ETV Bharat / state

এনকাউন্টাৰেও ৰোধিব পৰা নাই ড্ৰাগছৰ বেহা

author img

By

Published : Apr 11, 2022, 9:38 PM IST

মৰিগাঁও আৰক্ষীৰ এনকাউন্টাৰেও ৰোধিব পৰা নাই ড্ৰাগছৰ অবাধ সৰবৰাহ (Drugs smuggling in Assam) । জিলা খনৰ মৈৰাবাৰী লাহৰীঘাট ভেলৌগুৰি ভুৰাগাও মিকিৰভেটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সকলে দিন ৰাতি একাকাৰ কৰি বিভিন্ন গোপন সূত্ৰত অভিযান চলাই কোটি কোটি টকাৰ নিষিদ্ধ ড্ৰাগছ সহ ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে যদিও এই দুষ্ট চক্ৰটোৱে কেৰেপ নকৰা হৈছে ।

drugs seized in dhing
এনকাউন্টাৰেও ৰোধিব পৰা নাই ড্ৰাগছৰ বেহা

ধিঙ,১১ এপ্ৰিল: মৈৰাবাৰী আৰক্ষীয়ে ধাৰাবাহিক অভিযান চলাই মৈৰাবাৰীত ৮ এপ্ৰিলত দিনতে গ্ৰেপ্তাৰ কৰিছিল মাক-পুতেক ক্ৰমে আব্দুল কৰিম আৰু আমিৰুন নেছা নামৰ ড্ৰাগছ সৰবৰাহকাৰীক(Police against drugs) । ইয়াৰ পাছতেই দেওবাৰে নিশা পুনৰ মৈৰাবাৰী আৰক্ষীয়ে চলোৱা অভিযানত মৈৰাবাৰী মৰিগাঁও ৰাস্তাৰ চহৰীয়া গাঁৱৰ পকী দলংৰ ওপৰত ড্ৰাগছ সৰবৰাহ কৰি থকাৰ সময়তে দুই ড্ৰাগছ বেপাৰী ক্ৰমে ৰিপুল ইছলাম আৰু মতিবুৰ ৰহমানক হাতে লোটে আটক কৰে(police trapped Two suppliers with drugs) ।

ধৃত সৰবৰাহকাৰীদ্বয়ৰ পৰা ড্ৰাগছ ভৰ্তি তিনিটা চাবোনৰ বাকচ জব্দ কৰে আৰক্ষীয়ে । সৰবৰাহকাৰীকেইটাৰ স্বীকাৰোক্তিৰ ভিত্তিত জব্দকৃত ড্ৰাগছ খিনি ধিঙৰ পৰা আনিছিল বুলি জানিব পৰা যায় । আৰক্ষীয়ে সৰবৰাহকাৰীদ্বয়ৰ পৰা জব্দ কৰে দুখন মটৰচাইকেল আৰু দুটা ম'বাইল ফোন । সৰবৰাহকাৰী যুৱক দুজনৰ ঘৰ ধিং থানাৰ অন্তৰ্গত শালকাটি পথাৰত বুলি জানিব পৰা গৈছে ।

মৰিগাঁও আৰক্ষীৰ এনকাউন্টাৰেও ৰোধিব পৰা নাই ড্ৰাগছৰ অবাধ প্ৰচলন

ইফালে জেহিৰুল ইছলাম নামৰ এটা কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীয়ে এনকাউন্টাৰ কৰাৰ পাছত ১৯টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সহ জাগীৰোড চেনিমাৰী গাঁৱৰ আনোৱাৰা হুছেইনক গ্ৰেপ্তাৰ কৰে । অত্যন্ত উদ্বেগজনক ঘটনা যে ড্ৰাগছ সেৱন কৰিবলৈ ধন নিদিয়াত ড্ৰাগছ আসক্ত যুৱক প্ৰণৱ হীৰাই স্কুটী এখন জ্বলাই দিয়াৰ পাছত মৰিগাঁও আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল ।

এই দৰে এটাৰ পিছত আন এটাকৈ ড্ৰাগছ জনিত ঘটনা সংঘটিত হৈ আছে সমগ্ৰ অঞ্চলত । ড্ৰাগছ সৰবৰাহকাৰী ৰিপুল ইছলাম আৰু মতিবুৰ ৰহমানে কিছু দিন আগতে ডিমাপুৰৰ পৰা কাপোৰ কিনি আনি মৈৰাবাৰী, ধিং, লাহৰীঘাট অঞ্চলৰ বিভিন্ন সুৰু সুৰা বজাৰতে বিক্ৰী কৰি বেপাৰ-বাণিজ্য কৰি আছিল বুলি স্থানীয় লোকে জানিবলৈ দিয়ে ।

কিন্তু হঠাতে তেওঁ লোক ধিং অঞ্চলৰ এক কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীৰ প্ৰলোভনত পৰি নিষিদ্ধ ড্ৰাগছৰ বেপাৰৰ লগত জড়িত হৈ চেলমেন নাম লয় । উল্লেখযোগ্য যে যোৱা তিনিটা দিনত ধাৰাবাহিকভাৱে জব্দ হোৱা মাৰাত্মক নিষিদ্ধ ড্ৰাগছ হেৰ'ইন আৰু ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ হোৱাৰ ঘটনাক লৈ মৈৰাবাৰী অঞ্চলৰ সচেতন ৰাইজ অধিক চিন্তনীয় হৈ পৰিছে ।

লগতে পঢ়ক: চৰাইদেউ আৰক্ষীৰ জালত স্বামী-সন্তান এৰি আলফালৈ যোৱা মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.