ETV Bharat / state

কলিয়াবৰত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত ড্ৰাগছ ব্যৱসায়ী সন্দৰ্ভত ন-ন তথ‍্য উদঘাটন - আৰক্ষী অভিযান

৭৪ সংখ‍্যক স্বাধীনতা দিৱসত মুখ‍্যমন্ত্ৰীৰ উৎকৃষ্ট সেৱাৰ বাবে আৰক্ষী পদক লাভ কৰা কলিয়াবৰ মহকুমাৰ আৰক্ষী বিষয়া মৃন্ময় দাসৰ নেতৃত্বত ড্ৰাগছৰ বিৰুদ্ধে অব‍্যাহত থকা আৰক্ষীৰ অভিযানত, অভিযুক্ত ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ কেইবাজনো লোক গ্ৰেপ্তাৰ হৈছে। তদন্তত আৰু অধিক লোক জড়িত থকাৰ সম্ভাৱনা প্ৰকট কৰিছে কলিয়াবৰ আৰক্ষীয়ে।

drugs-smuggling-at-kaliabor
শহুৰ-জোঁৱাই-খুৰাশহুৰেকৰ ড্ৰাগছৰ ব‍্যৱসায়, আৰক্ষীৰ তদন্তত ন-ন তথ‍্য উদ্ঘাটন
author img

By

Published : Aug 17, 2020, 12:26 PM IST

কলিয়াবৰ, 16 আগষ্ট : কলিয়াবৰত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত ড্ৰাগছ ব‍্যৱসায়ীৰে লখিমপুৰৰ লালুকৰ লোকৰ সৈতে সম্পৰ্কৰ কথা শেহতীয়াকৈ পোহৰলৈ আহিছে । ৰাজ‍্যত কৰ'ণাৰ জটিল ক্ষণত নিষিদ্ধ সামগ্ৰীৰ বেহা অব‍্যাহত থকাৰ অভিযোগ উত্থাপন হৈছে । যোৱা ৯ আগষ্টত এক বিশেষ সূত্ৰৰ পম খেদি কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসৰ নেতৃত্বত চুলুং আৰক্ষী টহলদাৰী চকীৰ সহযোগত চলা এক অভিযানত, এখন বাহনৰ পৰা সন্দেহজনক ব্ৰাউন চুগাৰ জব্দ কৰিছিল নলতলিৰ আৰিমৰাৰ পৰা । এখন বলেৰ' পিক-আপ বাহনৰ পৰা জব্দ কৰিছিল প্ৰায় ২৪০ গ্ৰাম ওজনৰ 20 টা পেকেটত অনা ব্ৰাউন চুগাৰ। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল লখিমপুৰৰ লালুকৰ আতিকুল ইছলাম (৩২) আৰু মইদুল আলি (১৮) নামৰ দুজন ব‍্যক্তিক ।

কলিয়াবৰত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত ড্ৰাগছ ব্যৱসায়ী সন্দৰ্ভত ন-ন তথ‍্য উদঘাটন

পৰৱৰ্তী সময়ত কলিয়াবৰ মহকুমাৰ উলুৱনী আৰক্ষী নিৱেশৰ তত্বাৱধানত চলা তদন্তত উদ্ধাৰ হোৱা তথ‍্য অনুসৰি এই বৰবিহৰ ব‍্যৱসায়ত জড়িত থকা মোবাৰক আলি ওৰফে বাবুল আলি (৩৮) নামৰ এজন ব‍্যক্তিক গ্ৰেপ্তাৰ কৰাৰ লগতে, আৰক্ষীয়ে জব্দ কৰিছে AS-০৭ QU -৪৪২৬ নম্বৰৰ বাহন খন।

পূৰ্বে গ্ৰেপ্তাৰ কৰা দুই ব‍্যক্তিৰ স্বীকাৰোক্তি অনুসৰি, যোৱা ১৪ আগষ্টত লখিমপুৰ আৰক্ষীৰ সহযোগত লালুকত চলোৱা অভিযান কালত বাহনসহ মোবাৰক আলিক গ্ৰেপ্তাৰ কৰে। উলুৱনী আৰক্ষী নিৱেশত দিয়া মোবাৰক আলিৰ স্বীকাৰোক্তিৰ ভিত্তিত জুৰীয়াৰ পৰা জোঁৱায়েক জালালুদ্দিনক (৩২) নগাঁও আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰে। লগতে জব্দ কৰে পঞ্জীয়ন বিহীন এখন মাৰুতি চুইফ্ট গাড়ী। উল্লেখ্য যে, যোৱা ৯ আগষ্টত উলুৱনী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আতিকুল ইছলাম, জালালুদ্দিনৰ খুড়া শহুৰেক । আনহাতে, মোবাৰক আলিৰ এগৰাকী জীয়েক জামিন বিহীন গোচৰত গ্ৰেপ্তাৰ হৈ আছে।

উল্লেখ্য যে, ৭৪ সংখ‍্যক স্বাধীনতা দিৱসত মুখ‍্যমন্ত্ৰীৰ উৎকৃষ্ট সেৱাৰ বাবে আৰক্ষী পদক লাভ কৰা কলিয়াবৰ মহকুমাৰ আৰক্ষী বিষয়া মৃন্ময় দাসৰ নেতৃত্বত ড্ৰাগছৰ বিৰুদ্ধে অব‍্যাহত থকা অভিযানত, ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ কেইবাজনো অভিযুক্ত গ্ৰেপ্তাৰ হৈছে। তদন্তত আৰু অধিক লোক জড়িত হোৱাৰ সম্ভাৱনা প্ৰকট কৰিছে কলিয়াবৰ আৰক্ষীয়ে। গ্ৰেপ্তাৰ হোৱা ব‍্যক্তিকেইজনৰ স্বীকাৰোক্তি অনুযায়ী ডিমাপুৰৰ পৰা সমগ্ৰ উত্তৰ-পূৱৰ ড্ৰাগছ সৰবৰাহ হয়।

লগতে পঢ়ক : কাশ্মীৰবিহীন ভাৰতৰ মানচিত্ৰ ছ'চিয়েল মিডিয়াত পোষ্ট কৰি ৰাইজৰ ৰোষত বিধায়িকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.