ETV Bharat / state

এতিয়াৰে পৰা ড্ৰাগছ ব্যৱসায়ীয়ে সহজতে নাপাব জামিন

author img

By

Published : Sep 13, 2020, 6:33 PM IST

আৰক্ষী আৰু নাৰ্কটিকছ ব্যুৰোৰ অভিযানেও কমাব পৰা নাই ড্ৰাগছৰ অবৈধ সৰবৰাহ ৷ কিন্তু তাৰ মাজতে এটা ভাল খবৰ সকলোৰে বাবে ৷ ৰাজ্য চৰকাৰে জাৰি কৰা এক নিৰ্দেশ অনুসৰি ড্ৰাগছৰ লগত জড়িত কোনো অপৰাধীয়ে সহজে লাভ নকৰিব জামিন ৷

ড্ৰাগছ ব্যৱসায়ীয়ে সহজতে নাপাব জামিন
ড্ৰাগছ ব্যৱসায়ীয়ে সহজতে নাপাব জামিন

নগাঁও, 12 ছেপ্তেম্বৰ: ৰাজ্যৰ সৰ্বত্ৰে ড্ৰাগছৰ মাৰাত্মক বেহা ৷ ড্ৰাগছ আসক্ত লোকৰ পৰিয়ালত বিভীষিকাময় পৰিস্থিতি ৷ যিয়ে ভুগিছে তেওঁহে জানে ড্ৰাগছৰ ভয়াৱহতাৰ কথা ৷ প্ৰত্যেক বছৰে ড্ৰাগছৰ বাবে ধ্বংস হৈছে বহু লোকৰ পৰিয়াল ৷ আৰক্ষী আৰু নাৰ্কটিকছ ব্যুৰোৰ অভিযানেও কমাব পৰা নাই ড্ৰাগছৰ অবৈধ সৰবৰাহ ৷ গোপনে চলি থকা ড্ৰাগছৰ অন্ধকাৰ জগত খনত যিয়ে প্ৰৱেশ কৰিছে, সিয়েই ধ্বংস মাতি আনিছে ৷

প্ৰত্যেক বছৰে ড্ৰাগছৰ বাবে ধ্বংস হৈছে বহু লোকৰ পৰিয়াল

কিন্তু এটা ভাল খবৰ তাৰ মাজতে আপোনালোকক দিব বিচাৰিছো ৷ ড্ৰাগছৰ অবৈধ সৰবৰাহ বা বেহাৰ লগত জড়িত অপৰাধীয়ে এতিয়াৰ পৰা মুক্ত আকাশৰ তলত বিচৰণ কৰিব নোৱাৰিব সহজে ৷ কিয়নো শেহতীয়াকৈ ৰাজ্য চৰকাৰে জাৰি কৰা এক নিৰ্দেশ অনুসৰি ড্ৰাগছৰ লগত জড়িত অপৰাধীয়ে সহজে জামিন লাভ নকৰিব ৷ কাৰণ ৰাজ্যত জাৰি কৰা হৈছে PIT NDPS-আইন ১৯৮৮ ৷ ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ হৈছে অসম চৰকাৰ৷ শেহতীয়াকৈ নগাঁৱৰ মৰিকলঙৰ পৰা বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ কৰায়ত্ব কৰা আনুৱাৰা বেগম ওৰফে তাকানীক গ্ৰেপ্তাৰ কৰাৰ পিছতেই আনুৱাৰা বেগমক জামিন নিদিবলৈ আবেদন জনাইছিল নগাঁও আৰক্ষীয়ে। প্ৰথমবাৰৰ বাবে ৰাজ্যত এই আইন জাৰি কৰাৰ পিচকে নগাঁও আৰক্ষী কঠোৰ হৈ পৰিছে ৷ নগাঁৱত মাৰাত্মক ড্ৰাগছৰ বৃহৎ নেটৱৰ্ক গঢ়ি তোলা আনুৱাৰা বেগম যাতে জামিনৰ সুৰুঙাৰে কাৰাগাৰৰ পৰা উলাই আহিব নোৱাৰে তাৰ বাবে আদালতত আহ্বান জনাই নগাঁও আৰক্ষীয়ে ৷

এতিয়াৰে পৰা ড্ৰাগছ ব্যৱসায়ীয়ে সহজতে নাপাব জামিন

উল্লেখ্য যে, দুই আই পি এছ বিষয়া অভিজিত গোড়াৱ আৰু মোহনলাল মীনাৰ তৎপৰতাত বিগত ছয়মাহে ড্ৰাগছ বিৰোধী অভিযানত বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে নগাঁও আৰক্ষী। বিগত ছমাহত নগাঁৱত ১৩৭ জন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ ড্ৰাগছ সম্পৰ্কীয় ৬৭ টা গোচৰ ৰুজু হৈছে জিলাখনত ৷ আৰক্ষীয়ে জব্দ কৰিছে মুঠ ৬৬,০০০ নিচাযুক্ত টেবলেট, ১৭,৬০০ নিচাযুক্ত চিৰাপ, ১২ কেজি গাঞ্জা, ১.৪৫ কেজি হেৰইনৰ আৰু ৩৯৫ গ্ৰাম ব্ৰাউন চুগাৰ ৷

নিষিদ্ধ ড্ৰাগছসহ কৰায়ত্ব কৰা আনুৱাৰা বেগম ওৰফে তাকানীক গ্ৰেপ্তাৰ কৰাৰ পিছতেই আনুৱাৰা বেগমক জামিন নিদিবলৈ আবেদন জনাইছিল নগাঁও আৰক্ষীয়ে

সাধাৰণতে ড্ৰাগছৰ অবৈধ বেহাৰ লগত জড়িত অপৰাধী সকল আৰক্ষীৰ জালত পৰাৰ পিচত সহজেই জামিন লৈ মুকলি আকাশৰ তললৈ উলাই আহে ৷ যিটো পৰৱৰ্তী সময়ত আন এক অপৰাধৰ দুৱাৰ খোল খায়, কাৰণ সেই সকল অপৰাধীয়েই পুনৰ ড্ৰাগছৰ বেহাৰ লগত জড়িত হৈ পৰে ৷ কিন্তু ৰাজ্য চৰকাৰে জাৰি কৰা PIT NDPS-আইন ১৯৮৮ অনুসৰি এতিয়াৰে পৰা ড্ৰাগছ ব্যৱসায়ী আৰু সৰবৰাহকাৰী সকলৰ বাবে সহজ নহ'ব সেই পথ ৷ আনহাতে নগাঁৱক ড্ৰাগছমুক্ত কৰাৰ উদ্দেশ্যে নগাওঁ আৰক্ষীয়ে আৰম্ভ কৰিছে ভাৰ্চুৱেল সজাগতা অভিযান। লগতে ড্ৰাগছ আসক্ত লোকক নিচামুক্ত কৰিবৰ বাবে নগাঁও আৰক্ষীৰ সহায় লবলৈ আহ্বান জনাইছে ৷

লগতে পঢ়ক: মুকালমুৱাত পিস্তলসহ আটক দুই যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.