ETV Bharat / state

সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি চামগুৰিত পূৰ্ণদৈৰ্ঘ নাটক "বাক"

author img

By

Published : Oct 30, 2020, 11:52 AM IST

নাট্যনুৰাগী সকললৈ আশাৰ বতৰা ৷ সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি চামগুৰিত মঞ্চস্থ কৰা হ'ল নৰেন পাটগিৰি ৰচিত আৰু দীপক বৰা পৰিচালিত পূৰ্ণদৈৰ্ঘ নাটক "বাক" ৷

Drama performed in Chamaguri
সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি চামগুৰিত মঞ্চস্থ কৰা হ'ল পূৰ্ণদৈৰ্ঘ নাটক " বাক "

চামগুৰি,30 অক্টোবৰ: মহামাৰী কৰ'ণাৰ মাজতেই এটা ইতিবাচক খবৰে আশাৰ বতৰা কঢ়িয়াই আনিছে নাট্যানুৰাগী সকলৰ মাজলৈ ৷ মহামাৰীৰ ভয়াৱহতাৰ মাজতে সম্পূৰ্ণ ক'ভিড প্ৰটকল মানি নগাঁৱৰ পুৰণিগুদামত মঞ্চস্থ হ'ল এখন বিশেষ নাটক ৷ কৰ'ণা ভাইৰাছৰ ভয়াৱহতা বৃদ্ধি পোৱাৰ পাছৰে পৰা সমগ্ৰ দেশৰ লগতে অসমতো সম্পূৰ্ণ স্তব্ধ হৈ পৰিছিল সকলো সামাজিক-সাংস্কৃতিক অনুষ্ঠান ৷

কিন্তু শেহতীয়াকৈ নগাঁৱৰ পুৰণিগুদামৰ অবিনশ্বৰ গোষ্ঠীয়ে সম্পূৰ্ণ ক'ভিড প্ৰটকল মানি সীমিত সংখ্যক দৰ্শকৰ মাজত পুৰণিগুদামৰ ড৹ ভৱেন্দ্ৰনাথ নাথ শইকীয়া প্ৰেক্ষাগৃহত নৰেন পাটগিৰি ৰচিত আৰু দীপক বৰা পৰিচালিত পূৰ্ণদৈৰ্ঘ নাটক "বাক" প্ৰৰ্দশন কৰিলে । সম্পূৰ্ণ ক’ভিড প্ৰট'কল মানি, প্ৰেক্ষাগৃহত দৰ্শকে ব্যৱহাৰ কৰিলে মাস্ক আৰু চেনিটাইজাৰ; বজাই ৰাখিলে সামাজিক দূৰত্ব । উল্লেখ্য যে, চলিত বৰ্ষৰ এপ্ৰিল মাহতে মঞ্চস্থ কৰাৰ কথা আছিল যদিও মহামাৰীৰ ভয়াৱহতাৰ বাবে বহুকেইটা মাহ পিছুৱাই অৱশেষত আয়োজক মণ্ডলীয়ে মঞ্চস্থ কৰিলে এই বিশেষ নাটকখন।

লগতে পঢ়ক: ৰাজ্যত গোপনে চলিছে চুপাৰি ছিণ্ডিকেট !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.