ETV Bharat / state

মন্ত্ৰীৰ নিৰ্দেশক আওকাণ কৰি নিজ খুচি মতে কৰ্মত নিয়োজিত চিকিৎসক - জখলাবন্ধা গ্ৰাম‍্য চিকিৎসালয়

প্ৰায় ডেৰ বছৰ পূৰ্বে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাই ৰাজ্যৰ প্ৰতিখন জিলাৰ চিকিৎসালয়ত সংযোজিত (এটাষ্ট) হৈ থকা চিকিৎসক সকলক নিজ চিকিৎসালয়ত পুনৰ যোগদানৰ নিৰ্দেশ জাৰি কৰিছিল । তাৰ পাছতো একাংশ চিকিৎসকে ৰাজ্যিক মন্ত্ৰী গৰাকীৰ নিৰ্দেশ পালন নকৰাৰ অভিযোগ উত্থাপিত হৈছে ।

A_KLBR_doctor-of-jakhalabandha-fru-is-on-duty-at-nilbagan_vis_ASC10014
মন্ত্ৰীৰ নিৰ্দেশক আওকাণ কৰি নিজ খুচি মতে কৰ্মত নিয়োজিত চিকিৎসক
author img

By

Published : Feb 22, 2021, 12:31 PM IST

কলিয়াবৰ, 22 ফেব্ৰুৱাৰী: ধোঁৱাচাঙত উঠিল ৰাজ্যিক স্বাস্থ্যমন্ত্ৰীৰ নিৰ্দেশনা ৷ মন্ত্ৰীৰ নিৰ্দেশক আওকাণ কৰি নিজ খেয়াল-খুচি মতে জখলাবন্ধা গ্ৰাম‍্য চিকিৎসালয় নিয়োজিত চিকিৎসক আজিজুৰ ৰহমান কৰ্মৰত হৈ আছে নীলবাগানস্থিত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ৷

প্ৰায় ডেৰ বছৰ পূৰ্বে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাই ৰাজ্যৰ প্ৰতিখন জিলাৰ চিকিৎসালয়ত সংযোজিত (এটাষ্ট) হৈ থকা চিকিৎসক সকলক নিজ চিকিৎসালয়ত পুনৰ যোগদানৰ নিৰ্দেশ জাৰি কৰিছিল । তাৰ পাছতো একাংশ চিকিৎসকে ৰাজ্যিক মন্ত্ৰী গৰাকীৰ নিৰ্দেশ পালন নকৰাৰ অভিযোগ উত্থাপিত হৈছে ।

ডাঃ খেমন্ত শইকীয়াৰ ভাষ্য

প্ৰাপ্ত তথ্য অনুসৰি নগাঁও জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়ৰ অন্তৰ্গত জখলাবন্ধা গ্ৰাম‍্য চিকিৎসালয়ত কৰ্মৰত আয়ুৰ্বেদিক বিভাগৰ চিকিৎসক আজিজুৰ ৰহমানে দীৰ্ঘদিন ধৰি সংযোজিত হৈ আছে হোজাই জিলাৰ নীলবাগানস্থিত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ।

জখলাবন্ধা গ্ৰাম‍্য চিকিৎসালয়ত চিকিৎসকৰ অভাৱত সাধাৰণ দুখীয়া শ্ৰেণীৰ লোকে বিষম সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে যদিও উৰ্ধতন কৰ্তৃপক্ষৰে মিতিৰালি কৰি নিজৰ প্ৰভূত্ব খটুৱাই হোজাইৰ নীলবাগানৰ মহাত্মা গান্ধী মডেল আদৰ্শ চিকিৎসালয়তে কৰ্মৰত হৈ থকা ঘটনাক সহজ ভাৱে মানি ল'ব পৰা নাই কলিয়াবৰৰ ৰাইজে ।

A_KLBR_doctor-of-jakhalabandha-fru-is-on-duty-at-nilbagan_vis_ASC10014
চিকিৎসক আজিজুৰ ৰহমান

আনহাতে, নীলবাগানৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়তো চিকিৎসকজনে অৰাজকতাৰ সৃষ্টি কৰি আহিছে বুলি অভিযোগ নীলবাগানৰ সচেতন মহলৰ । এই ক্ষেত্ৰত স্থায়ী চিকিৎসকৰ অভাৱত ভাৰাক্ৰান্ত জখলাবন্ধা গ্ৰম‍্য চিকিৎসালয়ৰ অধীক্ষক ডাঃ খেমন্ত শইকীয়াও স্বাস্থ্য বিভাগৰ উৰ্ধতন মহলৰ কাৰ্য‍ত অসহায় হৈ পৰিছে ।

এসময়ত ৰাজ‍্যিক স্বাস্থ‍্যমন্ত্ৰী পীযুষ হাজৰিকাই পৰিদৰ্শন কৰি সন্তুষ্টি প্ৰকাশ কৰা চিকিৎসালয়খনৰ আভ‍্যন্তৰীণ বেমেজালি নিৰাময়ৰ আশা প্ৰকাশ কৰিছে স্থানীয় সচেতন মহলে । উৰ্ধতন কৰ্তৃপক্ষক ব‍্যৱহাৰ কৰি ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীৰ নিৰ্দেশক কেৰেপ নকৰা বহুবল্কি চিকিৎসক গৰাকীৰ বিৰুদ্ধে স্বাস্থ্যবিভাগে কি ব্যৱস্থা লয় সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক-ন ৰূপত উজলিছে নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.