নগাঁও, 25 অক্টোবৰ: নগাঁৱৰ এখন ব্যতিক্ৰমী দুৰ্গাপূজা ৷ পূজাখন অনুষ্ঠিত হৈছে নগাঁৱৰ ৰণথলীত ৷ পূজাখন এইবাবেই ব্যতিক্ৰমী যে, মণ্ডপৰ বেদীত অধিস্থিত দেৱী দুৰ্গাৰ লগতে আন আন দেৱ-দেৱী সকলৰ মূৰ্তিৰ পৰিধান কৰোৱা হৈছে অসমীয়া পৰম্পৰাগত গহনা ৷
আন কোনো নহয়, অসমীয়া গহনাক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা উদ্যমী যুৱক উৎপল বনিয়াই কৰিছে এই ব্যতিক্ৰমী প্ৰচেষ্টা ৷ উৎপল বনিয়াই আয়োজন কৰা পূজাত দেৱী দুৰ্গাকে ধৰি আন সকলো দেৱ-দেৱীক ভূষিত কৰোৱা হৈছে অসমীয়া আভূষণেৰে ৷ জোনবিৰি, গামখাৰুকে ধৰি ভিন্ন অসমীয়া গহনাৰে সজাই পৰাই তোলা হৈছে প্ৰতিমা ৷
লগতে পঢ়ক: মন্ত্ৰী হিমন্তক লগত লৈ পাণ্ডুৰ পূজাস্থলীত মুখ্যমন্ত্ৰী সোণোৱাল