ETV Bharat / state

PWD Road Construction : কলিয়াবৰত গড়কাপ্তানি পথ নিৰ্মাণত অসন্তুষ্টি - air pollution at Kaliabor

কলিয়াবৰত সাপ্তাহিক বজাৰৰ দিনত গড়কাপ্তানি পথ নিৰ্মাণক লৈ অসন্তুষ্টি (dissatisfaction over PWD road construction at Kaliabor) । কুঠৰীৰ সাপ্তাহিক বজাৰ বহাৰ দিনটোতে পথ নিৰ্মাণ কাৰ্য‍ত তীব্ৰ অসন্তুষ্টি ।

PWD Road Construction
PWD Road Construction
author img

By

Published : Apr 28, 2023, 2:13 PM IST

কলিয়াবৰত গড়কাপ্তানি পথ নিৰ্মাণত অসন্তুষ্টি

কলিয়াবৰ, ২৮ এপ্ৰিল : কলিয়াবৰৰ ৩৭ নং পথৰ পৰা বজাৰমুখী গড়কাপ্তানি পথটোৰ নিৰ্মাণ কাৰ্য চলি আছে (PWD road construction at Kaliabor) । কিন্তু এই পথটো নিৰ্মাণত অসন্তুষ্টি প্ৰকাশ কৰিছে অঞ্চলটোৰ ৰাইজে । কিয়নো কলিয়াবৰৰ কুঠৰীত শুকুৰবাৰে বহে সাপ্তাহিক বজাৰ । এই সাপ্তাহিক বজাৰৰ দিনটোতে পথ নিৰ্মাণ কাৰ্য চলোৱাৰ ফলত যাতায়াতত সমস‍্যা হৈছে গ্ৰাহক-ব‍্যৱসায়ীসকলৰ (dissatisfaction over PWD road construction at Kaliabor) ।

নিৰ্মাণ কাৰ্যৰ বাবে অঞ্চলটোত এক ধুঁৱলি-কুঁৱলি পৰিৱেশৰ সৃষ্টি হৈছে । ধোঁৱা-ধূলিৰে বিয়পি পৰিছে চৌদিশ । ফলত তীব্ৰ বায়ু প্ৰদূষণৰ সৃষ্টি হৈছে অঞ্চলটোত (air pollution at Kaliabor) । যাৰ বাবে সমস‍্যাৰ সৃষ্টি হৈছে সকলোৰে । লোক নিৰ্মাণ বিভাগৰ কলিয়াবৰ গ্ৰাম‍্য পথ সংমণ্ডলৰ অন্তৰ্গত কুঠৰীৰ পৰা কাৰ্বি আংলঙৰ এই পথছোৱা নিৰ্মাণৰ এই ব্যৱস্থাই স্থানীয় ৰাইজ আৰু ব‍্যৱসায়ীসকলক ক্ষোভিত কৰি তুলিছে । স্থানীয় ৰাইজৰ মন্তব্য, পথ নিৰ্মাণ বা মেৰামতি অতি গুৰুত্বপূৰ্ণ বিষয়, তাত ৰাইজৰ আপত্তি কৰাৰ থল নাই ।

লগতে পঢ়ক :Agriculture revolution: এগৰাকী অৱসৰী শিক্ষকে আৰম্ভ কৰিছে কৃষি বিপ্লৱ

কিন্তু পথ এটা নিৰ্মাণ বা মেৰামতি কৰোঁতে স্থানীয় ৰাইজৰ সুবিধা-অসুবিধাৰ প্ৰতি সংশ্লিষ্ট বিভাগ অথবা ঠিকাদাৰে গুৰুত্ব দিয়াটো অন‍্যতম প্ৰয়োজনীয় বিষয় বুলি স্থানীয় ৰাইজে অনুভৱ কৰিছে । আনহাতে, পথটো কাৰ্পেটিং কৰি যোৱাৰ পাচত এক নিৰ্দিষ্ট সময়ৰ বাবে যান-বাহনৰ অহা-যোৱা নিষেধ যদিও আজি বজাৰৰ দিন হোৱা বাবে সেইটো সম্ভৱ হৈ উঠা নাই । ফলত পথটোৰ কামৰ মানদণ্ডৰ ওপৰত প্ৰশ্ন উঠিছে (poor PWD road construction at Kaliabor) । এনে বিসংগতিপূৰ্ণ কামৰ বাবে পথটো অতি কম দিনৰ ভিতৰতে যাতায়াতৰ অনুপযোগী হোৱাৰো আশংকা কৰিছে স্থানীয় ৰাইজে ।

উল্লেখ্য যে লোক নিৰ্মাণ বিভাগৰ পথ নিৰ্মাণ কাৰ্যত বহু সময়ত বিভিন্ন অভিযোগ উত্থাপন হৈ আহিছে । নিৰ্দিষ্ট নীতি-নিয়ম পালন নকৰাকৈ পথ নিৰ্মাণৰো অভিযোগ সময়ে সময়ো উত্থাপন হৈ আহিছে ।

লগতে পঢ়ক :Bodofa super 50 mission : বিটিআৰৰ শিক্ষাৰ্থীসকললৈ সুখবৰ; 50 গৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিব বিনামূলীয়া নীট কোচিং

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.