ETV Bharat / state

মাইলছ ব্ৰন্সনৰ পদধূলিৰে সমৃদ্ধ নগাঁও: শিক্ষামন্ত্ৰী - nagaon college

সোমবাৰে নগাঁও মহাবিদ্য়ালয়ত উপস্থিত থাকি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে(Education minister at Nagaon College) মাইলছ ব্ৰন্সনৰ পদধূলিৰে নগাঁও সমৃদ্ধ বুলি মন্তব্য কৰে ৷ লগতে শিক্ষামন্ত্ৰীগৰাকীয়ে মহাবিদ্যালয়সমূহক কৰ্মদক্ষতা মূল্যায়নৰ প্ৰতিও আহ্বান জনায় ৷

মাইলছ ব্ৰন্সনৰ পদধূলিৰে সমৃদ্ধ নগাঁও
মাইলছ ব্ৰন্সনৰ পদধূলিৰে সমৃদ্ধ নগাঁও
author img

By

Published : Dec 13, 2021, 9:39 PM IST

নগাঁও, 13 ডিচেম্বৰ: শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে মহাবিদ্যালয়সমূহক কৰ্মদক্ষতা মূল্যায়নৰ প্ৰতি আহ্বান জনায় । প্ৰধানমন্ত্ৰীৰ স্বচ্ছতা, উদ্ভাৱন আৰু জ্ঞান হাব নিৰ্মাণ- এই তিনিটা আহ্বানৰ প্ৰতি শিক্ষক-শিক্ষয়ত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰে আৰু ইয়াৰ অংশীদাৰ হ'বলৈ সকলোকে আহ্বান জনায় । মাইলছ ব্ৰন্সনৰ পদধূলিৰে সমৃদ্ধ নগাঁৱত শিক্ষাৰ কেন্দ্ৰ হোৱাৰ সম্পূৰ্ণ সুযোগ আৰু সুবিধা আছে বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ।

তদুপৰি ছাত্ৰ- ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলক আত্মনিৰ্ভৰশীল ভাৰতৰ লগতে আত্মনিৰ্ভৰশীল নগাঁও গঢ়াৰ প্ৰতিও তেওঁ আহ্বান জনায় । নগাঁও কলেজক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ ঘোষণাৰ পৰিপ্ৰেক্ষিতত নগাঁও কলেজ (স্বায়ত্ব শাসিত)ৰ আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ উদ্যোগত অনুষ্ঠিত ধন্যবাদ আৰু কৃতজ্ঞতা অনুষ্ঠানত উপস্থিত থাকি এই মন্তব্য প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক: চৰকাৰৰ ইতিবাচক পদক্ষেপৰ পাছত বিৰোধীৰ প্ৰতিবাদ কৰিবলৈ ইছ্যু নোহোৱা হ'ল : শিক্ষামন্ত্ৰী

আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সমন্বয়ক ড৹ ভুৱন চন্দ্ৰ চুতীয়াই আঁত ধৰা এই অনুষ্ঠানত নগাঁও কলেজ (স্বায়ত্ব শাসিত)ৰ পৰিচালনা সমিতিৰ সভাপতি ড৹ শৰৎ কুমাৰ দত্তই সভাপতিত্ব কৰে আৰু অধ্যক্ষ ড৹ শৰৎ বৰকটকীয়ে আদৰণি ভাষণ প্ৰদান কৰে ।

ড৹ বৰকটকীয়ে ভাষণত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী আৰু স্থানীয় বিধায়কক ধন্যবাদ জ্ঞাপন কৰি নগাঁও কলেজৰ ৭৭ বছৰীয়া পৰিক্ৰমাৰ এক চমু আভাস দাঙি ধৰে । বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই নগাঁও কলেজৰ এন চি চি আৰু এন এছ এছৰ সদস্যসকলক লৈ প্ৰধানমন্ত্ৰীৰ স্বচ্ছতা অভিযানৰ অংশীদাৰ হৈ নগাঁও চহৰক নতুন ৰূপত সজোৱাৰ পৰিকল্পনাৰ কথা অৱগত কৰে ।

সোমবাৰে অনুষ্ঠিত এই সভাত নগাঁৱৰ কলেজসমূহৰ অধ্যাপক-অধ্যাপিকা, ছাত্ৰী- ছাত্ৰী আৰু এন এছ এছ, এন চি চিৰ সদস্যসকল উপস্থিত থাকে আৰু ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ৰঞ্জিত কুমাৰ মজুমদাৰে শলাগৰ শৰাই আগবঢ়ায় ।

লগতে পঢ়ক: SFI protest in Gauhati University: গুৱাহাটী বিশ্ববিদ্যালয়ত এছ এফ আইৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.