ETV Bharat / state

ঐক্যৰ বাৰ্তাবাহক বঢ়মপুৰৰ এখন বিশেষ পূজা... - ঐক্যৰ বাৰ্তাবাহক বঢ়মপুৰৰ এখন বিশেষ পূজা...

সামাজিক দুৰত্ব বৰ্তাই ৰাখি অনুষ্ঠিত এখন পূজাত দেখা গৈছে উৎসৱমুখৰ পৰিৱেশ ৷ মণ্ডপত প্ৰৱেশৰ পূৰ্বে চেনিটাইজাৰ ব্যৱহাৰ কৰিছে প্ৰতিগৰাকী ভক্তই ৷ ধৰ্মীয় সংকীৰ্ণতা পৰিহাৰ কৰি অনুষ্ঠিত পূজাখনৰ বিশেষত্ব কি সেয়া জানিবলৈ চাওক আমাৰ এই প্ৰতিবেদন-

durga pratima made by hindu muslim police special story assam etv bharat news
বঢ়মপুৰৰ এখন বিশেষ পূজা...
author img

By

Published : Oct 25, 2020, 1:44 PM IST

নগাঁও,24 অক্টোবৰ: এখনি দুৰ্গাপূজা ৷ এই পূজা অন্যতকৈ কিছু পৰিমাণে ব্যতিক্ৰম ৷ মাটিৰ মূৰ্তিৰ সলনি পূজা কৰা হৈছে কাঠৰ প্ৰতিমাত ৷ পূজাখন অনুষ্ঠিত হৈছে নগাঁৱৰ বঢ়মপুৰত ৷ বিগত প্ৰায় ছয় বছৰ পূৰ্বে নিৰ্মাণ কৰা এখনি দুৰ্গা প্ৰতিমা স্থায়ী মন্দিৰত স্থাপন কৰি এইবেলি আৰম্ভ হৈছে পূজা ৷ বিশেষ চৰ্চা লাভ কৰা পূজাখন অনুষ্ঠিত হৈছে নগাঁৱৰ নৱম আৰক্ষী বেটেলিয়নৰ চৌহদত ৷ খাকী পোচাকধাৰী দুগৰাকী ব্যক্তিৰ তৎপৰতাত অনুষ্ঠিত হোৱা এই পূজাত দেৱীৰ আশীষ বিচাৰি ভিৰ কৰিছেহি ভক্তসকলে৷ এই পূজাৰ আঁৰৰ ব্যক্তি দুগৰাকী হৈছে পংকজ মহন্ত আৰু মণি আহমেদ ৷

পংকজ মহন্ত অসম আৰক্ষীৰ এগৰাকী উপ-পৰিদৰ্শক হোৱাৰ বিপৰীতে মণি আহমেদ এগৰাকী কনিষ্টবল ৷ ব্যস্ততাপূৰ্ণ জীৱনৰ মাজতে দুইগৰাকী ব্যক্তিয়ে কাঠেৰে সাজি উলিয়াইছে দুৰ্গা প্ৰতিমা ৷ এয়া আছিল 6 বছৰ পূৰ্বৰ কথা ৷ ছবছৰ পূৰ্বে চৌহদটোত উঘালি পৰিছিল এজোপা নিম গছৰ লগতে এজোপা সিজু গছ ৷ গছ দুজোপাক লৈ চিন্তা-চৰ্চা অব্যাহত ৰাখিছিল আৰক্ষী দুগৰাকীয়ে ৷ গছ দুজোপাৰে আৰম্ভ কৰিলে প্ৰতিমা নিৰ্মাণৰ কাম ৷ এইক্ষেত্ৰত ইন্ধন যোগালে আৰক্ষীৰ উৰ্ধতন কৰ্তৃপক্ষয়ো ৷ এঘাৰ মাহৰ প্ৰচেষ্টাৰ অন্তত সাকাৰ ৰূপ লাভ কৰিলে প্ৰতিমাখনিয়ে ৷ উক্ত প্ৰতিমাৰে বিগত ছবছৰে পূজা অনুষ্ঠিত কৰি আহিছে আৰক্ষী জোৱানসকলে ৷ এইবাৰ কিছু ব্যতিক্ৰম হ’ল এই পূজাত ৷ প্ৰথমবাৰৰ বাবে চৌহদটোৰ নৱ নিৰ্মিত স্থায়ী মন্দিৰত পূজা অনুষ্ঠিত হৈছে ৷ পূজা কমিটিয়েও অৱলম্বন কৰিছে সতৰ্কতামূলক ব্যৱস্থা ৷

বঢ়মপুৰৰ এখন বিশেষ পূজা...

সামাজিক দুৰত্ব বৰ্তাই ৰাখি অনুষ্ঠিত পূজাখনত দেখা গৈছে উৎসৱমুখৰ পৰিৱেশ ৷ মণ্ডপত প্ৰৱেশৰ পূৰ্বে চেনিটাইজাৰ ব্যৱহাৰ কৰিছে প্ৰতিগৰাকী ভক্তই ৷ ধৰ্মীয় সংকীৰ্ণতা পৰিহাৰ কৰি অনুষ্ঠিত পূজাখনত দুয়োগৰাকী আৰক্ষী হৈ পৰিছে অন্য দহগৰাকীৰ বাবে আদৰ্শস্বৰূপ ৷ আৰক্ষী দুগৰাকীৰ এনে কাৰ্যৰ বাবে গৌৰৱবোধ কৰিছে বঢ়মপুৰবাসীয়ে ৷

লগতে চাওকঃ মহাষ্টমী বিশেষ: ভৈৰৱী মন্দিৰত ভক্তৰ ভিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.