ETV Bharat / state

ধিঙত নিচা জাতীয় টেবলেট সহ এজনক আটক

author img

By

Published : Jun 22, 2021, 9:48 PM IST

ৰাজ্যৰ আন আন ঠাইৰ লগতে ধিঙতো অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান ৷ নগাঁও জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰাৰ নেতৃত্বত ক্ৰমাৎ তীব্ৰতৰ হৈ পৰিছে ড্ৰাগছ বিৰোধী অভিযান ৷

drugs-seized-from-dhing-of-nagaon
ধিঙত নিচা জাতীয় টেবলেট সহ এজনক আটক

চামগুৰি,22 জুন: ৰাজ্যজুৰি অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ তথা নিচা জাতীয় সামগ্ৰী বিৰোধী অভিযান ৷ শেহতীয়াকৈ ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাতে বৃহৎ বৃহৎ পৰিমানৰ ড্ৰাগছ তথা অন্যান্য নিচা জাতীয় সামগ্ৰী উদ্ধাৰ হোৱা ঘটনাই ৰাজ্যজুৰি চাঞ্চল্য সৃষ্টি কৰিছিল ৷ ইয়াৰ মাজতে মঙলবাৰে ধিঙৰ সোনাৰি গাঁৱৰ পৰা বুজন পৰিমানৰ নিচা জাতীয় টেবলেট সহ এজনক আটক কৰিছে আৰক্ষীয়ে ৷ ধৃত লোক জন কাবিল আলী আলী বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

উল্লেখ্য যে,ৰাজ্যৰ আন আন ঠাইৰ লগতে ধিঙতো অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান ৷ নগাঁও জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰাৰ নেতৃত্বত ক্ৰমাৎ তীব্ৰতৰ হৈ পৰিছে ড্ৰাগছ বিৰোধী অভিযান ৷ অভিযানত নিতৌ উৎখাত কৰা হৈছে এটাৰ পিছত এটাকৈ ড্ৰাগছৰ ঘাটি ৷ আটক হৈছে এটাৰ পিছত এটাকৈ ড্ৰাগছ সৰবৰাহকাৰী ৷

drugs-seized-from-dhing-of-nagaon
ধিঙত নিচা জাতীয় টেবলেট সহ এজনক আটক

বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত মঙলবাৰে ধিঙৰ সোনাৰি গাঁৱৰ কাবিল আলী নামৰ লোকজনৰ ঘৰত অভিযান চলাই নগাঁও, জাজৰি আৰু ধিং আৰক্ষীয়ে ৷ অভিযানত ব্যক্তি জনৰ ঘৰৰ পৰা প্ৰায় 3000 নিচা জাতীয় টেবলেট আৰু নগদ 86 হাজাৰ টকা নগদ ধন উদ্ধাৰ কৰে ৷ লগতে এখন বিলাসী গাড়ীও জব্দ কৰে আৰক্ষীয়ে ৷ ইতিমধ্যে কাবিল আলীক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ধিং আৰক্ষীয়ে ৷

উল্লেখ্য যে, শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত প্ৰতিখন জিলাতে আৰক্ষীয়ে তীব্ৰতৰ কৰিছিল ড্ৰাগছ বিৰোধী অভিযান ৷ অভিযানত পোহৰলৈ আহিছিল ৰাজ্যত অব্যাহত থকা ড্ৰাগছ ব্যৱসায়ৰ ভয়াৱহ ছবি খন ৷ ইয়াৰ পাছৰে পৰা ক্ৰমাৎ অধিক তৎপৰ হৈ পৰিছে আৰক্ষী ৷ প্ৰতিদিনেই আৰক্ষীৰ জালত পৰিছে ড্ৰাগছ সহ ড্ৰাগছৰ সৰবৰাহকাৰী ৷

লগতে পঢ়কঃ ডিগবৈৰ ক'ভিড টিকাকৰণ কেন্দ্ৰত কৃষিমন্ত্ৰী অতুল বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.