নগাঁও 24 এপ্ৰিলঃ দেশজুৰি দ্বিতীয় পৰ্যায়ৰ লক ডাউন অব্যাহত থকাৰ মাজতে চৰকাৰে কিছু পৰিমাণে শিথিল কৰিছে যদিও দুৰ্দশাই যেন পিছ এৰা নাই কৃষক ৰাইজক। নগাঁও জিলাৰ চামগুৰিৰ এৰাকলং-মাজুলীৰ কৃষক ৰাইজৰ মাজত সীমাহীন দুৰৱস্থাই দেখা দিছে ৷ লক ডাউনৰ ফলত এতিয়া পথাৰতে পকী সৰি নষ্ট হৈছে প্ৰায় এহেজাৰ বিঘা মাটিত কৰা বিভিন্ন প্ৰকাৰৰ পাচলি ৷ অঞ্চলটোৰ প্ৰায় ডেৰশটি কৃষকৰ পৰিয়ালে কৰা বন্ধাকবি,পটল,কুণ্ডলি,জলকীয়া,বেঙেনা,তিয়হ, বিলাহী,স্কোৱাচ,জিকা আদি বিভিন্ন প্ৰকাৰৰ কেঁচা শাক পাচলি প্ৰতি বছৰে উজনি অসমৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ যোগান ধৰি স্বাৱলম্বী হৈ উঠিছিল কৃষক সকল ।
আনহাতে এইবাৰ লক ডাউনৰ বাবে বজাৰত পাইকাৰী ক্ৰেতাৰ অভাৱত উৎপাদিত ফচল সমূহ পথাৰতে নষ্ট হোৱাত হাহাকাৰ লাগিছে এৰাকলং-মাজুলীৰ কৃষক ৰাইজৰ মাজত। অতি উদ্বেগজনক বিষয় এইয়ে যে,অঞ্চলটোৰ প্ৰায় সৰহসংখ্যক কৃষকেই বেংক অথবা আন কোনো বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণলৈ কৰিছিল কৃষিকাৰ্য। ঋণ পৰিশোধ কৰিব নোৱাৰি বিপাঙত পৰাৰ লগতে হতাশগ্ৰষ্টতাত ভুগিছে কৃষক ৰাইজে ৷ অতি শীঘ্ৰে কৃষি মন্ত্ৰী অতুল বৰাক কৃষিপ্ৰধান অঞ্চলটো পৰিদৰ্শন কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰি কৃষক ৰাইজক সকাহ প্ৰদান কৰিবলৈ আহ্বান জনাইছে অন্যথা অঞ্চলটোৰ কৃষক ৰাইজৰ ভৱিষ্যৎ অন্ধকাৰ হৈ পৰিব বুলি জনাইছে ।
লগতে চাওকঃ গোলাঘাটত সমুখ সমৰত বন্যহস্তী আৰু মানুহ!