ETV Bharat / state

ড্ৰাগছসহ সৰবৰাহকাৰীক আটক বটদ্ৰৱা আৰক্ষীৰ

ভোমোৰাগুৰিৰ পৰা চাজত আলী নামৰ ড্ৰাগছ ব্যৱসায়ীক আটক বটদ্ৰৱা আৰক্ষীৰ ৷ আটকাধীন যুৱকজনৰ পৰা হেৰ’ইন, এটা ম’বাইল হেণ্ডছেটসহ এখন পালচাৰ বাইক জব্দ কৰে আৰক্ষীয়ে ৷

author img

By

Published : Jun 14, 2021, 7:36 AM IST

Drugs Paddler arrested
ড্ৰাগছ সহ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক বটদ্ৰৱা আৰক্ষীৰ

চামগুৰি, 14 জুন : নগাঁও জিলাত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ(IPS Anand Mishra)ৰ যোগদানৰ পাচৰে পৰা ড্ৰাগছ বিৰোধী অভিযান আৰু তীব্ৰতৰ হৈ পৰিছে । জিলাখনত ধাৰাবাহিকভাৱে উৎখাত হৈছে ইটোৰ পিছত সিটো ড্ৰাগছৰ ঘাটি । আৰক্ষীয়ে আটক কৰিছে এটাৰ পিছত আনটো ড্ৰাগছ সৰবৰাহকাৰী(Drugs Paddler)ক ।

Drugs Paddler arrested
ড্ৰাগছসহ সৰবৰাহকাৰীক আটক বটদ্ৰৱা আৰক্ষীৰ

এই ড্ৰাগছ বিৰোধী অভিযানৰ অংশ হিচাপে বটদ্ৰৱা আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত পূৱ ভোমোৰাগুৰিৰ পৰা এজন ড্ৰাগছ ব্যৱসায়ী(Drugs Paddler)ক আটক কৰিবলৈ সক্ষম হৈছে ৷ আটকাধীন যুৱকজনৰ নাম চাজত আলী বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, উক্ত অভিযানত ড্ৰাগছ ব্যৱসায়ী(Drugs Paddler)জনৰ পৰা ৩.২২ গ্ৰাম হেৰ’ইন, এটা ম’বাইল হেণ্ডছেটৰ লগতে নগদ কেইবাহাজাৰ টকা উদ্ধাৰ কৰে ৷ লগতে AS 02 Z 1255 নম্বৰৰ এখন পালচাৰ বাইক আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক : সাৱধান: ভাৰতীয় চিম ব্যৱহাৰ কৰি চীনা চোৰাংচোৱাৰ লুণ্ঠন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.