ETV Bharat / state

প্ৰসংগ বিজেপিৰ সভা: ৰহাৰ টোলগেটত তীব্ৰ বাক-বিতণ্ডা - টোলগেট কৰ্তৃপক্ষ

বুধবাৰে অমিত শ্বাহৰ সভালৈ অধিগ্ৰহণ কৰা গাড়ীসমূহ নগাঁৱলৈ আহি থকাৰ সময়তে লাগে অথন্তৰ । অভিযোগ অনুসৰি, ৰহাৰ টোলগেট কৰ্তৃপক্ষই প্ৰতিখন গাড়ীৰ পৰা তিনিশ টকাকৈ কৰ বিচাৰে । কিন্তু টোলগেটত ধন দিবলৈ অমান্তি হয় বাহনসমূহৰ চালকসকলে ৷

প্ৰসংগ বিজেপিৰ সভা: ৰহাৰ টোলগেটত তীব্ৰ বাক-বিতণ্ডা

author img

By

Published : Feb 25, 2021, 8:25 AM IST

Updated : Mar 2, 2021, 1:27 PM IST

ৰহা,25 ফেব্ৰুৱাৰীঃ নগাঁও জিলাৰ ৰহাৰ টোলগেটত বুধবাৰে দুপৰীয়া সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতি । টোলগেট কৰ্তৃপক্ষ আৰু বাছ চালকৰ মাজত কৰ প্ৰদান কৰাক লৈ সৃষ্টি হয় সংঘাতৰ । উল্লেখযোগ্য যে, বৃহস্পতিবাৰে নগাঁৱলৈ আহিব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ । অমিত শ্বাহৰ বৰদোৱাৰ সভালৈ মানুহ আনিবলৈ গুৱাহাটীৰ পৰা অধিগ্ৰহণ কৰা হৈছে বহু গাড়ী ।

ৰহাৰ টোলগেটত উত্তপ্ত পৰিস্থিতি

সেই অনুসৰি বুধবাৰে অধিগ্ৰহণ কৰা গাড়ীসমূহ নগাঁৱলৈ আহি থকাৰ সময়তে ৰহাৰ টোলগেটত লাগে অথন্তৰ । টোলগেট কৰ্তৃপক্ষই প্ৰতিখন গাড়ীৰ পৰা তিনিশ টকাকৈ কৰ বিচাৰে । কিন্তু টোলগেটত ধন দিবলৈ অমান্তি হয় গুৱাহাটীৰ পৰা শ্বাহৰ সভালৈ অধিগ্ৰহণ কৰা বাহনসমূহৰ চালকসকলে ৷ যাৰ ফলস্বৰূপে তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হয় চালক আৰু টোলগেট কৰ্তৃপক্ষৰ মাজত ৷

আনহাতে, এই বাক-বিতণ্ডাৰ ফলত আধাঘণ্টা ধৰি টোলগেটত আৱদ্ধ হৈ পৰে বহু যান-বাহন । চৰকাৰী সভালৈ যোৱাৰ বাবে টোলগেটত কৰ দিবলৈ অমান্তি হয় বাছৰ চালকসকল ৷ অৱশ্যে পৰৱৰ্তী সময়ত টোলগেটৰ ঊৰ্ধতম কৰ্তৃপক্ষৰ লগত হোৱা আলোচনামৰ্মে বাছসমূহ পাৰ হৈ যায় ।

লগতে পঢ়কঃ সোণৰ কণী পৰা হাঁহত পৰিণত অম্বিকাগিৰী পথ

Last Updated : Mar 2, 2021, 1:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.