ETV Bharat / state

Dumpers terror on roads: নগাঁও ধিং সংযোগী গড়কাপ্তানি পথত ডাম্পাৰৰ দৌৰাত্ম্য

author img

By

Published : Jan 24, 2023, 1:57 PM IST

নগাঁও ধিং সংযোগী গড়কাপ্তানি পথত ডাম্পাৰৰ দৌৰাত্ম্য (Dumpers terror on roads in Nagaon) । ডাম্পাৰৰ দৌৰাত্ম্যত অতিষ্ঠ পথচাৰী । সঘনাই সংঘটিত হৈছে দুৰ্ঘটনা । কিন্তু নীৰৱ প্ৰশাসন, পৰিবহন বিভাগ । উপায়ন্তৰ হৈ অতিষ্ঠ ৰাইজে অৱশেষত জব্দ কৰিলে ৰাজপথত ত্ৰাসৰ সৃষ্টি কৰা দুখনকৈ ডাম্পাৰ (Public seized dump truck causing terror on roads) ।

Tipper terror continues on Nagaon Dhing PWD roads
গৰকাপ্তানী পথত ডাম্পাৰৰ দৌৰাত্ম্য
গৰকাপ্তানী পথত ডাম্পাৰৰ দৌৰাত্ম্য

নগাঁও, 24 জানুৱাৰী: নগাঁও ধিং সংযোগী গড়কাপ্তানি পথত একাধিক ডাম্পাৰে চলোৱা দৌৰাত্ম্যই শেহতীয়াকৈ অতিষ্ঠ কৰি তুলিছে সাধাৰণ পথচাৰীৰ লগতে পথটোৰ দাঁতিকাষৰীয়া বাসিন্দাক (Tipper terror continues on Nagaon)। নগাঁও ধিং সংযোগী পথত এক প্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰিছে একাধিক ডাম্পাৰে । দীৰ্ঘদিনৰ পৰাই পথটোত একাধিক ডাম্পাৰে দৌৰাত্ম্য অব্যাহত ৰখাৰ পিছতো ৰহস্যজনক নীৰৱতা অৱলম্বন কৰি আহিছে নগাঁও জিলা প্ৰশাসনৰ লগতে জিলা পৰিবহণ বিভাগে ।

উল্লেখযোগ্য যে, নগাঁও চহৰৰ মাজেৰে দৈনিক অতিৰিক্ত শিল বালি কঢ়িওৱা শ শ ডাম্পাৰ পাৰ হৈ যোৱাৰ পিছতো চকুত নপৰে জিলা পৰিবহণ বিভাগৰ । নগাঁও চহৰৰ এলফিনিষ্টন চাৰিআলি হৈ ভূঞাপট্টিয়েদি অতিৰিক্ত শিল, বালি কঢ়িওৱা ডাম্পাৰ তীব্ৰ বেগেৰে দৈনিক পাৰ হোৱাক লৈ শংকিত হৈ পৰে পথচাৰীসকল (Nagaon Dhing PWD road)। নগাঁও চহৰকে ধৰি কেইবাটাও পথৰ লগতে নগাঁও ধিং গড়কাপ্তানি পথত শেহতীয়াকৈ একাধিক ডাম্পাৰে চলোৱা অতপালিত ক্ষুণ্ণ হৈ সোমবাৰে নিশা তীব্ৰ বেগী ডাম্পাৰ জব্দ কৰে স্থানীয় লোকে ।

লগতে পঢ়ক: Road accident at Mangaldoi : মঙলদৈত মাটি কঢ়িওৱা ডাম্পাৰৰ খুন্দাত নিহত দুই যুৱক

সোমবাৰে নিশা বটদ্ৰৱাৰ ৰাজপথত ত্ৰাসৰে সৃষ্টি কৰা ডাম্পাৰ আবদ্ধ কৰে স্থানীয় উত্তেজিত ৰাইজে । ক্ষুব্ধ স্থানীয় ৰাইজে ডাম্পাৰখন আৱদ্ধ কৰাৰ পাছতেই সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ । সোমবাৰে নগাঁৱৰ ধিঙত সামগ্ৰী পেলাই ধিঙৰ পৰা নগাঁও অভিমুখে আহি থকা অৱস্থাত ডাম্পাৰখন জব্দ কৰে উত্তেজিত জনতাই । স্থানীয় ৰাইজে বটদ্ৰৱাৰ পুৰণা বাছ আস্থানত বাট আগুচি জব্দ কৰিবলৈ সক্ষম হয় তীব্ৰবেগী ডাম্পাৰ খনক ।

AS-02CC-3547 নম্বৰৰ ডাম্পাৰখনৰ দৌৰাত্ম্যৰ বাবে কেইবাখনো বাহন দুৰ্ঘটনাত পতিত হোৱাৰ উপক্ৰম হৈছিল । সোমবাৰে নিশা তীব্ৰবেগী এই ডাম্পাৰখনৰ খুন্দাৰ পৰা কথমপি ৰক্ষা পৰে দুখনকৈ বাহন । ডাম্পাৰখন ৰাইজে জব্দ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ কিছু সময় পিছতেই ঘটনাস্থলীত উপস্থিত হয় বটদ্ৰৱা আৰক্ষী ।

ঘটনাস্থলীৰে বটদ্ৰৱা আৰক্ষী উপস্থিত হৈ ডাম্পাৰখনৰ লগতে ডাম্পাৰখনৰ চালক জনকো থানালৈ লৈ যায় । উল্লেখ্য যে, নগাঁও ধিং সংযোগী পথত একাধিক ডাম্পাৰে সন্ত্ৰাসৰ সৃষ্টি কৰাৰ ফলত প্ৰায়েই পথটোত সংঘটিত হয় দুৰ্ঘটনা । এসপ্তাহ মান পূৰ্বেও বটদ্ৰৱাৰ ভোমোৰাগুৰিত তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত এগৰাকী মহিলাৰ থিতাতে মৃত্যু হৈছিল ।

লগতে পঢ়ক: Dumper Seized: সোণাৰিত অবৈধভাৱে শিল কঢ়িওৱা ডাম্পাৰ জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.