ETV Bharat / state

নতুন ক'ভিড বিধি মানি ২ বজাত বন্ধ হৈ পৰিল ৰূপহীৰ সাপ্তাহিক বজাৰ - ৰূপহীহাট আৰক্ষীৰ তৎপৰতাত বন্ধ হ'ল ৰূপহীহাট সাপ্তাহিক বজাৰ

চৰকাৰী নিৰ্দেশনা মানি ৰূপহীহাট আৰক্ষীৰ তৎপৰতাত বন্ধ হ'ল ৰূপহীৰ সাপ্তাহিক বজাৰ ৷ চৰকাৰ তথা প্ৰশাসনৰ নীতি-নিয়ম মানি বুধবাৰে বন্ধ কৰিলে ৰূপহীৰ সাপ্তাহিক বজাৰ ।

Weekly Market Close
নতুন ক'ভিড বিধি মানি ২ বজাত বন্ধ হৈ পৰিল ৰূপহীহাট সাপ্তাহিক বজাৰ
author img

By

Published : May 5, 2021, 8:43 PM IST

ৰূপহীহাট,৫ মে': প্ৰতিদিনে সমগ্ৰ দেশৰ লগতে ৰাজ্যতো অপ্ৰতিৰোধ্যভাৱে মহামাৰী কৰ'ণা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পাইছে । কৰ'ণাৰ দ্বিতীয় ঢৌৱে দেশৰ লগতে ৰাজ্যতো সংহাৰী ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে বুধবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ সকলো বিদ্যালয়-মহাবিদ্যালয়, ব্যৱসায়িক প্ৰতিষ্ঠান আদি ২ বজাৰ পৰা বন্ধ কৰিবলৈ নতুন নিৰ্দেশনা মঙলবাৰে জাৰি কৰে ।

নতুন ক'ভিড নীতি অনুসৰি, দিনৰ ২ বজাতে সকলো দোকান-পোহাৰ বন্ধ কৰিব লাগিব আৰু সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৫ বজালৈকে নৈশ সান্ধ্য আইন বলৱৎ থাকিব । এই নীতি অনুসৰিয়েই বুধবাৰে ৰূপহীহাট আৰক্ষীৰ তৎপৰতাত বন্ধ হ'ল ৰূপহীৰ সাপ্তাহিক বজাৰ ।

নতুন ক'ভিড বিধি মানি দিনৰ ২ বজাত বন্ধ হৈ পৰিল ৰূপহীহাটৰ সাপ্তাহিক বজাৰ । প্ৰতিগৰাকী ব্যৱসায়ীয়ে দোকান-পোহাৰ বন্ধ কৰাৰ লগে লগে গ্ৰাহকসকলো বজাৰৰ পৰা ঘৰমুৱা হয় । ফলত সম্পূৰ্ণ জনশূন্য হৈ পৰিছে ৰূপহীৰ সাপ্তাহিক বজাৰ ।

লগতে পঢ়ক: ৰাজ্যৰ সকলো শৈক্ষিক প্ৰতিষ্ঠান অনিৰ্দিষ্টকাললৈ বন্ধ ঘোষণা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.