ETV Bharat / state

চৈতন্যৰ তুলিকাত প্ৰাণ পাইছে দেশৰ বহু মহীৰূহই

author img

By

Published : Jul 9, 2021, 5:59 PM IST

কলিয়াবৰৰ চে'ণ্ট ৰবাৰ্টচ হাইস্কুলৰ উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী এগৰাকী প্ৰচাৰ বিমুখ ছাত্ৰ ৷ যি গৰাকী ছাত্ৰই ৰং-তুলিকাৰ মাজেৰে বহু মহান মনিষীৰ চিত্ৰই প্ৰাণ পাই উঠিছে ৷ ছাত্ৰ গৰাকীৰ কাম-কাজক লৈ এতিয়া গৌৰৱান্বিত অভিভাৱক সকলো ৷

Time of Crisis Convert into Creation
ৰঙ তুলিকাৰে চমক সৃষ্টি কলিয়াবৰৰ চৈতন্যৰ

কলিয়াবৰ, 8 জুলাই : কলিয়াবৰৰ এগৰাকী প্ৰচাৰ বিমুখ ছাত্ৰ ৷ যাৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বহু মহান মনিষীৰ চিত্ৰই ৷ ছাত্ৰজন হৈছে কলিয়াবৰৰ চৈতন্য প্ৰতীম হাজৰিকা ।

কলিয়াবৰৰ চে'ণ্ট ৰবাৰ্টচ হাইস্কুলৰ ছাত্ৰ এইবাৰৰ উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী চৈতন্য ৷ উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষা বাতিল হোৱাৰ বাতৰি লাভ কৰি কিছু মানসিক অশান্তিত ভুগিছিল চৈতন্য প্ৰতীমে ৷ পৰৱৰ্তী সময়ত উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষা বাতিল হোৱাৰ পাচতো সময়ৰ অপব্যৱহাৰ নকৰি মনোনিৱেশ কৰিছিল চিত্ৰাংকণত ৷

কলিয়াবৰৰ চে'ণ্ট ৰবাৰ্টচ হাইস্কুলৰ ছাত্ৰগৰাকীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে সৰ্বপল্লী ৰাধাকৃষ্ণণ, হোমেন বৰগোহাঞি, হিৰু দাৰ প্ৰতিকৃতিৰ লগতে নৱ-প্ৰজন্মৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু জুবিন গাৰ্গ, পাপন, মহেন্দ্ৰ সিং ধোনি আদিৰ ছবি ৷

বৰ্তমানেও স্তব্ধ হোৱা নাই কাল কৰ’ণাৰ সন্ত্ৰাস ৷ এনে এক সংকটৰ সময়তে উচ্চ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা বাতিল হোৱা ছাত্ৰ-ছাত্ৰীৰ মনবোৰ আজিও ভাৰাক্ৰান্ত হৈ আছে । ছাত্ৰ-ছাত্ৰীসকল মানসিকভাবে দুৰ্বল হৈ পৰিছে ।

কি কৰিব, কি নকৰিব তাকে লৈ দুদুল্যমান পৰিৱেশত আছে বিশেষকৈ উচ্চ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ-ছাত্ৰীসকল । মুঠতে অধ্যয়নৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকলৰ মনতো এক অস্থিৰতাই বিৰাজ কৰা পৰিলক্ষিত হৈছে । অভিভাৱক তথা শিক্ষক সমাজো সমস্যাৰ সমাধানৰ পথ বিচাৰি হাহাকাৰ কৰি থাকিব লগাত পৰিছে ।

কিন্তু ঠিক এনে সময়তে সমস্যাক সহচৰ কৰি সৃষ্টিৰ সাধনাত ব্ৰতী হৈছে বহু বিদ্যাৰ্থী । সমস্যাক সৃষ্টিলৈ ৰূপান্তৰিত কৰাত সফল হৈছে বহুজন । সেইদৰে সমস্যাক সৃষ্টি সাধনাৰ পথলৈ ৰূপান্তৰ কৰিছে চৈতন্য প্ৰতীম হাজৰিকায়ো ।

আধুনিক প্ৰযুক্তিৰ সেৱা আৰু বৈদ্যুতিন আহিলাৰ সঠিক ব্যৱহাৰেৰে শুপ্ত প্ৰতিভাক আগ্ৰহ আৰু একান্ত মনোযোগিতাৰ বলত এখনৰ পিছত আনএখন ছবিত ৰঙৰ পৰশ ঢালিবলৈ সক্ষম হৈছে চৈতন্য প্ৰতীমে ৷ কলিয়াবৰৰ গোমোঠা গাঁৱৰ প্ৰশান্ত হাজৰিকা আৰু ভাৰতী বৰুৱা হাজৰিকা পুত্ৰ চৈতন্য প্ৰতিমে বিভিন্ন ছবি তথা প্ৰাকৃতিক শোভাৰ জীৱন্ত ৰূপ দিছে ৰং তুলিকাৰে । চিত্ৰাংকনৰ আনুষ্ঠানিক শিক্ষাৰ অবিহনে মনৰ একাগ্ৰতা আৰু ইণ্টাৰনেটৰ সদব্যৱহাৰ কৰি ছবি অংকনৰ কৌশল আয়ত্ব কৰিছে চৈতন্য প্ৰতীমে ৷

এক কথাত চৈতন্য প্ৰতীমে ছবি অঁকাত ব্যস্ত হৈ এই সংকটকালত সৃষ্টিকাৰ্যত নিজকে ব্যস্ত কৰি ৰাখিছে ৷ এক প্ৰকাৰে পৰীক্ষাৰ অনিশ্চয়তাৰ মাজত সৃষ্টি হোৱা মানসিক চাপৰ পৰা মুক্ত কৰি ৰখাত একপ্ৰকাৰ সফল হৈছে এই ছাত্ৰগৰাকীয়ে । ভৱিষ্যতে অভিযন্তা হোৱাৰ বাসনা পুহি ৰখা চৈতন্যই ছবি অংকনৰ সাধনাও সমান্তৰালৈ চলাই নিব পাৰিব বুলি আশাবাদী ।

ছাত্ৰগৰাকীয়ে অংকন কৰা ছবিসমূহৰ সামাজিক মাধ্যমৰ জৰিয়তে বহুল জনপ্ৰিয়তা লাভ কৰিছে । যাক লৈ অনন্দিত চৈতন্য প্ৰতীমৰ অভিভাৱক ৷ চৈতন্যৰ অংকন শৈলীক বহু চিত্ৰ ৰসিকে প্ৰশংসাৰে উপচাই পেলাইছে ।

লগতে পঢ়ক: মোডী কেবিনেটত কোন মন্ত্ৰীৰ কি দপ্তৰ লাভ...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.