ETV Bharat / state

জুৰীয়াত যৌতুকৰ বলি মেধাৱী ছাত্ৰী - assam news

পিতৃগৃহৰ পৰা যৌতুক হিচাপে ২ লাখ টকা আনিবৰ বাবে বিভিন্ন ধৰনে হেঁচা প্ৰয়োগ কৰাৰ পাচতো যৌতুকৰ টকা আনি নিদিয়াত স্বামী আৰু শাহুৱেকে হাত ভৰি বান্ধি বিষাক্ত দ্ৰব্য সেৱন কৰোৱাই হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ হালিমা খাতুনক ৷

জুৰীয়াত যৌতুকৰ বলি মেধাবী ছাত্ৰী
author img

By

Published : May 26, 2019, 10:26 PM IST

নগাঁও,২৬ মে': জুৰীয়াৰ এগৰাকী মেধাৱী ছাত্ৰীৰ কৰুণ কাহিনী । যৌতুকৰ বাবে হত্যাৰ চেষ্টা স্বামীৰ । গুৱাহাটী মেডিকেল কলেজ হাস্পতালত মৃত্যুৰ সৈতে যুঁজ ছাত্ৰী গৰাকীৰ । উল্লেখ্য যে, জুৰীয়াৰ শিঙাৰীৰ হালিমা খাতুন নামৰ ছাত্ৰী গৰাকীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে প্ৰথম বিভাগত উৰ্ত্তীণ হোৱাৰ লগতে সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাতো বিভিন্ন ধৰণৰ নিৰ্যাতনৰ সন্মুখীন হৈও দ্বিতীয় বিভাগত উৰ্ত্তীণ হৈছিল । কিন্তু এই গৰাকী ছাত্ৰীৰ জীৱনলৈ নামি আহিল কাল ধুমুহা । স্বামীৰ অত্যাচাৰত দিশহাৰা হোৱা ছাত্ৰী গৰাকীয়ে এতিয়া মৃত্যুৰ সৈতে যুঁজিছে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ।

জুৰীয়াত যৌতুকৰ বলি মেধাবী ছাত্ৰী

উল্লেখ্য যে, বিগত প্ৰায় 6 মাহ মান পূৰ্বে আনছাৰুল নামৰ প্ৰেমিকগৰাকীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল হালিমা খাতুন। বিয়াৰ তিনি-চাৰিমাহ মান পাচতেই স্বামী আনছাৰুলে যৌতুক বিচাৰি আৰম্ভ কৰিছিল শাৰীৰিক আৰু মানসিক নিৰ্যাতন ৷ পিতৃ গৃহৰ পৰা যৌতুক হিচাপে ২ লাখ টকা আনিবৰ বাবে বিভিন্ন ধৰনে হেঁচা প্ৰয়োগ কৰাৰ পাচতো যৌতুকৰ টকা আনি নিদিয়াত স্বামী আৰু শাহুৱেকে হাত ভৰি বান্ধি বিষাক্ত দ্ৰব্য সেৱন কৰোৱাই হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ হালিমা খাতুনক । ঘটনা সন্দৰ্ভত ভুক্তভোগীৰ পৰিয়ালে জুৰীয়া আৰক্ষী থানাত গোচৰ ৰুজু কৰে যদিও আৰক্ষীৰ তদন্ত লেহেমীয়া হোৱাৰ অভিযোগ উত্থাপিত কৰে পৰিয়ালে ।

Intro: জুৰীয়াৰ এগৰাকী মেধাৱী ছাত্ৰীৰ কৰুণ কাহিনী। যৌতুকৰ বাবে হত্যাৰ চেষ্টা স্বামীৰ
Body: জুৰীয়াৰ শিঙাৰীৰ এগৰাকী মেধাৱী ছাত্ৰীৰ কৰুণ কাহিনী।হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে প্ৰথম বিভাগত উৰ্ত্তীণ হোৱাৰ লগতে সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাতো বিভিন্ন ধৰনৰ নিৰ্যাতনৰ সন্মুখীন হৈও দ্বিতীয় বিভাগত উৰ্ত্তীণ হৈছিল ছাত্ৰী গৰাকী।কিন্ত্ত এই গৰাকী ছাত্ৰীৰ জীৱনলৈ নামি আহিল কাল ধুমুহা।নিজ স্বামীৰ অত্যাচাৰত দিশহাৰা হোৱা এই গৰাকী ছাত্ৰীয়ে এতিয়া গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত মৃত্যুৰ সৈতে যুজিঁ আছে। জুৰীয়াৰ নেচনেল জুনিয়ৰ কলেজত অধ্যয়ন কৰি থকা সময়তেই পথেৰে আহাযোৱা কৰোতেই ছাত্ৰী গৰাকীৰ সৈতে ভালপোৱাৰ সম্পৰ্ক গঢ়ি উঠিছিল দীঘলীআটি গাৱঁৰ আনছাৰুল নামৰ যুৱক জনৰ ৷ বিগত প্ৰায় 6 মাহ মান পূৰ্বে আনছাৰুলে বিভিন্ন ৰঙীণ সপোন দেখুৱাই পলুৱাই নিয়াৰ পিছত সামাজিক ভাবে বিয়া পাতিছিল হালিমা খাতুন নামৰ এই ছাত্ৰী গৰাকীক ৷ বিয়াৰ পিছত
তিনি চাৰিমাহ মান ভালেই গৈছিল যদিও পৰবৰ্তী সময়ত স্বামী আনছাৰুলে যৌতুক বিচাৰি আৰম্ভ কৰিছিল শাৰীৰিক আৰু মানসিক নিৰ্যাতন ৷ পিতৃ গৃহৰ পৰা যৌতুক হিচাপে ২ লাখ টকা আনিবৰ বাবে বিভিন্ন ধৰনে হেচা প্ৰযোগ কৰাৰ পিছতো যৌতুকৰ টকা আনি নিদিয়াৰ বাবেই স্বামী আৰু শাহুৱেকে হাত ভৰি বান্ধি বিষাক্ত দ্ৰব্য সেৱন কৰোৱাই হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ ছাত্ৰী গৰাকী তথা পৰিয়ালৰ ৷ সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যুৰ সৈতে যুজি থকা ছাত্ৰী গৰাকীৰ পৰিয়ালৰ লোকে জুৰীয়া আৰক্ষী থানাত ঘটনাসংক্ৰান্তত এক গোচৰ ৰুজু কৰিছে যদিও আৰক্ষীৰ তদন্ত লেহেমীয়া হোৱাৰ অভিযোগ উত্থাপিত কৰিছে পৰিয়ালে ৷
ৰূপহীহাটৰ পৰা উত্তম কুমাৰ বৰা Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.