নগাঁও, 12 মাৰ্চ : নগাঁৱত পুনৰ গৰজিল আৰক্ষীৰ বন্দুক । এইবাৰ নগাঁৱৰ জুৰীয়াৰ তেলিয়া পথাৰ গাঁৱত সংঘটিত হৈছে আৰক্ষীৰ এই গুলীচালনাৰ ঘটনা । আৰক্ষীৰ গুলীত আহত ড্ৰাগছ ব্যৱসায়ী নুৰজামাল (Drug peddlers injured in police firing in Nagaon) ।
জানিব পৰা মতে, দীৰ্ঘদিন ধৰি জুৰীয়াৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল নুৰজামালে । শুকুৰবাৰে গোপন সূত্ৰৰ পম খেদি ড্ৰাগছ ব্যৱসায়ী নুৰজামালৰ বিৰুদ্ধে লাভ কৰিছিল কিছু তথ্য ৷ সেই তথ্যৰ ভিত্তিতে শুকুৰবাৰে নিশা জুৰীয়া আৰু নগাঁও আৰক্ষীৰ এটা দলে নুৰজামালৰ ঘৰত চলাই অভিযান ৷
আৰক্ষীৰ এই অভিযানৰ সময়তে কুখ্যাত ড্ৰাগছ ব্যৱসায়ীটোৱে চোকা অস্ত্ৰৰে আৰক্ষীক আক্ৰমণ কৰিবলৈ চেষ্টা কৰে ৷ যাৰ ফলত উপায়ন্তৰ হৈ আৰক্ষীয়ে অভিযুক্ত নুৰজামালক গুলীয়াবলৈ বাধ্য হয় (Police Firing in Nagaon)। আৰক্ষীৰ গুৰুতৰভাৱে আহত হয় অভিযুক্ত নুৰজামাল ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে সোঁ-হাতত গুলীবিদ্ধ হোৱা ড্ৰাগছ ব্যৱসায়ীটোক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱায় । জানিব পৰা মতে, ড্ৰাগছ ব্যৱসায়ীটোৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান কিছু সুস্থিৰ হৈছে ৷
উল্লেখ্য যে, নগাঁৱত ধাৰাবাহিকভাৱে আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান (Operation against drugs) । কেৱল ড্ৰাগছেই নহয়, বিভিন্ন অপৰাধৰ বিৰুদ্ধে বিগত কেইদিন ধৰি ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ।
লগতে পঢ়ক : লখিমপুৰত আৰক্ষীৰ গুলিত আহত দুই ড্ৰাগছ সৰবৰাহকাৰী