰি ইয়াৰে এক জ্বলন্ত উদাহৰণ (educated female setting example of women empowerment) নগাঁৱৰ কেইগৰাকীমান উদ্যমী যুৱতী তথা মহিলাই( women empowerment by running roadside stall) ।

ইফালে, কাৰ্বি আংলং জিলাৰ এইগৰাকী নমিতা নাথে নগাঁৱৰ এটা ব্যক্তিগত অতিথিশালাত থাকি চৰকাৰী খণ্ডৰ অগ্ৰণী শিক্ষানুষ্ঠানৰ পৰা লাভ কৰিছে স্নাতক ডিগ্ৰী । ইংৰাজী বিষয়ত অনাৰ্ছ লৈ এতিয়া স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ সপোন এইগৰাকী নমিতা নাথৰ । পিতৃ মাতৃয়ে বিচাৰিছিল নমিতাই সন্ধান কৰক এটা চৰকাৰী চাকৰি । কিন্তু ইয়াৰ বিপৰীতে নমিতাই নিজৰ মোবাইল ফোন বিক্ৰী কৰি নগাঁও চহৰৰ আমোলাপট্টি নাট্য মন্দিৰৰ সমীপৰ পদপথত আৰম্ভ কৰিছে এ কে চাইৱালী নামৰ এখন চাহৰ দোকান । চাহ দোকানেৰে উপাৰ্জন কৰা ধনেৰে এতিয়া নিজৰ সপোন পূৰণ কৰাৰ হাবিয়াস নমিতাৰ ৷ নিজে উপাৰ্জন কৰা ধনেৰে স্নাতকোত্তৰত নামভৰ্তি কৰিব এইগৰাকী নমিতা নাথে ।

পদপথত কঠোৰ জীৱন সংগ্ৰামতত ব্ৰতী শিক্ষিত যুৱতী, মহিলা

ইফালে, নগাঁৱৰ পুৰণিগুদামৰ এইগৰাকী উচ্চ শিক্ষিতা যুৱতী ইন্দুশ্ৰী কলিতাইয়ো নগাঁও চহৰৰ চামগুৰি বাছ আস্থানৰ ইক' গেছৰ সমীপত থকা এইখন 'বাট ৰ চাহ' নামৰ দোকানেৰে চলাই গৈছে জীৱন সংগ্ৰাম | চাহৰ দোকানেৰে উপাৰ্জনৰ পথ বাছি লোৱা ইন্দুশ্ৰী কলিতাৰ শিক্ষাগত অৰ্হতা শুনিলে আচৰিত হ'ব আপুনিও । অসমীয়া ভাষা আৰু সাহিত্য বিষয়ত পৃথকে পৃথকে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে এইগৰাকী ইন্দুশ্ৰী কলিতাই ।

দুটাকৈ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লৈয়ো চাকৰিৰ আশাত বহি নাথাকি চাহৰ দোকানেৰে স্বাৱলম্বীতাৰ পথ বাছি লৈছে এইগৰাকী ইন্দুশ্ৰী কলিতাই । যি সময়ত এটা চৰকাৰী চাকৰি বিচাৰি লাখ লাখ শিক্ষিত যুৱক যুৱতীয়ে হাবাথুৰি খাইছে তেনে সময়তে দুটাকৈ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি আত্মনির্ভৰশীল হোৱাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে ইন্দুশ্ৰী কলিতাই ।

আনফালে, নগাঁও চহৰৰ পদপথত কঠোৰ জীৱন সংগ্ৰাম কৰা কেইগৰাকীমান মহিলা । নগাঁৱৰ নেহেৰুৱালীৰ সন্মূখৰ পদপথত সৰু পান দোকান এখনেৰে বিগত দহ বছৰে নিজৰ পৰিয়াল পোহপাল দি আহিছে এইগৰাকী মহিলাই । স্বামীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি কোলাত কণমানি কেঁচুৱা লৈয়েই আৰম্ভ কৰিছিল এই সৰু দোকানখন । ডিগাৰুৰ এইগৰাকী মহিলাই নগাঁও চহৰত ভাড়াঘৰ লৈ এই দোকানখনেৰে চলাইছে নিজৰ পৰিয়াল ৷

কেৱল এইকেইগৰাকী মহিলাই নহয়, নগাঁৱৰ কলঙৰ বাকৰি নেহেৰুৱালীৰ সন্মূখৰ পদপথত ঘৰত প্ৰস্তুত কৰা পিঠা, বাৰীৰ শাক পাচলি বিক্ৰী কৰি উলিয়াইছে জীৱিকাৰ পথ ।

লগতে পঢ়ক : ইউক্ৰেইনৰ পৰা অসমলৈ ঘূৰি অহা ছাত্ৰীৰ বৰ্ণনা :বাংকাৰৰ ভিতৰতে দুদিন লুকাই আছিলো আমি

Last Updated : Mar 8, 2022, 3:13 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.