ETV Bharat / state

জখলাবন্ধাত আটক ড্ৰাগছ সৰবৰাহকাৰী

author img

By

Published : Apr 28, 2021, 6:57 PM IST

কলিয়াবৰৰ জখলাবন্ধাত ড্ৰাগছ সৰবৰাহৰ ঘটনা ৷ শেনচোৱাৰ ৰাইজে এজন সৰবৰাহকাৰীক হাতে-লোটে আটক কৰি গতাই দিলে আৰক্ষীক ৷ সৰবৰাহকাৰী যুৱকজনৰ নাম অমৰ মণ্ডল শেনচোৱা বুলি জানিব পৰা গৈছে ৷

kaliabor
কলিয়াবৰৰ জখলাবন্ধাত ড্ৰাগছ সৰবৰাহ

কলিয়াবৰ, 28 এপ্ৰিল : কলিয়াবৰৰ জখলাবন্ধাত ৰাইজে আটক কৰিলে ড্ৰাগছ সৰবৰাহকাৰী ৷ নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত শেনচোৱাৰ ৰাইজে এজন সৰবৰাহকাৰীক হাতে-লোটে আটক কৰি গতালে আৰক্ষীক ৷ সৰবৰাহকাৰী যুৱকজনৰ নাম অমৰ মণ্ডল শেনচোৱা বুলি জানিব পৰা গৈছে ৷ অমৰে গাঁৱৰে ৰিতু দাস নামৰ এজন লোকৰ ঘৰৰ পৰা ড্ৰাগছ অনা বুলি খবৰ পোৱাত জখলাবন্ধা আৰক্ষীয়ে ৰিতু দাসৰ ঘৰত ড্ৰাগছ বিচাৰি অভিযান চলায় ৷ বৰ্তমান ৰিতু দাস আৰু পুত্ৰ কৃষ্ণ দাস পলাতক অৱস্থাত আছে ৷ সোধ-পোচৰ বাবে জখলাবন্ধা আৰক্ষীয়ে আটক কৰিছে ৰে'ল গে'টৰ অমৰক ৷ পলাতক অভিযুক্ত ৰিতু দাস আৰু কৃষ্ণ দাসৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ অভিযান ৷

কলিয়াবৰৰ জখলাবন্ধাত ড্ৰাগছ সৰবৰাহ

উল্লেখ্য যে, ভালেমান দিন ধৰি অভিযোগ দি অহাৰ স্বত্বেও আৰক্ষীয়ে হেমাহী কৰা বুলি জানিবলৈ দিছে তুলিছে গঞা ৰাইজে ৷ নৱ-প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিয়া এই বৰ বিহৰ বিৰুদ্ধে উচিত পদক্ষেপ ল'বলৈ আৰক্ষীক দাবী জনাইছে শেনচোৱাৰ ৰাইজে ৷

লগতে পঢ়ক : ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জৰুৰীকালীন টোল ফ্ৰী নম্বৰ মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.