ETV Bharat / state

Ogran trafficking : ভূৱা পৰিচয়ৰে কিডনী সৰবৰাহত জড়িত চিকিৎসক গ্ৰেপ্তাৰ

author img

By

Published : Nov 14, 2021, 11:48 AM IST

কিডনী সৰবৰাহ(Ogran trafficking)ত জড়িত চিকিৎসকক গ্ৰেপ্তাৰ ৷ দীৰ্ঘদিনে ভূৱা পৰিচয়েৰে মহানগৰীৰ এজাইল হাস্পতাল(agile hospital)ত কাম কৰি আহিছিল মুম্বাইৰ ডাঃ অক্ষয় সন্তোষ ৰাৱট ওৰফে ডাঃ ৰিচাৰ্ড আব্ৰাহাম লৰেঞ্চ নামৰ চিকিৎসকগৰাকীয়ে ৷ দিশপুৰ আৰক্ষী(Dispur Police)ৰ অভিযানত পোহৰলৈ আহে এই কথা ৷

Ogran trafficking
ভূৱা পৰিচয়ৰে কিডনী সৰবৰাহত জড়িত চিকিৎসক গ্ৰেপ্তাৰ

গুৱাহাটী, ১৪ নৱেম্বৰ : বিগত কিছুদিন ধৰি কিডনী সৰবৰাহ(Ogran trafficking)ৰ ঘটনাই তোলপাৰ লগাই আছে সমগ্ৰ ৰাজ্যত ৷ সংবাদ মাধ্যমৰ ধাৰাবাহিক প্ৰতিবেদনত প্ৰকাশ পাইছিল এই ব্যৱসায়ৰে জড়িত পূৰ্বে প্ৰকাশ নোহোৱা কেতবোৰ তথ্য ৷ তাৰ ভিত্তিত চলিছিল আৰক্ষী(Dispur Police)ৰ অভিযান ৷ এই অভিযানত পোহৰলৈ আহে কিডনী ব্যৱসায়(Ogran trafficking)ৰে জড়িত কেতবোৰ ভয়ংকৰ সত্য ৷

বিশেষকৈ মৰিগাঁও জিলা(Morigaon District)ৰ ধৰমতুল অঞ্চলটো কিডনী ব্যৱসায়ৰ ঘাটি বুলি প্ৰকাশ পায় ৷ তদুপৰি এই ব্যৱসায়ত জড়িত বহুকেইজন দালালৰ নাম প্ৰকাশ কৰে আৰক্ষীয়ে ৷ অৰ্থাৎ আৰক্ষী, সচেতন লোকৰ অজ্ঞাতে একমাত্ৰ দৰিদ্ৰতাৰ সুযোগ গ্ৰহণ কৰি ধৰমতুল(Dharamtul)ৰ পৰা একাংশ দালালে দীৰ্ঘদিনে চলাই আহিছিল কিডনী ব্যৱসায়ৰ ছিণ্ডিকেট চক্ৰ ৷

লগতে চাওক: কি‌য় কিডনী বিক্ৰী নকৰি কলকাতাৰ পৰা উভতি আহিছিল কাঠমিস্ত্ৰী বৈৰাগী ?

অৱশেষত কিডনী ব্যৱসায়(Ogran trafficking)ৰে জড়িত এজন চিকিৎসকক শনিবাৰে গ্ৰেপ্তাৰ কৰে দিছপুৰ আৰক্ষী(Dispur Police)য়ে ৷ ধৃত চিকিৎসকগৰাকী মুম্বাইৰ ডাঃ অক্ষয় সন্তোষ ৰাৱট ওৰফে ডাঃ ৰিচাৰ্ড আব্ৰাহাম লৰেঞ্চ বুলি জানিব পৰা গৈছে ৷ আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, কিছুদিন পূৰ্বে মহানগৰীৰ পৰা যুৱতী অপহৰণৰ এটা গোচৰ সংক্ৰান্তত সোধা-পোছাৰ বাবে থানালৈ মতা হৈছিল চিকিৎসকগৰাকীক ৷

গুৱাহাটীৰ জয়ানগৰ(Jayanagar guwahati) চাৰিআলিস্থিত এজাইল হাস্পতাল(agile hospital)ত ২০২০ চনৰ পৰা ডাঃ ৰাৱটে ৰিচাৰ্ড আব্ৰাহাম লৰেঞ্চ নামেৰে ভূৱা পৰিচয় প্ৰদান কৰি শৈল্য চিকিৎসক(surgery specialist) হিচাপে কৰ্মৰত আছিল ৷ আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত লাভ কৰা তথ্য অনুসৰিয়ে শুকুৰবাৰে নিশা হাতীগাঁৱ(Hatigaon)ৰ পৰা চিকিৎসকজনক মাতি আনি জেৰা চলায় ৷

উক্ত জেৰাতে প্ৰকাশ পায় চিকিৎসকগৰাকী কিডনী সৰবৰাহকাৰী(Ogran trafficking)ৰ লগত জড়িত থকাৰ কথা ৷ উত্তৰাখণ্ড, মহাৰাষ্ট্ৰকে ধৰি কেইবাখনো ৰাজ্যৰ আৰক্ষীয়ে দীৰ্ঘদিন ধৰি সন্ধান অব্যাহত ৰাখিছিল চিকিৎসকগৰাকীৰ ৷

ডাঃ ৰাৱটৰ বিৰুদ্ধে মুম্বাইৰ লগতে ডেৰাডুনতো কেইবাটাও গোচৰ ইতিমধ্যে ৰুজু হৈ আছে ৷ সকলো কথা পোহৰলৈ অহাৰ পিছতে দিছপুৰ আৰক্ষী(Dispur Police)য়ে ৰাৱটক গ্ৰেপ্তাৰ কৰি শনিবাৰে আদালতত হাজিৰ কৰোৱায় ৷ পৰৱৰ্তী সময়ত উত্তৰাখণ্ড আৰক্ষীয়ে ভূৱা পৰিচয়েৰে অসমত চিকিৎসা প্ৰদান কৰি থকা চিকিৎসকগৰাকীক উত্তৰাখণ্ডলৈ লৈ যায় ৷

লগতে চাওক: দেহৰ অংগ প্ৰদানৰ বিনিময়ত প্ৰতাৰণাৰ বলি !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.