ETV Bharat / state

Children Drama at Kaliabor: কলিয়াবৰত এদল শিশুৰ নাট্যভিনয়ত মুগ্ধ দৰ্শক

author img

By

Published : Jul 24, 2022, 9:33 AM IST

কলিয়াবৰত গৰমৰ বন্ধত এদল কণ-কণ শিশুৰ নাট মঞ্চস্থৰে হাটবৰত যৱনিকা পৰিল শিশু নাট কৰ্মশালাৰ (Child Drama Workshop held in Puranigudam) । অঞ্চলটোৰ অন‍্যতম পুৰণি কলা-সাংস্কৃতিক অনুষ্ঠান হাটবৰ কেন্দ্ৰীয় নাট‍্য সমাজত এদল শিশুৰ নাট্যভিনয়ত মুগ্ধ হ'ল দৰ্শক । দুবছৰীয়া ক'ভিড পৰিস্থিতিৰ অন্তত এইবেলি পুনৰ শিশু নাট কৰ্মশালাৰ আয়োজন কৰিছিল হাটবৰ কেন্দ্ৰীয় নাট‍্য সমাজে ।

drama workshop at kaliabor
তিনিখনকৈ নাট মঞ্চস্থ সামৰণি অনুষ্ঠানত

কলিয়াবৰ,২৪ জুলাই : শিশুৰ আনুষ্ঠানিক শিক্ষাৰ লগতে মানসিক আৰু শাৰীৰিক উৎকৰ্ষ সাধনো আজিৰ প্ৰতিযোগিতামূলক জগতত অতিকৈ প্ৰয়োজন । সেই উদ্দেশ‍্য আজিৰ শিশুসকলক পঢ়া-শুনাৰ লগতে শাৰীৰিক আৰু মানসিক উৎকৰ্ষতাৰ বাবে অভিভাৱকসকলে ক্ৰীড়াৰ লগতে পৰিৱেশ‍্য কলাসমূহতো পাকৈত কৰি তুলিব বিচাৰে । বিদ‍্যালয়ৰ গতানুগতিক জীৱনৰ পৰা মুক্ত হৈ এমহীয়া গৰমৰ বন্ধতে শিশুসকলে এনেধৰণৰ শিক্ষা গ্ৰহণৰ সুবিধা লাভ কৰে ।

drama workshop at kaliabor
৫ জুলাইৰ পৰা অনুষ্ঠিত হৈছিল শিশু নাট কৰ্মশালাখনিৰ

এই ক্ষেত্ৰত শিশুৰ ব‍্যক্তিত্ব গঠনত শিশু নাট কৰ্মশালাসমূহে এক গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে । বিগত সময়ছোৱাত বিদ‍্যালয়ৰ গৰমৰ বন্ধৰ সময়তে কলিয়াবৰৰ কেইবাটাও সাংস্কৃতিক অনুষ্ঠানে শিশু নাট কৰ্মশালা আয়োজন কৰি আহিছে । কলিয়াবৰৰ অন‍্যতম পুৰণি কলা-সাংস্কৃতিক অনুষ্ঠান হাটবৰ নাট‍্য সমাজে দুবছৰীয়া ক'ভিড পৰিস্থিতিৰ অন্তত এইবেলিও যোৱা ৫ জুলাইৰ পৰা অনুষ্ঠিত হৈছিল শিশু নাট কৰ্মশালাৰ (Child Drama Workshop held in Puranigudam) ।

drama workshop at kaliabor
হাটবৰ কেন্দ্ৰীয় নাট‍্য সমাজৰ উদ্যোগত অনুষ্ঠিত হৈছিল কৰ্মশালাখনি

এইবাৰৰ কৰ্মশালাত কলিয়াবৰৰ ভিন্ন স্থানৰ মুঠ 58 গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে । বিশিষ্ট নাট‍্যকাৰ ভূপেন্দ্ৰনাথ হাজৰিকাৰ লগতে স্থানীয় উদীয়মান প্ৰশিক্ষিত নাট‍্যকৰ্মী প্ৰাঞ্জল মহন্ত, সঞ্জীৱ শইকীয়া, ঝুনাকংকন ভূঞা, পল্লৱপ্ৰাণ গোস্বমীসহ ভালেকেইগৰাকী প্ৰশিক্ষকে এই কৰ্মশালাত নাটকৰ 'অ আ ক খ'ৰ জ্ঞান দিয়ে । শনিবাৰে সামৰণি অনুষ্ঠানত কৰ্মশালাৰ শিশুসকলৰ দ্বাৰা তিনিখন নাট মঞ্চায়নৰে এই শিশু নাট কৰ্মশালাৰ অন্ত পৰে (Children Drama Workshop Ends) ।

drama workshop at kaliabor
চৌৱন্ন গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে কৰ্মশালাখনিত

অন্তিম দিনা শনিবাৰে নিশা নাটকৰ কৰ্মশালাৰ অন্তত শিশুসকলে মঞ্চস্থ কৰে তিনিখনকৈ নাটক অভং ৰজাৰ জ্ঞান লাভ, ৰচনা-পৰিচালনা পল্লৱপ্ৰাণ গোস্বামী, ৰং আহে পাহি মেলি, পৰিচালনা ঝুনাকংকন ভূঞা আৰু সেউজীয়া গাড়ী পৰিচালনা প্ৰাঞ্জল মহন্ত । তিনিওখন নাটকত শিশুসকলৰ অভিনয়ে মুগ্ধ কৰে কলিয়াবৰৰ দৰ্শকক ।

লগতে পঢ়ক: Child Drama Workshop: পুৰণিগুদামত কেন্দ্ৰীয় শিশু নাট কৰ্মশালাৰ সফল সামৰণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.