চামগুৰি, 30 জুন : নগাঁও আৰক্ষী (Nagaon Police)য়ে মঙলবাৰে উত্তৰ হয়বৰগাঁৱত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ (Drugs)ৰ লগতে নগদ ধন উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহ (Drugs smuggling)ৰ লগত জড়িত থকাৰ অভিযোগত এগৰাকী মহিলাসহ তিনি যুৱকক আটক কৰে । আটকাধীন লোককেইজন ক্ৰমে, ডিমৰুগুৰিৰ গৰীয়াবস্তিৰ ৰচিদ আলি, লাচিতপুৰৰ ছেনোৱাৰ খান, ভোটাই আতিৰ ৰফিকুল হক মির্ধা আৰু বঢ়মপুৰৰ নিহাৰিকা কাশ্যপ বেগম ৷ আৰক্ষীয়ে প্ৰাক্তন কৃষি পৰিদৰ্শক ৰঞ্জিত কুমাৰ গায়নৰ ভাড়াঘৰত অভিযান চলাই উদ্ধাৰ কৰে ড্ৰাগছ (Drugs)সহ নগদ ধন ৷
উত্তৰ হয়বৰগাঁৱৰ প্ৰাক্তন কৃষি পৰিদৰ্শক ৰঞ্জিত কুমাৰ গায়নৰ ঘৰটো সীমা বৰা নামৰ এগৰাকী মহিলাৰ নামত ভাড়াত লৈ দীৰ্ঘদিন ধৰি এই অসাধু চক্ৰটোৱে চলাই আহিছিল ড্ৰাগছ (Drugs)ৰ ৰমৰমীয়া বেহা ৷ এনেদৰে ছদ্মনামত ভাড়াঘৰ লৈ নগাঁৱৰ আৰু ক'ৰ ক'ৰ পৰা ড্ৰাগছ (Drugs)ৰ এই ৰমৰমীয়া বেহা চলি আছে সেয়া আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব ৷ পিছে এইক্ষেত্ৰত ভাড়াঘৰৰ মালিক পক্ষ কিমান সজাগ আৰু সচেতন হয় সেয়া পৰৱৰ্তী সময়তহে লক্ষ্যণীয় হ'ব ৷
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই ড্ৰাগছ মুক্ত অসম গঢ়াৰ কথা কোৱাৰ পাচতেই ৰাজ্যৰ পৰা ড্ৰাগছ (Drugs) তথা নিচাজাতীয় সামগ্ৰীৰ ঘাটি উৎখাত কৰাৰ বাবে তৎপৰ হৈছে অসম আৰক্ষী (Assam Police) ৷ নগাঁৱত আৰক্ষী (Nagaon Police)য়ে ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে ড্ৰাগছ (Drugs)বিৰোধী অভিযান । যাৰবাবে প্ৰতিদিনে আৰক্ষী (Police)ৰ কৱলত পৰিছে ড্ৰাগছ, নিচাজাতীয় সামগ্ৰীৰ লগতে সৰবৰাহকাৰী (Drugs Smuggler) ৷
আৰক্ষীৰ লগতে ড্ৰাগছ (Drugs)আৰু নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ বিৰুদ্ধে সজাগ হৈ উঠিছে সাধাৰণ জনতাও ৷ ইয়াৰ সমান্তৰালভাবে ড্ৰাগছ ব্যৱসায়ীয়ে (Drugs Smuggler)ও সলনি কৰিছে ড্ৰাগছ সৰবৰাহৰ কৌশল ৷ ড্ৰাগছ ব্যৱসায়ী (Drugs Smuggler)য়ে এতিয়া কুৰিয়াৰ পদ্ধতি ব্যৱহাৰ কৰাৰ লগতে ঘৰ ভাড়াত লৈ ড্ৰাগছৰ ব্যৱসায় (Drugs smuggling) চলোৱাৰ তথ্য পোহৰলৈ আহিছে ৷
লগতে পঢ়ক : চিয়াং নদীত সন্ধানহীন অসমৰ তিনি যুৱক