নগাঁও,20 এপ্ৰিল: ৰাজ্য়ত দিনকদিনে বৃদ্ধি পাইছে ক’ৰণা আক্ৰান্তৰ সংখ্যা । শেহতীয়াকৈ ক'ভিডৰ প্ৰতিষেধক লোৱাৰ পাছতো আক্ৰান্ত হৈছে এজন চিকিৎসক ৷ উল্লেখযোগ্য় যে, চিকিৎসকজন নগাঁৱৰ কচুৱা মডেল হাস্পতালৰ অধ্যক্ষ প্ৰদীপ কুমাৰ বৰা ৷
ক'ভিডৰ দুপালিকৈ প্ৰতিষেধক লোৱাৰ পাছতো কৰ’ণাত আক্ৰান্ত হৈছে চিকিৎসকজন ৷ চিকিৎসালয়খনতে কৰা পৰীক্ষাত নাৰায়ণ মল্লিক নামৰ আন এজন ব্যক্তিৰ দেহতো ধৰা পৰিছে ভাইৰাছবিধৰ উপস্থিতি ৷ জানিব পৰা মতে, আক্ৰান্ত চিকিৎসকজনক হোম কোৱাৰেণ্টাইনত ৰখাৰ লগতে আনজন ৰোগীক প্ৰেৰণ কৰা হৈছে নগাঁৱৰ ক'ভিড চিকিৎসালয়লৈ ৷
লগতে পঢ়ক : অশোকাষ্টমী মেলাত ধোঁৱাচাঙত উঠিল ক’ভিড প্ৰটকল